ETV Bharat / sukhibhava

Milk benefits: পুৱা গাখীৰ খোৱাটো উপকাৰী নে ? বিশেষজ্ঞসকলে কি কয় জানি লওক

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:42 PM IST

গাখীৰ খোৱাৰ সঠিক সময় জানেনে ? ভুল ধৰণে বা ভুল সময়ত গাখীৰ খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । কোনটো সময়ত গাখীৰ খোৱাটো উপকাৰী জানো আহক এই প্ৰতিবেদনত ৷

Is It Healthy To Drink Milk For Breakfast? Here Are Some Amazing Health Benefits Of Milk
গাখীৰ সেৱন কৰাৰ সঠিক সময় জানি লওক

যদি আপুনি আপোনাৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে দৈনিক খোৱা আৰম্ভ কৰক গাখীৰ । গাখীৰত কেলচিয়াম, প্ৰটিন, ভিটামিন এ, কে, ডি আৰু আই, ফছফৰাছ, মেগনেছিয়াম আৰু আয়’ডিনকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে । হাড় শক্তিশালী কৰাৰ লগতে পেশীৰ বিকাশৰ বাবে গাখীৰ অতি গুৰুত্বপূৰ্ণ ।

কিন্তু গাখীৰ খোৱাৰ উপযুক্ত সময় জানেনে ? স্বাস্থ্য বিশেষজ্ঞৰ মতে, যদি আপুনি সঠিক সময়ত গাখীৰ খোৱাৰ পৰিৱৰ্তে ভুল সময়ত গাখীৰ খাই তেন্তে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । গতিকে এই প্ৰতিবেদনত জানো আহক গাখীৰ খোৱাৰ উপযুক্ত সময় ।

দিনৰ কোনটো সময়ত গাখীৰ খোৱাটো উচিত ?

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে খাদ্য খোৱাৰ লগে লগে গাখীৰ একেবাৰেই খাব নালাগে । ইয়াৰ লগতে গাখীৰ খোৱাৰ আগতে টেঙা বস্তু বা ফলমূল, দৈ, নিমখীয়া বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে । এনে কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে । স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ ৪০ মিনিট পিচত গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হয় ।

কুহুমীয়া গাখীৰ খাব লাগে

কুহুমীয়া গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী । বিশেষজ্ঞসকলৰ মতে বয়সস্থ লোকে নিশা শোৱাৰ প্ৰায় এঘণ্টা আগতে গাখীৰ সেৱন কৰিব লাগে । ইয়াৰ বাবে পাচনতন্ত্ৰত বিশেষ একো প্ৰভাৱ নপৰে ৷ আনহাতে যদি আপুনি কুহুমীয়া গাখীৰ খায়, তেন্তে বহু ৰোগৰ পৰা হাত সাৰিব পাৰিব ৷ ইয়াৰ বাহিৰেও দিনটোৰ ভাগৰবোৰো নাইকিয়া হৈ যায় আৰু ভাল টোপনি আহে ।

খালী পেটত পান নকৰিব গাখীৰ

স্বাস্থ্য বিশেষজ্ঞৰ মতে খালী পেটত গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে । একো নাখাই গাখীৰ সেৱন কৰিলে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা হ’ব পাৰে । আনহাতে যিসকল লোকে হজম শক্তিৰ সমস্যাত ভুগি আছে তেওঁলোকে কিবা খোৱাৰ পিচতহে গাখীৰ খোৱাৰ পৰামৰ্শ দিয়া হয় । কিন্তু সৰু ল’ৰা-ছোৱালীৰ বাবে তেনে কৰাটো ক্ষতিকাৰক নহয় । যিকোনো সময়তে গাখীৰ খাব পাৰে আৰু তেনে কৰিলে শক্তি লাভ কৰে । কিন্তু বয়োজ্যেষ্ঠসকলে পুৱাই গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে ।

লগতে পঢ়ক: Cow's milk and Children: নৱজাত শিশুক কিয় গৰুৰ গাখীৰ খাবলৈ দিব নালাগে; ইয়াৰ কাৰণ কি ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.