ETV Bharat / sukhibhava

Cough and Cold: বতৰ পৰিবৰ্তনৰ লগে লগে আৰম্ভ হয় শিশুৰ চৰ্দি-কাহ; তৎক্ষণাত ঔষধ দিয়াটো উচিত নে ? - কেতিয়া ঔষধ খোৱা উচিত

বতৰৰ পৰিৱৰ্তনৰ বাবে শিশুৰ চৰ্দি আৰু কাহৰ আশংকা বৃদ্ধি পায় । এতিয়া প্ৰশ্ন হ’ল যে চৰ্দি হ’লে শিশুক তৎক্ষণাত ঔষধ দিয়াটো উচিত নে অনুচিত ? সঠিক উওৰ জানি লওক...

Is it good to give medicine to children during colds and coughs?
পৰিৱৰ্তিত বতৰত যদি শিশুৰ চৰ্দি হয়, তেন্তে তৎক্ষণাত ঔষধ দিয়াটো উচিত নে ?
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 1:11 PM IST

কিছু মাহৰ পিছত শীতকাল আহিবলৈ গৈ আছে ৷ পৰিৱৰ্তিত বতৰত শিশুৱে সহজেই চৰ্দি আৰু কাহত আক্ৰান্ত হয় ৷ দৰাচলতে উষ্ণতা বৃদ্ধি বা হ্ৰাসৰ বাবে বতৰ গৰম বা ঠাণ্ডা হৈ থাকে ৷ যেতিয়া আমাৰ শৰীৰৰ উষ্ণতা এই পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হয় তেতিয়া ঠাণ্ডাৰ সম্ভাৱনা বাঢ়ি যায় ৷ শিশুসকলে এই সমস্যাত ভুগিবলগীয়া হোৱাৰ সম্ভাৱনা বেছি কাৰণ তেওঁলোক সহজেই বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে দুৰ্বল হৈ পৰে ৷ পিতৃ-মাতৃয়ে লগে লগে সন্তানক চিকিৎসকে দিয়া ঔষধ দি সমস্যাৰ পৰা সকাহ লাভ কৰে ৷

কিন্তু বিশ্বাস কৰা হয় যে, চৰ্দিৰ পিছত কিছু সময়ৰ বাবে ঔষধ বা এন্টিবায়’টিকৰ পৰা দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় ৷ চৰ্দি হ’লে তৎক্ষণাত ঔষধ খোৱাটো উচিত নে চৰ্দিৰ সময়ত শিশুক কিমান সময়ত ঔষধ দিব লাগে সেই বিষয়ে বিশেষজ্ঞৰ জৰিয়তে জানি লওক-

চৰ্দিৰ কাৰণ

চিকিৎসকে কয় যে, চৰ্দিৰ সমস্যা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হয় ৷ ইয়াত আমাৰ নাসিকা গ্ৰন্থিত সমস্যাৰ সৃষ্টি হয় আৰু অহৰক নাকেৰে পানী ব’বলৈ আৰম্ভ কৰে ৷ বিশেষজ্ঞসকলে কয় যে, নাকৰ ফেৰিঞ্জাইটিছ আৰু লেৰিঞ্জাইটিছ ফুলি উঠে যাৰ ফলত অহৰহ হাঁচি আৰু শ্লেষ্মাৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে ৷ যদি কাৰোবাৰ এই সমস্যা সঘনাই হয়, তেন্তে তেওঁ চাইনাছ পৰীক্ষা কৰাব লাগে ৷

কেতিয়া ঔষধ খোৱা উচিত ?

বিশেষজ্ঞসকলে কয় যে, বতৰৰ পৰিৱৰ্তনৰ বাবে শিশু বা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত পানীলগাৰ লক্ষণে দেখা দিয়ে ৷ বেক্টেৰিয়াৰ সংক্ৰমণৰ বাহিৰেও আক্ৰান্ত হোৱাৰ পিছত শৰীৰৰ উষ্ণতা ঠাণ্ডা হৈ পৰে ৷ সাধাৰণ ভাইৰেল দুদিনৰ পৰা চাৰিদিনত নাইকিয়া হৈ যায় ৷ প্ৰশ্ন হয় চৰ্দিত কেতিয়া ঔষধ খাব লাগে ৷

চিকিৎসকে কয় যে, যদি কাৰোবাৰ চৰ্দি অধিক হৈ গৈ আছে আৰু তেওঁৰ ধাৰাবাহিকভাৱে কাহৰ সমস্যা হৈছে তেন্তে তেওঁ চিকিৎসকৰ পৰামৰ্শমতে ঔষধ খাবলৈ আৰম্ভ কৰিব লাগে ৷ চৰ্দিত তৎক্ষণাত ঔষধ সেৱন কৰিলে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পৰে ৷

চৰ্দিৰ বাবে তৎক্ষণাত ঔষধ কিয় গ্ৰহণ নকৰে

চিকিৎসকে কয় যে, চৰ্দিৰ সময়ত শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ ওলাই আহে ৷ এই ক্ষেত্ৰত শিশুটিক তৎক্ষণাত ঔষধ প্ৰদান কৰিলে এই সমস্যা হ্ৰাস নাপায় বৰঞ্চ বৃদ্ধিহে পায় ৷ এন্টিবায়’টিকৰ প্ৰতি আসক্ত লোকসকলে কোনো এটা সময়ত ছুপাৰবাগ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে য’ত ঔষধে নিজৰ প্ৰভাৱ দেখুৱাবলৈ বন্ধ কৰি দিয়ে ৷ চৰ্দিৰ ঔষধ খালে নাকৰ চাইনাচ ভাল হয় যদিও ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে ৷ ঔষধ নিজাববীয়াকৈ গ্ৰহণ কৰা বা শিশুক দিয়াৰ ভুল কেতিয়াও নকৰিব ৷

লগতে পঢ়ক: Oats: আপুনি ওটচ খাই ভাল নাপায় নেকি ? তেন্তে পঢ়ক এই প্ৰতিবেদন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.