ETV Bharat / sukhibhava

Dog Bite: যদি কুকুৰে কামোৰে তেন্তে চিকিৎসাত পলম নকৰিব, সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত কৰক এই ১০টা কাম - কুকুৰে কামোৰাৰ লগে লগে এই ১০টা কাম কৰক

কেতিয়াবা পোহনীয়া কুকুৰৰ লগত খেলি থাকোঁতে হঠাৎ কামোৰিব পাৰে । ইহঁতৰ দাঁত অতি চোকা আৰু ইয়াৰ ফলত আপোনাৰ ছালত গভীৰ ঘাঁ হ’ব পাৰে । ইয়াৰ বাহিৰেও ৰাস্তাত খোজ কঢ়াৰ সময়তো কুকুৰে আপোনাক হঠাতে আক্ৰমণ কৰিব পাৰে । যদি কেতিয়াবা কুকুৰে কামোৰে তেন্তে তৎক্ষণাত ঘাঁটো পৰিষ্কাৰ কৰি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ এই ১০ টা কাম তৎক্ষণাত কৰক ।

If a dog bites you, do not delay in treatment, do these 10 things immediately to avoid infection!
যদি কুকুৰে কামোৰে তেন্তে চিকিৎসাত পলম নকৰিব, সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত কৰক এই ১০টা কাম
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:13 PM IST

কুকুৰে কামোৰাটোৱে নিশ্চিতভাৱে বিষ দিয়ে আৰু ই যথেষ্ট বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে ৷ লগতে এই জন্তুৰ পৰা আজীৱন ভয়ো বাঢ়ি যায় ৷ পৰিসংখ্যা অনুসৰি ভাৰতত কুকুৰে কামোৰাৰ ফলত হোৱা ৰোগ জলাতংক ৰোগত প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হৈছে ৷ আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল যে প্ৰতি বছৰে বিশ্বজুৰি জলাতংক ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ৩৬ শতাংশই ভাৰতত সংঘটিত হয় ৷ দুৰ্ভাগ্যজনকভাৱে আক্ৰান্ত কুকুৰৰ কামোৰৰ বলি হোৱা লোকৰ অধিকাংশই শিশু ৷

শেহতীয়াকৈ ৱাগ বাকৰি চাহৰ স্বত্বাধিকাৰী পৰাগ দেশাইৰ কুকুৰৰ আক্ৰমণত মৃত্যু হয় ৷ কিন্তু এই ক্ষেত্ৰত কুকুৰটোৱে তেওঁক কামোৰা নাছিল যদিও ইয়াৰ আক্ৰমণৰ বাবে তেওঁ তললৈ পৰি মগজুৰ ৰক্তক্ষৰণ হয় ৷ কোম্পানীটোৱে ছ’চিয়েল মিডিয়াত তথ্য শ্বেয়াৰ কৰিছিল যে বিগত সপ্তাহত তেওঁৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু দেওবাৰে (২২ অক্টোবৰ ২০২৩) চিকিৎসালয়ত মৃত্যু হৈছিল ৷ ইয়াৰ পূৰ্বে গাজিয়াবাদত এটি ১৪ বছৰীয়া শিশুৱে কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগত আক্ৰান্ত হৈছিল, যাৰ বাবে তেওঁৰ মৃত্যুও হৈছিল ৷

সেয়ে আজি আমি আপোনালোকক জনাইছো যে ৰেবিজৰ ভেকচিন আৰু ঘাঁৰ সঠিক যত্ন লোৱাটোৱে কেনেকৈ কুকুৰে কামোৰাৰ পিছত আপোনাৰ জীৱন ৰক্ষা কৰিব পাৰে ৷

কুকুৰে কামোৰাৰ লগে লগে এই ১০টা কাম কৰক

  1. ঘাঁটো যিমানেই সৰু যেন নালাগক কিয়, কিন্তু ইয়াৰ ফলত গুৰুতৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পোৱাৰো আশংকা থাকে, আনকি ই মাৰাত্মক বুলিও প্ৰমাণিত হ’ব পাৰে ৷ সেয়ে ঘৰলৈ অহাৰ পিছত ঘাঁটো চাবোনেৰে ধুই কুহুমীয়া পানীত ৫ৰ পৰা ১০ মিনিট ৰাখিব লাগে ৷ তাৰ পিছত শুকুৱাই লওক ৷
  2. ৰক্তক্ষৰণ হ’লে পৰিষ্কাৰ কাপোৰেৰে ঘাঁটো হেঁচা মাৰি ধৰিলে ৰক্তক্ষৰণ বন্ধ হয় ৷
  3. ডেটল বা ছাভলনৰ দৰে এন্টিচেপ্টিক দ্ৰৱণেৰে ঘাঁ ভালদৰে পৰিষ্কাৰ কৰক আৰু তাৰ পিছত ঘৰত থাকিলে বিটাডিন মলম প্ৰয়োগ কৰক ৷
  4. ইয়াৰ পিছত ঘাঁটো পৰিষ্কাৰ বেণ্ডেজেৰে বান্ধি লওক ৷
  5. এতিয়া চিকিৎসকৰ ওচৰলৈ যাওক যাতে তেওঁ আপোনাৰ ঘাঁটো চাব পাৰে আৰু তাৰ সঠিক চিকিৎসাৰ পৰামৰ্শ দিব পাৰে ৷
  6. ডাক্তৰে আপোনাক টিটেনাছ আৰু ৰেবিজৰ টিকা দিব ৷ ৰেবিজৰ সকলো ড’জ ল’বলৈ নাপাহৰিব নহ’লে ৰেবিজৰ আশংকা থাকিব ৷
  7. ঘাঁৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ চিকিৎসকে ঘাঁৰ বাবে এন্টিবায়টিকো দিব পাৰে ৷
  8. কুকুৰে কামুৰিলে ঘাঁৰ পৰা প্ৰায়ে পূজ ওলায়, গতিকে ভালদৰে পৰিষ্কাৰ কৰক ৷
  9. যদি ঘাঁটো গভীৰ হয় তেন্তে দিনটোত কমেও দুবাৰকৈ ঘাঁটো ড্ৰেছিং কৰাটো প্ৰয়োজনীয় ৷
  10. ঘাঁত যাতে কোনো ধৰণৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ যদি ৰক্তক্ষৰণ বন্ধ নহয়, পূজৰ লগতে ৰঙা পৰা আৰু ফুলি উঠে, বিষ বাঢ়ে আৰু জ্বৰ বাঢ়ে, তাৰ পিছত লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ৷

অতিৰিক্ত যত্ন লওক যদি:

  • ঘাঁটো ডাঙৰ আৰু গভীৰ ৷
  • যদি আপুনি ডায়েবেটিছ, কেন্সাৰ বা এইডছ ৰোগী ৷
  • যদি আপুনি কোনো ৰোগত আক্ৰান্ত যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে ৷
  • যদি ১৫ মিনিটৰ পিছত টিপিলেও ঘাঁৰ পৰা তেজ ওলোৱা বন্ধ নহয় ৷
  • যদি কুকুৰে কামোৰাৰ ফলত স্নায়ু বা কলা ক্ষতিগ্ৰস্ত হৈছে ৷
  • যদি আপুনি বিগত ৫ বছৰত টিটেনাছৰ ভেকচিন লোৱা নাই ৷
  • যদি আপুনি পাগল কুকুৰে কামোৰে ৷

লগতে পঢ়ক: Morning Yoga: হৃদয়-মন দুয়োটাই হৈ থাকিব সুস্থ; কেৱল প্ৰতিদিনে কৰক এই সহজ যোগাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.