ETV Bharat / sukhibhava

খেলৰ জৰিয়তে শিক্ষা প্ৰদান - মুম্বাইৰ বৈৰাভালীৰ 'প্ৰফুলতা চাইক’লজিকেল ৱেলনেছ চেন্টাৰ'ৰ কেৰিয়াৰৰ পৰামৰ্শদাতা কাজল ইউ দাৱে

খেলৰ জৰিয়তে এটি শিশুৱে নিজকে শক্তিৱন্ত, চিন্তামুক্ত অনুভৱ কৰাৰ লগতে সৃষ্টিশীলতা শিকিব পাৰে । মাইণ্ড চাইট, মাইণ্ড আৰ্ট, কেফে কনভাৰ্চেশ্বনৰ মনোবিজ্ঞানী আৰু প্লে’ থেৰাপিষ্ট তথা মুম্বাইৰ বৈৰাভালীৰ 'প্ৰফুলতা চাইক’লজিকেল ৱেলনেছ চেন্টাৰ'ৰ কেৰিয়াৰৰ পৰামৰ্শদাতা কাজল ইউ দাৱে এই সন্দৰ্ভত কি কৈছে জানিবলৈ পঢ়কঃ

Sukhibhava article The Play way
খেলৰ জৰিয়তে শিক্ষা প্ৰদান
author img

By

Published : Aug 5, 2020, 12:27 PM IST

নিউজ ডেস্ক,5 আগষ্টঃ মাইণ্ড চাইট, মাইণ্ড আৰ্ট, কেফে কনভাৰ্চেশ্বনৰ মনোবিজ্ঞানী আৰু প্লে’ থেৰাপিষ্ট তথা মুম্বাইৰ বৈৰাভালীৰ 'প্ৰফুলতা চাইক’লজিকেল ৱেলনেছ চেন্টাৰ'ৰ কেৰিয়াৰৰ পৰামৰ্শদাতা কাজল ইউ দাৱেৰ কথাৰেঃ

"বহুদিনৰে পৰা ঔষধ গ্ৰহণ কৰি থকাৰ বাবে শিশুটিৰ পঢ়াৰ প্ৰতি আকৰ্ষণ কমা বুলি এগৰাকী অভিভাৱকে আমাৰ কাষ পাইছিল । আন এগৰাকী অভিভাৱকৰ সমস্যাটো আছিল বেলেগ ধৰণৰ । শিশুটিয়ে খেলাৰ পাছত ভাগৰুৱা হৈ যায় আৰু পঢ়িবলৈ বহিব নিবিচাৰে ।ফলত শিশুটিক শিকোৱাটো টান কাম হৈ পৰে । এটি শিশুক পঢ়িবলৈ বহোৱাটো সঁচাকৈয়ে পৰ্বতত বগোৱাৰ দৰে টান কাম । কিন্তু একে সময়তে আমি উপলব্ধি কৰিব লাগিব যে শিশুৰ বাবে খেলাটোৱেই সকলো ।গতিকে আমি দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰিম কেনেকৈ? "

মাইণ্ড চাইট, মাইণ্ড আৰ্ট, কেফে কনভাৰ্চেশ্বনৰ মনোবিজ্ঞানী আৰু প্লে’ থেৰাপিষ্ট তথা মুম্বাইৰ বৈৰাভালীৰ প্ৰফুলতা চাইক’লজিকেল ৱেলনেছ চেন্টাৰৰ কেৰিয়াৰ পৰামৰ্শদাতা কাজল ইউ দাৱে শিশু এটিক কেনেদৰে খেলৰ মাধ্যমেৰে কিছুমান কাম কৰাব পাৰি সেই বিষয়ে কিছু দিহা দিছে।

খেলৰ জৰিয়তে এটি শিশুৱে নিজকে শক্তিৱন্ত, চিন্তামুক্ত অনুভৱ কৰাৰ লগতে সৃষ্টিশীলতা শিকিব পাৰে । ইয়াৰ বাবে কিছু পৰামৰ্শ আগবঢ়োৱা হ’ল -

  • যদি শিশুটিয়ে পাঠ্যপুথিত থকা পাঠবোৰ পঢ়িবলৈ ইচ্ছা নকৰে তেন্তে শিশুটিক সেয়া কাহিনী হিচাপে বা চৰিত্ৰৰ ৰূপত বুজাই দিয়ক ।
  • যদি শিশুটিয়ে অৰ্থবোৰ বুজি পোৱাত টান পায় তেতিয়া বিষয়টোৰ গুণৰ বিষয়ে বৰ্ণনা কৰক আৰু চিনাক্তকৰণৰ খেল হিচাপে খেলক । যদি শিশুটি চিত্ৰাংকনৰ প্ৰতি আগ্ৰহী তেতিয়া ছবি অভিধানক মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে ।
  • শিশু এটিয়ে ভালদৰে শিকিবলৈ হ’লে বিষয় একোটাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাটো অত্যন্ত জৰুৰী । যেতিয়া শিশুটিৰ বিষয়বস্তুটোৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ দেখা নাযায় তেতিয়া বুজিব লাগিব যে সেই বিষয়টোৰ লগত তেওঁৰ কিবা আৱেগ-অনুভূতি জড়িত আছে । উদাহৰণ স্বৰূপে গণিতৰ প্ৰতি ভয়, লিখিবলৈ ইচ্ছা নকৰা আদি সকলো এনেধৰণৰ আৱেগৰ কাৰণেই ঘটে । কিয়নো শিশুটিয়ে হেঁচা অনুভৱ কৰে আৰু এই পৰিস্থিতিৰ লগত কেনেদৰে মোকাবিলা কৰিব লাগিব তাকে লৈ চিন্তিত হয় । যদি অত্যধিক ইংৰাজী ভাষা ব্যৱহাৰ হোৱাৰ ফলত শিশুটিয়ে চাপ অনুভৱ কৰে তেতিয়া নাটকৰ আশ্ৰয় লওক, চৰিত্ৰবোৰ অংকন কৰক, কাহিনী বা সংলাপেৰে পাঠবোৰকক সৃষ্টিশীল কৰি তোলক যাতে অধিক আমোদজনক হৈ উঠে আৰু মানসিক চাপ দূৰ হয় ।
  • গেজেটৰ অধিক ব্যৱহাৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

যদি আপুনি ভাবিছে যে গেজেট বা ইলেকট্ৰনিক সা-সামগ্ৰী বা গেজেটৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত কণমানিটিৰ অধ্যয়নত ক্ষতি হৈছে,তেন্তে গেজেটক শিক্ষা লাভৰ এক সুযোগ হিচাপে গ্ৰহণ কৰক । যদি এটি শিশুৱে কম্পিউটাৰ ভাল পায় যদিও কেৱল কম্পিউটাৰ গেইম খেলি থাকে, হোৱাইট ব’ৰ্ড হিচাপে ছফটৱেৰ ব্যৱহাৰ কৰক, টাইপিং কৰিবলৈ উৎসাহ দিয়ক, কুইজ বা মেণ্টিমিটাৰ ব্যৱহাৰ কৰক, বন্ধুবৰ্গৰ সৈতে অনলাইন চেৰাড খেলিবলৈ দিয়ক । এই সকলোবোৰ কাৰ্যকলাপে শিশুটিৰ আগ্ৰহ বৃদ্ধি আৰু গঠনমূলক শিক্ষাত সহায় কৰিব । যদি শিশুটিয়ে গান গাই ভাল পায় তেন্তে কেৰিঅ’কি এপবোৰ ব্যৱহাৰ কৰক । শিশুটিৰ পঢ়া বা কৰিবলৈ দিয়া কাম সম্পূৰ্ণ হ’লে ইয়াক আপুনি পুৰস্কাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে ।

বিভিন্ন আৱেগ নিয়ন্ত্ৰণ

যেতিয়া ৰুটিনত সাল-সলনি ঘটে, কিবা অনিশ্চয়তাৰ সন্মুখীন হয়, শাৰীৰিক ক্ৰিয়া কলাপত বাধা পায় তেতিয়া শিশু এটিয়ে বিভিন্ন আৱেগিক সমস্যাত ভোগে ।তেনে ক্ষেত্ৰত শিশু এটিক আগতীয়াকৈ প্ৰস্তুত কৰি তুলিব লাগে । শিশুটিৰ বয়স অনুপাতে সঠিকভাৱে পছন্দবোৰ বাচিবলৈ দিব লাগে । ইয়াৰ লগতে আৱেগ প্ৰকাশ কৰিবলৈ পুতলাবোৰ অতিকৈ উপকাৰী । কম বয়সৰ শিশুহঁতৰ বাবে খেলনা যেনে পুতলা, এক্সন চৰিত্ৰ আদি সহায়ক । ডাঙৰসকলৰ বাবে প্ৰতীক, ইম’জি, সামাজিক দৃশ্য আদিয়ে সিদ্ধান্ত গ্ৰহণত সহায় কৰে ।

অধিক তথ্যৰ বাবে কাজল ইউ দাৱেক davekajal26@gmail.com মেইল আইডিত যোগাযোগ কৰিব পাৰে ।

লগতে পঢ়কঃকেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকা নিবেদিতাৰ সৈতে ইটিভি ভাৰতৰ বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.