আমাৰ শৰীৰটোক ৰোগমুক্ত কৰি ৰাখিবলৈ ওজন নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজনীয় ৷ অধিকাংশ লোকে কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্য আৰু চেনী খোৱাটো হ্ৰাস কৰি ওজন হ্ৰাস কৰে ৷ কিন্তু বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ আহাৰত কেতবোৰ কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে ৷ খাব জানিলে আপুনি বেছিকৈ খাইও ওজন নিয়ন্ত্ৰণ কৰিব পাৰে ৷ কেতবোৰ খাদ্যই ওজন বৃদ্ধিৰ বিপৰীতে ওজন হ্ৰাস কৰাতহে আপোনাক সহায় কৰে ৷ আজি এই বিষয়ে জানো আহক-
প্ৰ'টিন
প্ৰ'টিনে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই ভোকৰ আকাংক্ষা প্ৰতিহত কৰাৰ লগতে পেশী বৃদ্ধিতো সহায় কৰে ৷ বহু গৱেষণাত ইতিমধ্যে প্ৰমাণিত হৈছে যে ৰাতিপুৱা দুটা কণী খোৱা লোকৰ, কণী নোখোৱা লোকৰ তুলনাত ওজন হ্ৰাস হোৱাৰ সম্ভাৱনা ৫০% অধিক ৷
পাচলি
যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেনেহ'লে আহাৰত পাচলি অন্তৰ্ভুক্ত কৰিব ৷ ই আপোনাক স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ওজন হ্ৰাস কৰাটো সহায় কৰিব ৷ শাক-পাচলিত পোৱা ফাইটোনিউট্ৰিয়েণ্টবোৰে চৰ্বি কোষৰ প্ৰদাহ বিপৰীত কৰাত সহায় কৰে, যাৰ ফলত ওজন হ্ৰাস হয় ৷ ইয়াৰ বাহিৰেও, পাচলি খালে পেটটো দীৰ্ঘসময় ধৰি ভৰ্তি হৈ থাকে ৷ যদি আপুনি ওজন হ্ৰাস কৰাৰ কথা ভাবি আছে, তেন্তে দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰত কমেও আধা প্লেট সতেজ পাচলি খাব ৷
কাৰ্ব খাদ্য হ্ৰাস কৰক
কেৱল আধা ৰুটী বা এটা ৰুটী খাই আপুনি শৰীৰত কাৰ্বহাইড্ৰেটৰ মাত্ৰা পূৰণ কৰিব পাৰে ৷ এনে পৰিস্থিতিত আপুনি কেৱল আধা ৰুটী খাই ওজন হ্ৰাস কৰিব পাৰে ৷ ইয়াত থকা শৰ্কৰাবোৰে আপোনাৰ শৰীৰক সুস্থ কৰি ৰখাৰ লগতে আপুনি অত্যাধিক খাদ্য খোৱাটো এৰাই চলিব পাৰে ৷
আলুৰ পৰা আঁতৰি থাকিব
আলুয়ে শৰীৰৰ সমস্যা বৃদ্ধি কৰে ৷ আলুৰ সকলি আন পাচলি বেছিকৈ খাব ৷ আলুয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰাও বৃদ্ধি কৰে ৷ সেয়েহে পৰাপক্ষত আলু নাখাব ৷
চালাড
আপুনি চালাডক আপোনাৰ আহাৰৰ অংশ কৰি ওজন হ্ৰাস কৰিব পাৰে ৷ চালাড হৈছে স্বাস্থ্যৱান হৈ থকাৰ এটা অতি উত্তম উপায় ৷ চালাডে আপোনাৰ ভোক দীৰ্ঘ সময়ৰ বাবে পূৰণ কৰি ৰাখিব পাৰে ৷ বিশেষকৈ যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে আপুনি ইয়াক আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে ৷
কাঠফুলা
ওজন হ্ৰাসৰ বাবে আপুনি আপোনাৰ আহাৰত কাঠফুলা অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াত পোৱা আঁহ, ভিটামিন-ডি-য়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ কাঠফুলা ভিটামিন-ডি সমৃদ্ধ হোৱাৰ বাবে ই ওজন তথা পেটৰ চৰ্বি হ্ৰাস কৰাত যথেষ্ট সহায় কৰে ৷
তিয়ঁহ
তিয়ঁহেও আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব ৷কম তেলত তিয়ঁহ ভাজি অথবা চালাড হিচাপে আপুনি আপোনাৰ খাদ্য তালিকাত তিয়ঁহ অন্তৰ্ভূক্ত কৰিব পাৰে ৷ কিন্তু তিয়ঁহ সদায় দিনৰ ভাগত খাবলৈ চেষ্টা কৰিব ৷ ৰাতি তিয়ঁহ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷
লগতে পঢ়ক: Listeria outbreak: আপুনিও মিল্কশ্বেক খাই ভাল পায় নেকি ? পিচে সাৱধান!