ETV Bharat / sukhibhava

Hair Care Routine: চুলি শুকান হোৱাৰ সমস্যাই দেখা দিছে ? তেন্তে এনেদৰে ব্যৱহাৰ কৰক নাৰিকল তেল - শুকান চুলিৰ সমস্যা

শুকান চুলিৰ সমস্যাৰ বাবে বহুলোকে সমস্যাত ভুগিবলগীয়া হয় ৷ তেনেস্থলত নাৰিকল তেলও ব্যৱহাৰ কৰিব পাৰে । ই আপোনাৰ চুলিক গভীৰভাৱে পুষ্টি দিয়ে । শুকান চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কেনেকৈ নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে জানো আহক ।

If your hair is becoming dry, then use coconut oil like this
চুলি শুকান হোৱাৰ সমস্যাই দেখা দিছে ? তেন্তে এনেদৰে ব্যৱহাৰ কৰক নাৰিকল তেল
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 5:10 PM IST

শুকান বা ৰুক্ষ চুলিৰ সমস্যাই বহুত লোকৰ বাবে সমস্যাৰ সৃষ্টি কৰে । শুকান চুলিৰ বাবে আপোনাৰ চুলিও যথেষ্ট পৰিমাণে সৰিবলৈ আৰম্ভ কৰে । ইয়াৰ বাবেই চুলি পাতল হৈ পৰে । ইয়াৰ বাবেই বিভক্ত মূৰৰ সমস্যাও হ’ব পাৰে । বহু দেৰি হোৱাৰ আগতে চুলিৰ সঠিক যত্ন লোৱাটো জৰুৰী । চুলিৰ শুকান ভাব আঁতৰাবলৈ আপুনি কিছুমান প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব পাৰে ।

এই প্ৰাকৃতিক বস্তুবোৰে চুলিক গভীৰভাৱে পুষ্টি প্ৰদান কৰাৰ কাম কৰে । এই প্ৰাকৃতিক বস্তুবোৰে চুলিৰ লগত জড়িত আন বহু সমস্যাৰ পৰাও ৰক্ষা কৰাৰ কাম কৰে । চুলিৰ শুষ্কতা আঁতৰাবলৈ আপুনি কি কি বস্তু ব্যৱহাৰ কৰিব পাৰে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ।

নাৰিকল তেলৰ সৈতে মালিচ কৰক

নাৰিকল তেল গৰম কৰিও মূৰৰ মালিচ কৰিব পাৰে । নাৰিকল তেলখিনি অলপ গৰম কৰি লওক । ইয়াৰ দ্বাৰা মূৰৰ ছালখন ১০ মিনিট মালিচ কৰক । এই তেল মূৰৰ ছালত প্ৰায় ৪০ মিনিটমান ৰাখিব । ইয়াৰ পিছত মৃদু চেম্পুৰে মূৰটো ধুব । সপ্তাহত এবাৰ বা দুবাৰ নাৰিকল তেলেৰে মূৰৰ ছালখন মালিচ কৰিব পাৰে ।

নাৰিকল তেল আৰু কণী

শুকান চুলিৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈও নাৰিকল তেল আৰু কণী ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাবে দুয়োটা বস্তু মিহলাই প্ৰায় আধা ঘণ্টামান মূৰৰ ছালত ৰাখিব । ইয়াৰ পিছত মূৰটো ঢাকি দিব । এই হেয়াৰ পেকটো আপুনি সপ্তাহত তিনিবাৰ ব্যৱহাৰ কৰিব পাৰে । এই হেয়াৰ মাস্কে আপোনাৰ চুলি কোমল কৰাত সহায় কৰিব ।

নাৰিকল তেল আৰু কলৰ পেষ্ট

শুকান চুলি কোমল কৰিবলৈও নাৰিকল তেল আৰু কলৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাবে এটা বাটিত ৩ চামুচ তেল আৰু কল গুড়ি কৰি লওক । এতিয়া এই পেষ্টটো চুলিত পেকৰ দৰে লগাওক । ইয়াৰ পিছত পৰিষ্কাৰ পানীৰে চুলি পৰিষ্কাৰ কৰিব লাগে । কোমল চুলিৰ বাবে সপ্তাহত এবাৰ বা দুবাৰ এই হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে ।

দৈ আৰু নাৰিকল তেলৰ পেক

আধা কাপ দৈত ২ৰ পৰা ৩ চামুচ নাৰিকল তেল মিহলাই লওক । এই দুটা মিহলাই চুলিত লগাব । দৈ আৰু নাৰিকল তেলৰ পেকটো মূৰত আধা ঘণ্টা ধৰি ৰাখিব। তাৰ পিছত মৃদু চেম্পুৰে চুলি ধুব ।

লগতে পঢ়ক: Health Tips: দিনটোত কেইখন ৰুটি খালে আপোনাৰ অপকাৰ নহয় ! সবিশেষ জানি লওক...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.