ETV Bharat / sukhibhava

Teachers Day 2023: শিক্ষক দিৱসত এই পদ্ধতিৰে আপোনাৰ শিক্ষাগুৰুসকলক বিশেষ অনুভৱ কৰাওক

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 11:54 AM IST

Updated : Sep 5, 2023, 12:49 PM IST

শিক্ষক দিৱস উপলক্ষে আপুনিও আপোনাৰ শিক্ষাগুৰুসকলৰ বাবে আজিৰ দিনটো এনেদৰে বিশেষ কৰি তুলিব পাৰে ৷ সবিশেষ পঢ়ক...

Teacher's Day 2023
শিক্ষক দিৱসত এই পদ্ধতিৰে আপোনাৰ শিক্ষাগুৰুসকলক বিশেষ অনুভৱ কৰাওক

প্ৰতিবছৰে সমগ্ৰ দেশতে শিক্ষক দিৱস অতি ধুমধামেৰে পালন কৰা হয় ৷ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী শিক্ষক, পণ্ডিত আৰু দাৰ্শনিক ৷ এই দিৱস শিক্ষকসকলৰ বাবে উৎসৰ্গা কৰা হৈছে ৷ আজিৰ দিনটোতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰে ৷ সমগ্ৰ দেশৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই দিৱস অতি বিশেষভাৱে পালন কৰা হয় ৷

এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলেও ভাষণ প্ৰদান কৰে ৷ শিক্ষকলৈ বিভিন্ন উপহাৰ আগবঢ়ায় ৷ সেয়ে আজি শিক্ষক দিৱস উপলক্ষে আপুনিও আপোনাৰ শিক্ষকসকলৰ বাবে এই দিনটোক আৰু অধিক বিশেষ কৰি তুলিবলৈ কিছু ধাৰণা আগবঢ়োৱা হ’ল ৷ শিক্ষকসকলক অনুসৰণ কৰিও আপুনি আপোনাৰ শিক্ষকসকলক বিশেষ অনুভৱ কৰাব পাৰে ৷

ধন্যবাদ টোকা

আপোনাৰ জীৱন সলনি কৰাৰ ক্ষেত্ৰত আপোনাৰ শিক্ষাগুৰুৱে কেনেধৰণে অৰিহণা আছে, তেওঁ আপোনাৰ জীৱনটো কেনেকৈ উন্নত কৰি তুলিছে এই আটাইবোৰৰ বিষয়ে আপুনি আপোনাৰ শিক্ষকৰ বাবে এটি টোকা লিখিব পাৰে ৷ এই শিক্ষক দিৱসত আপোনাৰ শিক্ষকক কওক যে তেওঁৰ শিক্ষণৰ বাবে আপুনি কিমান কৃতজ্ঞ ৷ তেওঁলোকে আপোনাৰ বাবে জীৱনৰ পথ প্ৰশস্ত কৰাত কেনেকৈ সহায় কৰিছে ? এই আটাইখিনি আপুনি সেই টোকাত লিখি আপোনাৰ শিক্ষকসকলক আগবঢ়াব পাৰে ৷

ধন্যবাদ ভিডিঅ'

যদি আপুনি এক বেলেগ ধৰণে আপোনাৰ শিক্ষাগুৰুক শিক্ষক দিৱসৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে আপুনি এটা ধন্যবাদ ভিডিঅ' বনাব পাৰে ৷ আপুনি সেইটো বনাবলৈ কিছু কষ্টৰ প্ৰয়োজন হ’ব পাৰে ৷ কিন্তু এইটো দেখাৰ পিছত আপোনাৰ শিক্ষকসকলৰ মন ভৰি পৰিব ৷ আমাৰ সকলোৰে বিভিন্ন চহৰ আৰু দেশত বাস কৰা শিক্ষক আছে ৷ ডাঙৰ হৈ আমি আমাৰ ঠাইবোৰ সলনি কৰিলোঁ ৷

কৰ্মসংস্থাপনৰ বাবেই হওক বা অন্য কোনো কাৰণতেই হওক আমি বহিঃৰাজ্যত বাস কৰো ৷ ইয়াৰ বাবেই আমাৰ জীৱনৰ শিক্ষকসকলৰ সৈতেও যোগাযোগ হেৰুৱাই পেলাইছো ৷ সেয়ে এইবাৰৰ শিক্ষক দিৱসত এটা ভিডিঅ' তৈয়াৰ কৰক ৷ ইয়াত আপোনাৰ শিক্ষকৰ সৈতে আপোনাৰ শ্ৰেষ্ঠ স্মৃতিৰ বিষয়ে উল্লেখ কৰক ৷ তেওঁলোকে প্ৰদান কৰা অমূল্য শিক্ষাৰ বাবে ধন্যবাদ জনাওক ৷

মেমৰি বুক তৈয়াৰ কৰক

শিক্ষকৰ উত্তম স্মৃতি সংকলন কৰি আপুনি এখন স্মৃতিগ্ৰন্থ তৈয়াৰ কৰিব পাৰে ৷ শিক্ষক দিৱসৰ দিনা আপোনাৰ শিক্ষকক এই গ্ৰন্থ আগবঢ়াব পাৰে ৷

লগতে পঢ়ক: Coconut Water for Hair: কেৱল তেলেই নহয় চুলিৰ অধিক উপকাৰী নাৰিকলৰ পানী, এনেদৰে কৰক ব্যৱহাৰ

Last Updated : Sep 5, 2023, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.