ETV Bharat / sukhibhava

Spicy food Disadvantages: আপুনিও অধিক মচলাযুক্ত খাদ্য খাই ভাল নেকি ? তেতিয়া হ’লে সাবধান ! - মচলাযুক্ত খাদ্য

আপুনিও অধিক মচলাযুক্ত খাদ্য খাই ভাল নেকি ? তেতিয়াহ’লে সাবধান হৈ যাওক ৷ কিয়নো মচলাযুক্ত খাদ্য মুখত জুতি দিলেও শৰীৰৰ কাৰণে অপকাৰী (Spicy Food Health Risk) ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Many disadvantages of eating more spicy food
মচলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক, অন্যথা হ’ব পাৰে এইসমূহ সমস্যা
author img

By

Published : May 7, 2023, 1:23 PM IST

মচলাযুক্ত খাদ্য খাবলৈ সোৱাদযুক্ত ৷ সেয়াহে বহুতে খাদ্যৰ জুতি বঢ়াবলৈ বিভিন্ন মছলা আৰু অত্যাধিক জলকীয়া ব্যৱহাৰ কৰে । মচলাযুক্ত খাদ্যৰ খোৱা ফলত মুখ আৰু ডিঙিত জ্বলা-পোৰা হয় । খাদ্য জলা কৰিবলৈ ব্যৱহাৰ কৰা মছলা বা জলকীয়াত কেপচাইচিন পোৱা যায় (Spicy Food Health Risk)। কেপচাইচিনে আপোনাৰ মুখ আৰু ডিঙিত থকা ৰিচেপ্টৰক উদ্দীপিত কৰে । যাৰ ফলত মুখত জ্বলা-পোৰা অনুভৱ হয় (Spicy Food Side Effects)।

মচলাযুক্ত খাদ্যই পাচন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ কাম কৰে (Spicy Food)। কাৰণ কেপচাইচিনে পাচনতন্ত্ৰৰ পেশীবোৰক উদ্দীপিত কৰা হৰম’ন নিৰ্গত কৰে । দ্ৰুত হজম আৰু মলত্যাগ প্ৰক্ৰিয়াটো পাচনতন্ত্ৰৰ গতিশীলতা বৃদ্ধিৰ ফল । কিছুমান মানুহে মচলাযুক্ত খাদ্য খোৱাৰ পিচত দ্ৰুত হজম হোৱাৰ কথা কয় । আনহাতে একাংশ লোকে ডায়েৰিয়া, ক্ৰেম্প আৰু পেটৰ বিষ অনুভৱ কৰে (Disadvantages of eating spicy food)।

পেটৰ এচিড বৃদ্ধি পাব পাৰে

মচলাযুক্ত খাদ্য সেৱন কৰিলে পেটত এচিডৰ উৎপাদন বৃদ্ধি পাব পাৰে । ইয়াৰ কাৰণ হ’ব পাৰে কেপচাইচিনে গেষ্ট্ৰিন হৰম’ন ট্ৰিগাৰ কৰে, যিয়ে পেটত অধিক এচিড তৈয়াৰ কৰিবলৈ বাধ্য কৰিব পাৰে আৰু তেজৰ সোঁতত এৰি দিয়ে । পেটত অত্যধিক এচিড বেছি হ’লে হাৰ্টবাৰ্ণ, এচিড ৰিফ্লাক্স আৰু আন বহুতো গেষ্ট্ৰাইটিছ সমস্যা হ’ব পাৰে ।

আন্ত্ৰিক মাইক্ৰ’বায়’মে বেয়া প্ৰভাৱ পেলাব পাৰে

অত্যধিক মচলাযুক্ত খাদ্য খোৱাৰ ফলত আপোনাৰ আন্ত্ৰিক মাইক্ৰ’বায়’মত বেয়া প্ৰভাৱ পৰিব পাৰে । আন্ত্ৰিক মাইক্ৰ’বায়’ম বহু কোটি কোটি অণুজীৱৰে গঠিত যিয়ে পাচনতন্ত্ৰত বাস কৰে আৰু পাচনকে ধৰি বহুতো স্বাস্থ্য কাৰ্যত অপৰিহাৰ্য ভূমিকা পালন কৰে । কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে কেপচাইচিনে আন্ত্ৰিক মাইক্ৰ’বায়’মৰ গঠনত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত ইয়াত উপস্থিত বেক্টেৰিয়াৰ প্ৰকাৰৰ পৰিৱৰ্তন ঘটিব পাৰে ।

লগতে পঢ়ক: Weak Immunity Symptoms: শৰীৰত এই ৫টা লক্ষণ দেখা দিলে দুৰ্বল হ'ব পাৰে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.