ETV Bharat / sukhibhava

Bhindi Masala Recipe: ভাত-ৰুটিৰ সৈতে খাবলৈ খুবেই সুস্বাদু এই ভেন্দি ভাজি, এনেদৰে কৰক তৈয়াৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 3:59 PM IST

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ভেন্দি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । ভেন্দিত কেলচিয়াম, জিংক, ভিটামিন এ, ভিটামিন চি আদি পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰে শৰীৰৰ বহু সমস্যা দূৰ কৰাত ফলপ্ৰসূ । সেয়ে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ভেন্দিৰ এনে এবিধ ৰেচিপি যি খাবলৈ অতি সোৱাদযুক্ত ।

It is very easy to make delicious and spicy masala bhindi, just follow these tips
ভাত-ৰুটিৰ সৈতে খাবলৈ খুবেই সুস্বাদু এই ভেন্দি ভাজি, এনেদৰে কৰক তৈয়াৰ

সৰুৰ পৰা ডাঙৰলৈকে, সকলোৱে ভেন্দি খাই ভাল পায় ৷ এই পাচলিবিধত এনে বহু গুণ পোৱা যায়, যিয়ে শৰীৰক বহু সমস্যাৰ পৰা ৰক্ষা কৰে ৷ ভেন্দিৰ তৰকাৰী, ভাজি আদি বহু ধৰণে তৈয়াৰ কৰা হয় ৷ যিটো যথেষ্ট সোৱাদযুক্ত ৷ ভেন্দি ভাজি হওক বা তৰকাৰী৷ ৰুটি বা ভাতৰ লগত খোৱাৰ আমেজেই সুকীয়া ৷ সেয়ে আজি আমি আপোনালোকৰ বাবে এনে এবিধ মছলা ভেন্দিৰ ৰেচিপিৰ বিষয়ে ক’বলৈ ওলাইছো, যিটো আপুনি দুপৰীয়া বা ৰাতিৰ আহাৰতো তৈয়াৰ কৰি উপভোগ কৰিব পাৰে ৷ ইয়াৰ সহজ ৰেচিপিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

সামগ্ৰী

ভেন্দি ১ কেজি, ২-৩ টা জলকীয়া, ১-২ চামুচ সৰিয়হৰ তেল, ১ চামুচ ধনীয়া গুড়ি, ১ চামুচ ৰঙা জলকীয়াৰ গুড়ি, ১ চামুচ জিৰাৰ গুড়ি, ১ চামুচ হালধিৰ গুড়ি, ৰুচি অনুসৰি নিমখ, ২-৩ টা পিঁয়াজ,

ৰেচিপি

  • প্ৰথমে ভেন্দিখিনি পানীৰে ভালদৰে ধুই পৰিষ্কাৰ কাপোৰেৰে মচি লওক ৷ এতিয়া দীঘলীয়াকৈ মাজেৰে কাটি লওক ৷
  • ইয়াৰ পিছত পিঁয়াজ আৰু কেঁচা জলকীয়া মিহিকৈ কাটি একাষৰীয়াকৈ ৰাখি লওক ৷
  • এতিয়া কেৰাহীত তেল গৰম কৰি জিৰা দি ভাজি লওক ৷ ইয়াৰ বাহিৰেও কেঁচা জলকীয়াৰ সৈতে কটা পিঁয়াজ দিব ৷
  • এতিয়া ভালদৰে ভাজি তাত হালধিৰ গুড়ি, ধনীয়া গুড়ি, জিৰা গুড়ি আৰু ৰঙা জলকীয়াৰ গুড়ি দিব ৷ এই মিশ্ৰণটো ভালদৰে ভাজি লওক ৷
  • এতিয়া এই মছলাখিনি কাটি লোৱা ভেন্দিৰ মাজভাগত ভৰাই ভালদৰে মছলাখিনি মিহলাই লওক আৰু কম জুইত ঢাকনিৰে ঢাকি ফ্ৰাই কৰি লওক ৷
  • সিজিবলৈ আৰম্ভ হ’লে তাত নিমখ আৰু শুকান আমৰ গুড়ি দি কিছু সময়ৰ পাছত গেছ বন্ধ কৰি দিব ৷

ভেন্দি খোৱাৰ উপকাৰিতা

  • হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী
  • হজম শক্তিৰ বাবে উপকাৰী
  • উজ্বল ছালৰ বাবে
  • চকুৰ বাবে উপকাৰী
  • ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সহায়ক
  • উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক
  • গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী

লগতে পঢ়ক: Benefits of Smiling: এই প্ৰতিবেদন পঢ়াৰ পিছত আপুনিও নিশ্চয় ক’ব হাঁহিয়েই জীৱনৰ মূলমন্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.