ETV Bharat / sukhibhava

কৰ্কট ৰোগ সন্দৰ্ভত টাটা কেন্সাৰ হাস্পতালৰ গুৰুত্বপূৰ্ণ পদক্ষেপ - টাটা কেন্সাৰ হাস্পতাল

AI can detect cancer: ভাৰতত ১০ বছৰত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা দুগুণ হোৱাৰ সম্ভাৱনা আছে । ভাৰতৰ সৰ্ববৃহৎ কৰ্কট চিকিৎসালয়খনে ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ সহায়ত আগতীয়াকৈ ধৰা পেলাব পৰা যাব কৰ্কট ৰোগ ৷

Tata Cancer Hospital teaches AI how to detect cancer
এআইৰ সহায়ত কেন্সাৰৰ দৰে বিপজ্জনক ৰোগ ধৰা পেলাব পৰা যাব
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 11:30 AM IST

বৰ্তমান সময়ত যিমানেই মানুহ আধুনিক প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰশীল হৈছে, সিমানেই কিন্তু বাঢ়ি গৈছে বিভিন্ন ৰোগ ৷ কিন্তু ৰোগবোৰৰ ভিতৰত আটাইতকৈ বেয়া ৰোগ হৈছে কৰ্কট ৰোগ ৷ কাৰণ বহু কৰ্কট ৰোগৰ এতিয়াও কোনো চিকিৎসা ওলোৱা নাই ৷ যাৰ বাবে ই মানুহৰ বাবে অতি বিপদজনক ৷ এতিয়া ভাৰতৰ সৰ্ববৃহৎ কৰ্কট চিকিৎসালয় মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালে এই সন্দৰ্ভত এটা বিশেষ পদক্ষেপ লৈছে । কৃত্ৰিম বুদ্ধিমত্তা (AI)ক কৰ্কট ৰোগ কেনেকৈ আগতীয়াকৈ ধৰা পেলাব পাৰি তাৰ বাবে প্ৰশিক্ষণ দিয়া আৰম্ভ হৈছে । চিকিৎসকে কয় যে এই ধৰা পেলোৱা সঁজুলিটোৱে অপ্ৰয়োজনীয় কেমোথেৰাপিৰ পৰাও হাত সাৰিবলৈ সহায় কৰিব ।

AI ৰ জৰিয়তে সহজে ধৰা পেলাব পাৰিব কৰ্কট ৰোগ

AI ক্ৰমান্বয়ে আমাৰ জীৱনৰ প্ৰতিটো দিশত প্ৰভাৱ পেলাইছে । এই কাৰণেই ই জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ডাঙৰ পৰিৱৰ্তন আনিছে । ব্ৰিটেইনৰ নেশ্যনেল ইনষ্টিটিউট ফৰ হেল্থ এণ্ড কেয়াৰ ৰিচাৰ্চ (এন আই এইচ আৰ)ৰ মতে, AI ৰ সহায়ত ৰোগৰ পৰীক্ষা আৰু চিকিৎসা দুয়োটা সহজে ধৰা পেলাব পাৰি । AI ৰ জৰিয়তে কোনখন চিকিৎসালয়ত কিমান বিচনা বাকী আছে সেইটোও জানিব পাৰিব । AI ৰ জৰিয়তে স্তন পৰীক্ষা আৰু ৰেডিঅ’লজিষ্টৰ কাম আধালৈ হ্ৰাস হ’ব ।

এন আই এইচ আৰৰ প্ৰতিবেদন অনুসৰি চিকিৎসা ক্ষেত্ৰখনত AIৰ জৰিয়তে বৃহৎ কাম চলি আছে । প্ৰতিবেদন অনুসৰি এতিয়া এনেকুৱা এটা সময় আহি পৰিছে যেতিয়া আমি AI ক বিশ্বাস কৰিব পাৰিম । চকুৰ ৰোগৰ পৰা আৰম্ভ কৰি পেটৰ ৰোগলৈকে আমি AI ৰ জৰিয়তে ধৰা পেলোৱাটো সম্ভৱ হৈ উঠিব । AI ৰ জৰিয়তে ২৫০০ লোকৰ চকুৰ পৰীক্ষা কৰিব পাৰিব ।

AI ভিত্তিক ষ্টেথ’স্কোপৰ জৰিয়তে ঘৰতে প্ৰাথমিক পৰ্যায়ত হাৰ্ট এটাকৰ লক্ষণ চিনাক্ত কৰিব পৰা যাব । উল্লেখ্য যে, ই ৯০ শতাংশলৈকে শুদ্ধ । আনকি ৰুটিন ব্লাড টেষ্টৰ জৰিয়তেও AI এপ্লিকেচনে জানিব পাৰিব যে এজন ব্যক্তিৰ হাৰ্ট এটাক কেতিয়া হ’ব । প্ৰতি ১০০ জনৰ ভিতৰত এজনৰ হাৰ্ট এটাক হয় ।

লগতে পঢ়ক: কি হয় অটোইম্যুন ৰোগ ? য’ত ৰোগ প্ৰতিৰোধ ক্ষমতাই হৈ পৰে শৰীৰৰ শত্ৰু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.