নিউজ ডেস্ক,29 অক্টোবৰ: কেঞ্চাৰ আৰু ইয়াৰ চিকিৎসাত আপোনাৰ খাদ্যই কি ধৰণে প্ৰভাৱিত কৰে, কি কি সুষম খাদ্য আপোনাৰ বাবে প্ৰয়োজনীয় এই সন্দৰ্ভত ইটিভি ভাৰতৰ সুখীভৱত কিছু মন্তব্য আগবঢ়াইছে গোৱাৰ 21 বছৰীয়া অভিজ্ঞতা সম্পন্ন পুষ্টি বিশেষজ্ঞ ৰোহিনী দিনিজে ৷
চিকিৎসা কৰাৰ আগত আৰু পাছত বা সময়তেই হওক সুষম খাদ্য গ্ৰহণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ প্ৰণালীবদ্ধ ভাৱে সংক্ৰমণ ক্ষমতা কম কৰে আৰু ব্যক্তি গৰাকীৰ কোষ পুণ: গঠনত সহায় কৰে ৷ শল্য চিকিৎসা আৰু কেমোথেৰাপী দিয়াৰ ফলত ক্ষতিগ্ৰষ্ট হোৱা কোষবোৰ পুণ: গঠন আৰু সঠিক ওজন বঢ়োৱাত সহায় কৰে ৷ চিকিৎসা পাৰ্শ্বক্ৰিয়া, ওজন কমি যোৱা আদি সমস্যা সমূহৰ যুঁজ দিব পৰাকৈ শৰীৰক শক্তিশালী কৰি ৰাখে ৷ সুষম খাদ্যৰ অৰ্থ এইটোৱেই যে, ৰোগৰ সৈতে মোকাবিলা কৰিব পৰাকৈ যি খাদ্যই সঠিক পোষণ প্ৰদান কৰে সেয়াই সুষম খাদ্য ৷
এটি সুস্থ শৰীৰৰে উপযুক্ত পৰিপুষ্টি আৰু কেলৰীৰ বাবে বিভিন্ন প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰিব পাৰে৷ কিন্তু কেঞ্চাৰৰ চিকিৎসা কৰি থকা সময়ত সকলো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নোৱাৰে৷ নিজকে সুস্থ কৰি ৰখাৰ বাবে খাদ্যাভাষ সলনি কৰিব লগীয়া হয়৷ ৰোগী আৰু চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখি শৰীৰ সুস্থ ৰখাৰ বাবে উপযুক্ত খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয় ৷ কাৰ্বহাইড্ৰেট হৈছে শৰীৰ আৰু মস্তিষ্কৰ বিকাশৰ প্ৰাথমিক উৎস ৷ পৰ্যাপ্ত পৰিমাণে শ্বেতসাৰ যুক্ত খাদ্য খোৱা অতিকৈ দৰকাৰ ৷ যি সকলে অধিক মাত্ৰাত খাদ্য গ্ৰহণ কৰিব নোৱাৰে অথবা ভোক নলগা সমস্যা থাকে তেওঁলোকে চেনী ব্যৱহাৰৰ সলনি গুড় অথবা মৌ জোল খাব পাৰে ৷
কেঞ্চাৰ ৰোগী সকলক আটাইতকৈ বেছি প্ৰ'টিন জাতীয় খাদ্যৰ প্ৰয়োজন ৷ শল্য চিকিৎসা আৰু কেমোথেৰাপী দিয়াৰ ফলত ক্ষতিগ্ৰষ্ট হোৱা কোষবোৰৰ পুণ: গঠনৰ বাবে প্ৰ'টিনে শৰীৰক যথেষ্ট সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে৷ প্ৰ'টিনৰ উৎস সমূহ হ'লঃ মাছ, কনী, বাদাম , মাখন, চীনা বাদাম ইত্যাদি ৷ কিন্তু দুগ্ধজাত সামগ্ৰী, ৰেড মীট আৰু মুৰ্গীৰ মাংস এৰি চলিব লাগে ৷ চৰ্বী হৈছে শৰীৰৰ বাবে লাগতীয়াল উপাদান ৷ ই শৰীৰৰ বাবে অধিক শক্তি সঞ্চয় কৰি ৰাখে ৷
তেজত দ্ৰবীভূত ভিটামিনসমূহ যেনে A,D,E আৰু K ক শোষণ আৰু পৰিৱহণত সহায় কৰে৷ সুস্বাস্থ্যৰ বাবে শৰীৰক ভিটামিন আৰু খনিজ লৱনৰ প্ৰয়োজন ৷ ভিটামিন A,C,E আৰু খনিজ লৱনে শৰীৰত এন্টিব'ডী হিচাপে কাম কৰে, যিয়ে শৰীৰক বিকাশত বাধা দিয়া উপাদান সমূহক ধ্বংস কৰে ৷ কেঞ্চাৰৰ চিকিৎসাৰ সময়ত ফল-মূল, শাক পাচলি যথেষ্ট পৰিমাণে খাব লাগে ৷ ই ফাইটোনিউট্ৰিয়েন্ট এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে ৷পানী শৰীৰৰ বাবে অতি আৱশ্যক ৷ পানীয়ে দেহৰ কোষবোৰক সজিব কৰি ৰাখে ৷
বমি অথবা ডায়েৰিয়াৰ সময়ত শৰীৰত পানীৰ অভাৱ হলে অৱস্থা অতি শোচনীয় হৈ পৰে ৷ কেঞ্চাৰৰ চিকিৎসাৰ সময়ত অতি কমেও দৈনিক 7 ৰ পৰা 8 গিলাচ পানী খোৱা প্ৰয়োজন ৷ যদিহে শৰীৰত বমি বমি ভাৱ হয় অথবা বমি হৈ থাকে তেন্তে পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে ৷
লগতে পঢ়ক: হাথৰছ কাণ্ডৰ উচিত তদন্তৰ দাবীৰে মহিলা সংগঠনৰ প্ৰতিবাদ