ETV Bharat / sukhibhava

Foods for Thyroid Patients: থাইৰয়ড ৰোগীয়ে কি খাদ্য খোৱা উচিত জানি লওক - থাইৰয়ড আটাইতকৈ বেয়া খাদ্য

ওজন বৃদ্ধি বা হ্ৰাসৰ উপৰিও থাইৰয়ডত আন বহুতো লক্ষণ দেখা যায় । এই ৰোগক আওকাণ কৰিলে বিপদাপন্ন হ’ব পাৰে আপোনাৰ জীৱন ৷ এই ৰোগত আক্ৰান্ত ৰোগীয়ে কি খাব লাগে আৰু কি খাব নালাগে জানি লওক এই প্ৰতিবেদনত ৷

Know the Best and Worst Foods For Thyroid patient
থাইৰয়ড ৰোগত আক্ৰান্ত ৰোগীয়ে কি খাব লাগে আৰু কি খাব নালাগে জানি লওক
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 1:27 PM IST

হঠাৎ দ্ৰুতগতিত ওজন কমি যোৱা বা বৃদ্ধি হোৱাটো থাইৰয়ডৰ এটা প্ৰধান লক্ষণ বুলি ধৰা হয় । বৰ্তমান প্ৰায় মানুহৰ ক্ষেত্ৰত এই ৰোগটো দেখা যায় ৷ কিন্তু এই ৰোগক ভুলতো আওকাণ নকৰিব ৷ অন্যাথা আপোনাৰ জীৱনৰ বাবে কঢ়িয়াই আনিব পাৰে ভাবুকি ৷ থাইৰয়ড থাকিলে কেৱল ওজনৰ সমস্যাই নহয়, মানসিক চাপ, পিচিঅ’ডিৰ সমস্যা, টোপনিত অসুবিধা আৰু উদ্বেগ আদিও দেখা দিয়ে । ইয়াৰ আঁৰত জিনীয়, হৰম’নৰ ভাৰসাম্যহীনতা, আয়’ডিনৰ অভাৱ বা মানসিক চাপ আদি বহু কাৰণ থাকিব পাৰে ।

থাইৰয়ড নিয়ন্ত্ৰণ কৰিবলৈ ব্যায়াম আৰু খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাটো জৰুৰী । কিন্তু আপুনি জানেনে থাইৰয়ড হ’লে কি খাব লাগে আৰু কি খাব নালাগে ? যদি নাজানে জানি লওক এই প্ৰতিবেদনত ৷

থাইৰয়ড ৰোগ কি ?

চিকিৎসা ভাষাত ইয়াক হাইপ’থাইৰয়ডিজম আৰু হাইপ’থাইৰয়ডিজম বুলি কোৱা হয় । আমাৰ ডিঙিত এটা পখিলা আকৃতিৰ গ্ৰন্থি থাকে যাক থাইৰয়ড বোলা হয় । যেতিয়া গুৰুত্বপূৰ্ণ হৰম’ন থাইৰ’ক্সিন (T4) আৰু ট্ৰাইঅ’ড’থাইৰ’নিন (T3) সঠিকভাৱে উৎপন্ন নহয় তেতিয়া থাইৰয়ড ৰোগ হয় ।

বিশেষজ্ঞসকলে কি কয় ?

বিশেষজ্ঞৰ মতে থাইৰয়ড হোৱাৰ বহু কাৰণ আছে । খাদ্যাভ্যাসৰ উপৰিও শৰীৰ ফুলাৰ বাবেও এই সমস্যাৰ হ’ব পাৰে । এটা সময়ত এই ৰোগত আক্ৰান্ত হৈছিল ৫০ৰ পৰা ৬০ বছৰৰ ভিতৰৰ লোক ৷ কিন্তু বৰ্তমান সময়ত এই ৰোগ হোৱাৰ কোনো সময়সীমা নাই, যিকোনো লোক আক্ৰান্ত হ’ব পাৰে এই ৰোগত ৷

থাইৰয়ডত কি খাব লাগে ?

যদি আপুনিও থাইৰয়ড ৰোগত ভুগি আছে, তেন্তে কণী, বাদাম, গোটা শস্য খাব পাৰিব । কিন্তু আপুনি মনত ৰখাটো উচিত সীমিতভাৱে এইসমূহ খাব পাৰিব, কিয়নো অধিক সেৱন কৰিলেও বিপদত পৰিব পাৰিব ৷ কণীত চেলেনিয়াম থাকে যিয়ে থাইৰয়ড নিয়ন্ত্ৰণত সহায় কৰে । বাদাম খালে হৰম’নৰ ভাৰসাম্য বৃদ্ধিতো সহায় কৰে । যদি কোনো ৰোগী দুৰ্বল অনুভৱ কৰিছে তেন্তে তেওঁ গোটা শস্যৰ পৰা তৈয়াৰী বস্তু খাব লাগে ।

ভুলতো নাখাব এই সমূহ খাদ্য ?

সৰিয়হ বা দালিত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে । থাইৰয়ডত প্ৰটিনৰ পৰিমাণ সীমিত হ’ব লাগে । যদি আপুনি এই ৰোগত আক্ৰান্ত আৰু প্ৰচেছড খাদ্য খায় তেন্তে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব পাৰে ৷ ইয়াৰ বাবে কলেষ্টেৰলৰ মাত্ৰা আৰু বৃদ্ধি পাব পাৰে । চিকিৎসকৰ মতে কফি, চকলেট, ব্ৰকলি আৰু ফুলকবি পৰিহাৰ কৰিব লাগে । এই খাদ্যবোৰে এই ৰোগ আৰু বৃদ্ধি কৰিব পাৰে ৷

লগতে পঢ়ক: Sneezing: সঘনাই হাঁচি আহিলে আপুনি অসুবিধা অনুভৱ কৰে নেকি ? এই ঘৰুৱা প্ৰতিকাৰে কৰিব সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.