ETV Bharat / sukhibhava

How to Strengthen Your Knees: মাধুৰী দীক্ষিতৰ স্বামী ড৹ নেনেয়ে দিলে আঁঠু শক্তিশালী কৰাৰ এই উপায়, আপুনিও কৰক অনুসৰণ

ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে মাধুৰী দীক্ষিতৰ স্বামী ড৹ শ্ৰীৰাম নেনে ৷ ৰোগীৰ সুবিধাৰ্থে তেওঁ স্বাস্থ্য সম্বন্ধীয় বহু পৰামৰ্শ আগবঢ়ায় ৷ শেহতীয়াকৈ তেওঁ আঁঠু সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে ৷ আজি সেই সম্পৰ্কে জানো আহক-

How to Strengthen Your Knees
মাধুৰী দীক্ষিতৰ স্বামী ড৹ নেনেয়ে দিলে আঁঠু শক্তিশালী কৰাৰ এই উপায়
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:37 PM IST

মাধুৰী দীক্ষিতৰ স্বামী ড৹ শ্ৰীৰাম নেনেও তেওঁৰ পত্নীতকৈ কম বিখ্যাত নহয় ৷ ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে ড৹ শ্ৰীৰাম নেনে ৷ নিজৰ ইউটিউব চেনেলৰ যোগেদি তেওঁ প্ৰায়েই স্বাস্থ্য সম্বন্ধীয় কিবা নহয় কিবা তথ্য শ্বেয়াৰ কৰে ৷ লগতে তেওঁ বিভিন্ন ৰোগীৰ সুবিধাৰ্থে স্বাস্থ্য সম্বন্ধীয় বহু পৰামৰ্শ আগবঢ়ায় ৷ শেহতীয়াকৈ তেওঁ আঁঠু সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে ৷ আজি সেই সম্পৰ্কে জানো আহক-

  • " class="align-text-top noRightClick twitterSection" data="">

শৰীৰৰ ওজনৰ ৮০ শতাংশ বহন কৰে আঁঠুয়ে

শ্ৰীৰাম নেনেয়ে কয় যে, আঁঠুৰ বৰ্ধিত সমস্যাসমূহৰ ভিতৰত আঁঠু প্ৰতিস্থাপন অস্ত্ৰোপচাৰ আজিৰ সময়ত একেবাৰে সচৰাচৰ হৈ পৰিছে ৷ আঁঠুয়ে আমাৰ শৰীৰৰ ওজনৰ ৮০ শতাংশ বহন কৰে ৷ যাৰ বাবে আমি আঁঠু দুটাক প্ৰাকৃতিকভাৱে স্বাস্থ্যৱান ৰখাটো অতি গুৰুত্বপূৰ্ণ ৷ তেওঁৰ মতে, নিজকে শাৰীৰিকভাৱে সক্ৰিয় ৰাখিলে আঁঠু স্বাস্থ্যৱান হৈ থাকে ৷ ইয়াৰ বাবে আপুনি নিয়মীয়াকৈ কেতবোৰ ব্যায়াম যেনে সাঁতোৰ, দৌৰা, চাইকেল চলোৱা আৰু খোজ কাঢ়িব পাৰে ৷

ব্যায়াম কৰাৰ পূৰ্বে 'ৱাৰ্মআপ' কৰিব

নেনেয়ে কয় যে, কেৱল বগাবলৈকে নহয়, খোজ কাঢ়িবলৈ, বেঁকা হ'বলৈ, জঁপিয়াবলৈ, নৃত্য কৰিবলৈ,তলৰ পৰা কিবা তুলিবলৈ আপুনি আঁঠুৰ আশ্ৰয় ল'বই লাগিব ৷ আঁঠু দুটা কান্ধ, ডিঙি আৰু পিঠিৰ দৰেই গুৰুত্বপূৰ্ণ ৷আঁঠুক সুস্থ কৰিবলৈ ব্যায়াম কৰাৰ আগতে 'ৱাৰ্মআপ' কৰাটো খুবেই গুৰুত্বপূৰ্ণ ৷

জোতা-ছেণ্ডেল বাছনি কৰোঁতে হওক সাৱধান

ইয়াৰ উপৰিও, আঁঠু স্বাস্থ্যৱান ৰাখিবলৈ জোতাৰ সঠিক বাছনি কৰাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ নেনেয়ে উল্লেখ কৰিছে যে, মহিলাসকলে পিন্ধা হাই হিলবোৰেও আঁঠুক প্ৰভাৱিত কৰে ৷ ইফালে, ওজন হ্ৰাস কৰি মেৰুদণ্ড আৰু আপোনাৰ আঁঠুৰ চাপ হ্ৰাস কৰিব পাৰে ৷ প্ৰকৃততে, চৰ্বিয়ে প্ৰদাহ বৃদ্ধি কৰে আৰু আৰ্থ্ৰাইটিছ ৰোগৰ সৃষ্টি কৰে ৷

শৰীৰৰ চাপৰ প্ৰতি মনোযোগ দিয়ক

ড৹ শ্ৰীৰাম নেনেই লগতে জনায় যে, গধুৰ ওজন উঠোৱাৰ সময়ত আপোনাৰ শৰীৰৰ স্থিতিৰ প্ৰতি মনোযোগ দিব লাগে ৷কিবা সমস্যা থাকিলে আঁঠুত ব্ৰেচ পিন্ধিব লাগে ৷ যদি আপোনাৰ শৰীৰৰ ভংগীমা সঠিক নহয়, আঁঠুয়ে পাকস্থলীত চাপ দিব পাৰে, যাৰ ফলত কাৰ্টিলেজ ভাঙি যোৱাৰ আশংকা হ'ব পাৰে ৷ যদি আপোনাৰ ভৰি বা আঁঠুত বিষ হয়, তেন্তে জোতা পিন্ধাৰ অভ্যাস কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে ৷

ইয়াৰ লগতে তেওঁ আঁঠুৰ স্বাস্থ্য বজাই ৰাখিবলৈ সক্ৰিয় হৈ থকা, আঘাত প্ৰতিৰোধ কৰা, ওজন কম কৰা, আপোনাৰ ভংগীমা উন্নত কৰা, ধূমপানৰ অভ্যাসক ত্যাগ কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক: Garuda Purana: প্ৰতিদিনে পুৱা উঠি কৰক এই কাম, সফলতাৰ শীৰ্ষত উপনীত হ’ব পাৰিব আপুনি!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.