ফল স্বাস্থ্যৰ বাবে অতিকৈয়ে উপকাৰী । স্বাস্থ্য বিশেষজ্ঞৰ মতে, ফল-মূল দৈনিক খাব লাগে, ইয়াৰ ফলত শৰীৰত প্ৰচুৰ পৰিমাণে ভিটামিন পোৱা যায়। সেয়েহে, চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞই সকলো বয়সৰ লোককে ফল-মূল খাবলৈ পৰামৰ্শ দিয়ে । আচলতে ফল-মূলত প্ৰচুৰ পৰিমাণে ভিটামিন, এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদান থাকে । যিয়ে শৰীৰক বহু ধৰণৰ ৰোগৰ পৰা ৰক্ষা কৰে । কিন্তু বহুতে হয়তো নাজানে ফল-মূল খোৱাৰ উপযুক্ত সময় কি ? আচলতে ফলমূল খোৱাৰ উপযুক্ত সময় হৈছে পুৱাৰ খাদ্যৰ পিচত আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ আগত । নিশা ফল-মূল খোৱাৰ পৰা বিৰত থাকিব লাগে । কাৰণ ই আপোনাৰ পেটত গেছ, এচিডিটি আৰু পেট ফুলাৰ সমস্যা বৃদ্ধি কৰে ।
আপেল
আপেল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী । স্বাস্থ্য বিশেষজ্ঞসকলে দৈনিক আপেল খোৱাৰ পৰামৰ্শ দিয়ে । এনে কৰিলে আপুনি বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰিব। কিন্তু নিশা আপেল খোৱাটো ভাল নহয়। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু ইয়াৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে । আনকি ইয়াৰ ফলত আপোনাৰ টোপনিও নষ্ট হ’ব পাৰে ।
কল
কলত বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক শক্তি প্ৰদান কৰে। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কামো কৰে । কিন্তু নিশা কল খোৱাটো শৰীৰৰ বাবে একেবাৰে বেয়া । কাৰণ কলত কেলৰিৰ পৰিমাণ বেছি থাকে । নিশা কল হজম কৰাত অসুবিধা হয় । ইয়াৰ বাবে আপোনাৰ টোপনিত প্ৰভাৱ পৰিব পাৰে।
কমলা
কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । ইয়াৰ উপৰিও ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কামো কৰে । কোৱা হয় যে কমলা খালে ছালখন জিলিকি উঠে। কিন্তু নিশা কমলা খাব নালাগে ৷ কাৰণ কমলা এক প্ৰকাৰৰ এচিডিক ফল । যাৰ বাবে হৃদৰোগৰ সমস্যা হ’ব পাৰে।
মধুৰীআম
মধুৰীআম স্বাস্থ্যৰ বাবে বহু উপকাৰী । কিন্তু কল আৰু কমলাৰ দৰে নিশা মধুৰীআম খোৱা পৰিহাৰ কৰিব লাগে। মধুৰীআমত আপেলৰ দৰেই প্ৰচুৰ পৰিমাণে আঁহ থাকে । যাৰ বাবে পাচনতন্ত্ৰৰ বিকাৰ হ’ব পাৰে আৰু পেট ফুলাৰ সমস্যা হ’ব পাৰে ।
আনাৰস
নিশা আনাৰস খোৱাৰ পৰা বিৰত থাকিব লাগে । কাৰণ ই কমলাৰ দৰেই এচিডিক ফল । যাৰ ফলত বুকুত জ্বলা-পোৰা হ’ব পাৰে। নিশা এই ফল খালে পেট ফুলিব পাৰে ।
লগতে পঢ়ক: Milk at Night: ৰাতি শোৱাৰ পূৰ্বে এগিলাচ গাখীৰ খোৱাৰ উপকাৰিতা জানি আপুনিও হৈ পৰিব আচৰিত