ETV Bharat / sukhibhava

Sawan 2023: এইবাৰ শাওন আৰু মলমাহৰ বিৰল সংমিশ্ৰণ; মহাদেৱ বিষ্ণুক একেলগে পূজা কৰিলে হ’ব এই লাভ

author img

By

Published : Jul 24, 2023, 1:00 PM IST

এইবাৰ শাওন মাহত পৰিছে মলমাহ, যাৰ হিন্দু ধৰ্মত বিশেষ গুৰুত্ব আছে । য'ত শাওনত ভগৱান শিৱৰ পূজাৰ গুৰুত্ব আছে, কিন্তু এইবাৰ শাওন আৰু মলমাহৰ অদ্ভুত সংমিশ্ৰণৰ বাবে এইবাৰ ভগৱান বিষ্ণু আৰু মহাদেৱৰ একেলগে পূজা কৰা হ’ব ।

This time a rare combination of Sawan and malmas, Shankar-Vishnu will be worshiped together
এইবাৰ শাওন আৰু মল মাহৰ বিৰল সংমিশ্ৰণ

হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ তাৎপৰ্য তথা গুৰুত্ব আছে । এই মাহটো ভগৱান শিৱৰ প্ৰিয় মাহ । একে সময়তে এইবাৰ শাওন মাহত মলমাহ পৰিছে ৷ যাক পুৰুষোত্তম মাহ বুলিও কোৱা হয় । ইফালে এইবাৰ শাওন আৰু মলমাহৰ অদ্ভুত সংমিশ্ৰণৰ বাবে এইবাৰ ভগৱান বিষ্ণু আৰু মহাদেৱৰ একেলগে পূজা কৰা হ’ব ।

০৪ জুলাইৰ পৰা আৰম্ভ হোৱা শাওন মাহ ৩১ আগষ্টত শেষ হ’ব । শাওনৰ মাজভাগত ১৮ জুলাইৰ পৰা ১৬ আগষ্টলৈ থাকিব মলমাহ থাকিব । ভগৱান শিৱৰ পূজাৰ বাবে শাওন মাহটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাৰ বিপৰীতে এই মাহত যদি কোনো ব্যক্তিয়ে সঁচা অন্তৰেৰে বিষ্ণুক যদি পূজা কৰে তেন্তে তেওঁৰ সকলো মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয় ।

এই মাহটোক পুৰুষোত্তম মাহ নামেৰেও জনা যায় । এই মাহতে যদি ভগৱান বিষ্ণুৰ কিছুমান অমোঘ মন্ত্ৰ জপ কৰা হয়, তেন্তে ভগৱান বিষ্ণু অতি সন্তুষ্ট হয় আৰু ভক্তৰ সকলো দুখ কষ্ট দূৰ হয় বুলি বিশ্বাস কৰা হয় ৷

শাওনত মলমাহৰ তাৎপৰ্য

পঞ্চাংগৰ মতে, প্ৰতি তিনি বছৰৰ মূৰে মূৰে মল মাহ লাগে । কিন্তু এইবাৰ ১৯ বছৰৰ পাছত এনে এক বিৰল কাকতলীয় ঘটনা ঘটিছে । মলমাহৰ বাবে এইবাৰ শাওন মাহত শিৱৰ পূজাৰ গুৰুত্বও দুগুণ বৃদ্ধি হৈছে । ইয়াৰ কাৰণ হ’ল শাওনত মলমাহ থকাৰ বাবে শাওন দুমহীয়া হ’ব আৰু ৮টা শাওন সোমবাৰ পৰিব ।

এনে পৰিস্থিতিত ভগৱান শিৱৰ পূজা সম্পূৰ্ণ দুমাহ কৰিব পাৰি । এই সময়ছোৱাত ভক্তসকলে ভগৱান শিৱৰ দুগুণ আশীৰ্বাদ লাভ কৰিব । এই কাৰণেই শাওন মাহত মলমাহ হোৱাৰ বাবে শাওনৰ গুৰুত্ব দুগুণে বাঢ়িছে, আৰু শাওন মাহত মলমাহৰ আৱিৰ্ভাৱৰ বাবে চতুৰ্মাহৰ সময়ো চাৰি মাহৰ পৰা পাঁচ মাহলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: Sawan Shaniwar: শনি দেৱক সন্তুষ্ট কৰিবলৈ অৱলম্বন কৰক কেৱল মাত্ৰ এইকেইটা উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.