নিউজ ডেস্ক,10 আগষ্টঃ বন্ধ্যাত্ব বুলি ক'লে সচৰাচৰ সন্তান উৎপাদনৰ অক্ষমতাকে বুজোৱা হয় । বহল অৰ্থত ক'বলৈ গ'লে কোনো ধৰণৰ জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাৰ সহায় নোলোৱাকৈ এক দম্পতীয়ে বছৰ বছৰ ধৰি যৌন মিলনৰ মাধ্যমেৰে চেষ্টা কৰি থকা সত্বেও গৰ্ভ সঞ্চাৰ নোহোৱাটোকে প্ৰকৃতাৰ্থত বন্ধ্যাত্ব বুলি কোৱা হয়।
বহু বছৰ ধৰি বন্ধ্যাত্ব শব্দটো কেৱল নাৰীসকলৰ সৈতে সংযুক্ত আছিল ৷ কিন্তু আপুনি বাৰু জানেনে পুৰুষৰো যে বন্ধ্যাত্ব হয় আৰু এই বন্ধ্যাত্বৰ সমস্যা কোনো নিৰ্দিষ্ট লিংগ ভিত্তিক নহয় ৷ ইয়াৰ অৰ্থ এইয়ে যে, এগৰাকী মহিলা গৰ্ভৱতী হোৱাটো সম্ভৱ কিন্তু সন্তান জন্মৰ ক্ষেত্ৰত যদিহে সক্ষম নহয় তেনেহ'লে তাৰ কাৰণ হ'ব পাৰে তেওঁৰ সহযোগী গৰ্ভ সঞ্চাৰৰ ক্ষেত্ৰত অক্ষম ৷
পুৰুষৰ এই সমস্যা সন্দৰ্ভত বিশদভাৱে জানিবলৈ আমি কাষ চাপিছিলোঁ হায়দৰাবাদৰ ডা0 ৰাহুল ৰেড্ডী নামৰ এগৰাকী চিকিৎসকৰ ৷ পুৰুষ বন্ধ্যাত্ব সম্পৰ্কত চিকিৎসকগৰাকীয়ে কেতবোৰ মন্তব্য কৰে ৷
ডা0 ৰাহুল ৰেড্ডীয়ে জানিবলৈ দিয়া অনুসৰি পুৰুষ বন্ধ্যাত্বৰ অন্যতম কাৰণ হৈছে কম পৰিমাণৰ শুক্ৰাণু তথা শুক্ৰাণুৰ অভাৱ ৷ ইয়াৰ উপৰি বয়সৰ বৃদ্ধি, অত্যধিক ভাগৰুৱা শৰীৰ, বিভিন্ন ধৰণৰ মানসিক চাপৰ ফলত পুৰুষে স্বাস্থ্যবান শুক্ৰাণু উৎপন্ন কৰিব নোৱাৰে আৰু ইয়ে মহিলাৰ ডিম্বাণুত গৰ্ভধাৰণ কৰাত বাধা দিয়ে ৷ এই ক্ষেত্ৰত তিনিটা প্ৰাথমিক কাৰণ হ'ব পাৰে ৷ তাৰে ভিতৰত শৰীৰত কম পৰিমাণৰ বীৰ্য উৎপাদন, অস্বাস্থ্যকৰ বীৰ্য আৰু ক্ষণস্থায়ী বীৰ্য ৷
এই সমস্যাক তিনিটা শ্ৰেণীত ভাগ কৰা হোৱা হৈছেঃ-
এজুস্পেমিয়াঃ- এইয়া হৈছে এনেকুৱাধৰণৰ চিকিৎসাজনিত স্থিতি য'ত পুৰুষৰ বীৰ্যৰ (মিলনৰ সময়ত তৰল বীৰ্যৰ সৃষ্টি ) পৰিমাণ যথেষ্ট কম ৷ যাৰ অৰ্থ হৈছে মহিলাৰ ডিম্বাণুত কোনোধৰণৰ গৰ্ভধাৰণ নহয় ৷
অলিগ’স্পাৰ্মিয়াঃ ডা0 ৰেড্ডীয়ে কয় যে, এইয়াও একপ্ৰকাৰৰ চিকিৎসাজনিত স্থিতি য'ত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা প্ৰয়োজনতকৈ কম হয় ৷ তেওঁ জানিবলৈ দিয়া মতে, এজন প্ৰাপ্তবয়স্ক পুৰুষৰ স্বাভাৱিক বীৰ্যৰ প্ৰতি মিলিলিটাৰত 15 মিলিয়ন শুক্ৰকীট থকা উচিত আৰু এই সংখ্যাৰ পৰিমাণ কম হ'লে বন্ধ্যাত্বৰ ক্ষেত্ৰত সহায় হয় ৷
ভেৰিকেচিলঃ ই অণ্ডকোষক ৰখা পাতল মোনাৰ ভিতৰত থকা শিৰা বৃদ্ধিত উদগনি যোগায় ৷"ভেৰিকেচিল" শুক্ৰানু সৃষ্টিত ব্যাঘাত জন্মাব পৰা এটা অন্যতম কাৰণ ৷
গৰ্ভধাৰণৰ ক্ষেত্ৰত অসামঞ্জস্যতা দেখা দিয়াৰ কাৰণ হৈছে হৰম'নৰ আনুবংশিক বিসংগতি ৷ ডা0 ৰেড্ডীয়ে জনোৱা অনুসৰি,বহুবাৰ বন্ধ্যাত্বৰ কাৰণ এজন পুৰুষৰ অণ্ডকোষৰ কোনো গুৰুতৰ ৰোগ হ'ব পাৰে যিয়ে ‘টেষ্টোটেৰণ’ নামৰ পুংহৰম'নৰ উৎপাদনত প্ৰভাৱিত কৰে ৷
এইক্ষেত্ৰত তলত উল্লেখ কৰা লক্ষণসমূহক লৈ সতৰ্ক হ'ব লাগেঃ
1- সমস্যাৰ সৃষ্টি আৰু তৰল বীৰ্যপাত
2-কম সময়ৰ যৌনমিলন
3-অণ্ডকোষৰ বিষ, ফুলি উঠা আৰু পিণ্ডৰ সৃষ্টি
4-শ্বাস-প্ৰশ্বাসত কষ্ট
5-পুৰণি যৌন সমস্যা
6-পুৰণি অণ্ডকোষ,কঁকাল তথা লিংগৰ চিকিৎসা
স্বাস্থ্য আৰু জীৱনশৈলীৰ কাৰণঃ
1-মাদকদ্ৰব্য সেৱন
2- অত্যাধিক ধূম্ৰপান, মদ্যপান
3-আৱেগিক আৰু মানসিক সমস্যা
4-অত্যাধিক ভাগৰ
5- অত্যধিক মেদ পূৰ্ণ গধুৰ শৰীৰ
6-মানসিক অশান্তি
এনেবোৰ সমস্যাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ হ'লে কি কৰিব আপুনি ?
1-ধূম্ৰপান, মদ্যপানৰ পৰা নিজক আঁতৰাই ৰাখক
2-শৰীৰৰ ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্ব
3-মাদকদ্ৰব্য সেৱনৰ পৰা নিজক দূৰত ৰাখক
4-বন্ধ্যাকৰণ নকৰিব
5-অণ্ডকোষৰ উত্তাপ বৃদ্ধি কৰা সকলো কাৰ্যপন্থাৰ পৰা আঁতৰি থাকক
6-গধূৰ সামগ্ৰী, কীটনাশক আৰু বিষাক্ত পদাৰ্থৰ পৰিৱেশৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰক
7-ভাগৰ দূৰ কৰাৰ কৌশল অৱলম্বন কৰক
লগতে পঢ়কঃCOVID-19 ত আক্ৰান্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত