ETV Bharat / sukhibhava

Blood Clots: তেজ গোট মাৰিলে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ

তেজ গোট মৰাটো কেতিয়াবা বিপদজনক হ’বও পাৰে ৷ ৰক্ত নলীবোৰত তেজ গোট মৰাৰ বাবে অংগবোৰে পৰ্যাপ্ত তেজ নাপায় ৷ শৰীৰৰ কেতবাৰ অংশত তেজ জমা হ'লে ই আপোনাৰ জীৱনলৈ ভয়াৱহ বিপদ মাতিব পাৰে ৷ আজি এই বিষয়ে সবিশেষ জানো আহক-

These are the signals the body gives when blood clots occur
তেজ গোট মাৰিলে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 5:36 PM IST

তেজ জমা হ’লে তেজ তৰল পদাৰ্থৰ পৰা জেললৈ পৰিৱৰ্তিত হ’বলৈ আৰম্ভ কৰে, য’ত তেজ জমা হোৱাৰ দৰে দেখা যায় । ইয়াক থ্ৰম্ব’ছিছ বুলিও কোৱা হয় । আঘাত পালে বা কাটিলে তেজ জমা হোৱাটো প্ৰয়োজনীয় কাৰণ ইয়াৰ ফলত শৰীৰৰ পৰা অত্যধিক ৰক্তক্ষৰণ ৰোধ হয়, সেয়ে তেজ গোট মৰাটো স্বাভাৱিকতে ভাল বুলিয়েই গণ্য কৰা হয় ৷ কিন্তু শৰীৰৰ ভিতৰৰ শিৰাত যেতিয়া ই জমা হ’বলৈ আৰম্ভ কৰে তেতিয়া ই বিপদজনক হৈ পৰে । শিৰাত তেজ জমা হোৱাটো অতিকৈ বিপদজনক । ইয়াৰ বাবে হাৰ্ট এটেক আৰু হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি পায় ৷

তেজ গোট মৰাটো কেতিয়াবা বিপদজনক হ’বও পাৰে ৷ ৰক্ত নলীবোৰত তেজ গোট মৰাৰ বাবে অংগবোৰে পৰ্যাপ্ত তেজ নাপায় ৷ শৰীৰৰ কেতবাৰ অংশত তেজ জমা হ'লে ই আপোনাৰ জীৱনলৈ ভয়াৱহ বিপদ মাতিব পাৰে ৷ আজি এই বিষয়ে সবিশেষ জানো আহক-

হাঁওফাঁও

হাঁওফাঁওত তেজ গোট মৰাৰ ফলত হৃদস্পন্দন দ্ৰুত হোৱাৰ লগতে কাহ মাৰিলে তেজ ওলায় তথা উশাহ লোৱাত অসুবিধা হয় ৷ সেয়েহে, যদি আপোনাৰ এনে কিবা লক্ষণে দেখা দিয়ে, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব ৷ কিয়নো আপোনাৰ সামান্য অৱহেলাই এই ৰোগ বৃদ্ধিত অৰিহণা যোগাব পাৰে ৷

হৃদযন্ত্ৰ

হৃদযন্ত্ৰত তেজ গোট মৰাৰ ফলত আপুনি হাঁওফাঁওত তেজ গোট মৰাৰ দৰে লক্ষণ অনুভৱ কৰিব পাৰে ৷ তদুপৰি আপুনি বুকুৰ বিষ, ওকট-পাকট লগা আৰু বমি অহাও অনুভৱ কৰিব পাৰে ৷

মগজু

মগজুত তেজ গোট মৰাটো অতি ভয়াৱহ ৷ দৰাচলতে, তেজৰ পৰা অক্সিজেন লাভ নকৰিলে মগজুৰ কোষবোৰ মিনিটতে মৰিবলৈ আৰম্ভ কৰে ৷ মগজুত তেজ গোট মাৰিলে মূৰৰ চূড়ান্ত বিষ, বিভ্ৰান্তি, চিজাৰ, কথা কোৱাত সমস্যা আৰু মুৰৰ এটা অংশ দুৰ্বল হৈ পৰিব পাৰে ৷

পেট

পাকস্থলী আৰু খাদ্যনলীত তেজ গোট মৰাৰ ফলত তেজ বমি কৰিব হোৱাৰ লগতে শৌচৰ লগত তেজ বাহিৰ হ'ব পাৰে ৷

বৃক্ক

বৃক্কৰ তেজ গোট মাৰিলে তেতিয়ালৈকে ধৰা নপৰে যেতিয়ালৈকে ইয়াৰ টুকুৰা এটা ভাঙি হাঁওফাঁওত লাগি নধৰে ৷ সাধাৰণতে বৃক্কত তেজ গোট মৰা সমস্যা শিশুৰ ক্ষেত্ৰত অধিক দেখা যায় ৷ ইয়াৰ ফলত ওকালি অহা, জ্বৰ আৰু বমিৰ লগতে প্ৰস্ৰাৱত তেজ ওলাব পাৰে ৷সেয়েহে এনেধৰণৰ লক্ষণ দেখিলে শীঘ্ৰেই বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী ৷

লগতে পঢ়ক: Dengue Cases in Assam: শিশুৰ দেহত এই লক্ষণ দেখিলে তৎক্ষণাত গ্ৰহণ কৰক চিকিৎসকৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.