ভাৰতবৰ্ষৰ দৰে কৃষি প্ৰধান দেশ এখনত ঘেঁহু, ধান তথা মাহজাতীয় শস্যই জনগণৰ খাদ্য তালিকাত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে ৷ সম্ভৱতঃ ভাৰতীয়সকলৰ কোনো আহাৰেই সোৱাদযুক্ত “ৰুটি” অবিহনে সম্পূৰ্ণ নহয় ৷ লাগিলে সাধাৰণ ডাইল এখন নাইবা শাকৰ তৰকাৰীখনেই নহওঁক কিয়, আমাৰ আহাৰত এই দুবিধৰ পুৰণি সংগী সুকোমল ফুলা ফুলা ৰুটি থাকিবই লাগিব ৷
ইটিভি ভাৰতৰ সুখীভৱই এম ডি (এইছ অ’ এম), এম এছ চি (ডি এফ এছ এম) তথা কঞ্চালটিং হোমিঅ’পেথ আৰু মুম্বাইৰ ছানশ্বাইন হোমিঅ’পেথি ক্লিনিকত অনুশীলন কৰি থকা ক্লিনিকেল নিউট্ৰিশ্বনিষ্ট ডাঃ ক্ৰটি এছ ধিৰৱানীৰ সৈতে এই সংক্ৰান্তত কিছু আমোদজনক তথ্য যুগুতাবৰ বাবে এক কথোপকথনত মিলিত হয় ৷
এখন ৰুটি বনাবলৈ আমাক প্ৰয়োজন হোৱা একমাত্ৰ সামগ্ৰীবিধেই হ’ল আটা ৷ অতীতৰে পৰাই ভাৰতীয় খাদ্যসম্ভাৰ প্ৰস্তুতকৰণত আটাই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে ৷
যদিও প্ৰায়বোৰ বীজ জাতীয় শস্যই উচ্চ পুষ্টিযুক্ত তথা আঁহ যথেষ্ট পৰিমাণে থাকে, তথাপি আমাৰ দৈনন্দিন খাদ্যভাসত বিভিন্ন ধৰণৰ আটা জাতীয় আহাৰ সংযোজন কৰিবলৈ অতি সহজ ৷ ৰুটি, পৰঠা, পুৰি প্ৰস্তুত কৰাৰ বাদেও বিভিন্ন ধৰণৰ লঘু আহাৰ যেনে ডোচা, ইডলি, ধোকলা, পেনকেকৰ লগতে বিভিন্ন ধৰণৰ মিঠাই যেনে বিস্কুত-পিঠা আদি প্ৰস্তুত কৰিবলৈ আটা বা ময়দাৰ ব্যৱহাৰ কৰা হয় ৷ আনহাতে, বীজ জাতীয় শস্যৰ পৰা প্ৰস্তুত কৰা আহাৰতকৈ আটা বা ময়দাৰে তৈয়াৰী আহাৰ হজম কৰিবলৈও সহজ ৷ বয়সীয়াল লোকসকল বিশেষকৈ দুৰ্বল দাঁত আৰু কৃত্ৰিম নলীৰ সহায়েৰে আহাৰ গ্ৰহণ কৰি থকাসকলক বিভিন্ন বীজ জাতীয় শস্যৰ পৰা প্ৰস্তুত কৰা আহাৰৰ তুলনাত ঘেঁহু আদিৰ পৰা তৈয়াৰী ডালিয়া জাতীয় খাদ্য খুৱাবলৈ সহজ ৷
ভাৰতত বিভিন্ন প্ৰকাৰৰ আটা জাতীয় খাদ্য সামগ্ৰীৰ প্ৰচলন আছে ৷ কিন্তু সততে উত্থাপিত হোৱা প্ৰশ্নটো হ’ল ইয়াৰ ভিতৰত আটাইতকৈ পুষ্টিকৰ কোনবিধ ?
বীজ জাতীয় শস্যৰ পৰা প্ৰস্তুত কৰা পিঠাগুড়ি:
এনে ধৰণৰ আটা, ঘেঁহু, চাউল, বজৰা ইত্যাদিৰ পৰা প্ৰস্তুত কৰা হয় ৷ এনে ধৰণৰ পিঠাগুড়িৰ পৰাই বিভিন্ন ভাৰতীয় পিঠাজাতীয় খাদ্যসমূহ তৈয়াৰ কৰা হয় ৷
ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটা:
আমাৰ দেশত সৰ্বাধিক উৎপন্ন হোৱা শস্যবিধেই হ’ল ঘেঁহু আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা আটা ভাৰতীয় খাদ্য সম্ভাৰত আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় ৷ লগতে ই পুষ্টিকৰো ৷ পৰম্পৰাগতভাৱে ‘চাকি’ নামৰ শিলেৰে বনোৱা যতন এবিধত ঘেঁহু পিচি আটা প্ৰস্তুত কৰা হয় ৷
ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটাত ফলিক এচিড, মেংগানিজ, মেগনেছিয়াম, চেলেনিয়াম, খাদ্যপ্ৰাণ ই, বি ছিক্স, কপাৰ আৰু জিংক ভৰপূৰ মাত্ৰাত পোৱা যায় ৷ আটাৰ পৰা বিভিন্ন খাদ্যসম্ভাৰ যেনে ৰুটি, পৰঠা, মালপোৱা, হালৱা, ৰাজস্থানী দাল-বাতি ইত্যাদি প্ৰস্তুত কৰা হয় ৷
গোমধানৰ পৰা প্ৰস্তুত কৰা আটা:
উচ্চ সোৱাদযুক্ত আৰু পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ “মাকৈৰ আটা” দীৰ্ঘ সময়জুৰি সাঁচি ৰাখিব পৰা যায় ৷ এই আটা প্ৰাকৃতিকভাৱে আঁহজাতীয় পোষক তত্ব, এণ্টি অক্সিডেণ্ট, মেগনেছিয়াম, খাদ্যপ্ৰাণ বি, অমেগা ছিক্স আৰু উদ্ভিদজাত প্ৰ’টিনৰে পৰিপূৰ্ণ ৷ এণ্টি অক্সিডেণ্টৰে ভৰপূৰ মাকৈৰ আটা দৃষ্টিশক্তিৰ বাবে খুবেই ভাল; লগতে ই কৰ্কট ৰোগ আৰু ৰক্তাল্পতাও প্ৰতিৰোধ কৰে ৷ তথাপি এই আটাৰে প্ৰস্তুত কৰা খাদ্য অত্যধিকভাৱে গ্ৰহণ কৰিলে হজম কৰাত কঠিনতা আহিব পাৰে ৷
পিঠাগুৰি:
বগা নাইবা মুগা ৰঙৰ চাউলৰ পৰা প্ৰস্তুত কৰা এই পিঠাগুড়িক ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটাৰ ‘গ্লুটেন মুক্ত’ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয় ৷ ই অধিক কাৰ্ব’হাইড্ৰেট যুক্ত, ইয়াত কম পৰিমাণে চৰ্বি থাকে আৰু সঠিক হাৰত প্ৰ’টিন মজুত থাকে ৷ বগা চাউল খুন্দাৰ আগতেই সমগ্ৰ প্ৰক্ৰিয়াটোতে ইয়াৰ পৰা সৰহসংখ্যক পোষক তত্ব নষ্ট হয় ৷ ইয়াৰ তুলনাত মুগা ৰঙৰ চাউলত অধিক হাৰত আঁহ, খাদ্যপ্ৰাণ বি, ফছফৰাছ আৰু মেগনেছিয়াম মজুত থাকে ৷
হুইট ব্ৰান বা ঘেঁহুৰ তুঁহৰ পৰা প্ৰস্তুত কৰা আটা:
ব্ৰান, অৰ্থাৎ ঘেঁহুৰ উপৰি ভাগৰ কঠিন তৰপটো, ইয়াক ঘেঁহু খুন্দাৰ সময়ত সংগ্ৰহ কৰা হয় ৷ হুইট ব্ৰান আটাত মজুত থকা অদ্ৰৱণীয় আঁহে আমাৰ পাচন প্ৰক্ৰিয়া বৃদ্ধি কৰে ৷ এনে আঁহজাতীয় আহাৰ গ্ৰহণ কৰিলে কৌষ্ঠকাঠিন্যতা দূৰ হয় ৷ কিয়নো এনে আহাৰে ‘প্ৰি বায়’টিক’ হিচাপে কাম কৰে আৰু স্বাস্থ্যৰ পক্ষে লাভদায়ক বেক্টেৰিয়াৰ বিকাশত সহায় কৰে ৷
উচ্চহাৰত আঁহ মজুত থকাৰ বাবে কলেষ্ট’ৰেল স্তৰ উন্নত হোৱাত কাৰ্যকৰী ভূমিকা লয় লগতে নিয়াচিন, খাদ্যপ্ৰাণ বি ছিক্স, মেংগানিজ, জিংক, কপাৰ আদিৰ দৰে পোষক তত্ববোৰৰ খুবেই উপযুক্ত উৎস হিচাপে কাম কৰে ৷
পিঠাগুৰিৰ পৰা প্ৰস্তুত আহাৰ কোনসকল লোকে গ্ৰহণ কৰিব নালাগে:
ওপৰত উল্লেখিত বিভিন্ন পিঠাগুড়ি সমূহ স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক যদিও সকলোৱে ইয়াক গ্ৰহণ কৰা উচিত নহয় ৷ ঘেঁহু, বাৰ্লি আৰু ৰাইৰ পৰা প্ৰস্তুত কৰা আটাত গ্লুটেন মজুত থাকে ৷ ই এক বিশেষ প্ৰ’টিন ৷ কিন্তু সকলোৰে বাবে লাভদায়ক নহ’বও পাৰে ৷ গ্লুটেন এলাৰ্জী নাইবা গ্লুটেনৰ প্ৰতি সংবেদনশীল নাইবা ছিলিয়াক ৰোগত ভূগি থকা লোকসকলে এই আটাৰ পৰা প্ৰস্তুত কৰা আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে ৷ কিয়নো ই বদহজমী, আলস্য নাইবা গাঁঠিৰ বিষৰ কাৰণ হ’ব পাৰে ৷