বৰ্তমান সময় প্ৰতিগৰাকী লোকৰে কম বেছি পৰিমাণে হোৱা এটা সমস্যা হৈছে ফ্ৰেকলচ বা মুখৰ ক’লা দাগৰ সমস্যা ৷ বয়সজনিত যিবোৰ সমস্যা আছে তাৰ ভিতৰত এটা হৈছে মুখৰ ক’লা দাগৰ সমস্যা ৷ ২৫ বছৰৰ উৰ্দ্ধৰ যিসকল মহিলা আছে তেওঁলোকৰ সাধাৰণতে মুখত সৰু সৰু ক’লা দাগ পৰা পৰিলক্ষিত হয় যাক ফ্ৰেকলচ বুলি কোৱা হয় ৷ প্ৰতি দহগৰাকী মহিলাৰ ভিতৰত পাঁচগৰাকীৰে ক’লা দাগৰ সমস্যা হোৱা দেখা যায় ৷
ফ্ৰেকলচ বা ক’লা দাগৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কি কৰিব লাগে
১) ফ্ৰেকলচ বা ক’লা দাগৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আমি নিয়মিতভাৱে মুখৰ যতন ল'ব লাগে ৷
২) যিমান পাৰো সিমান আমাৰ ছালখন ৰ'দৰ পৰা বচাই ৰাখিব লাগে ৷ পুৱা ৯ বজাৰ পৰা ৩ বজাৰ ভিতৰৰ ৰ'দ খুব বেছি কাঢ়া হয় আৰু কাঢ়া ৰশ্মিৰ যিটো ক্ষতিকৰ প্ৰভাৱ সেইটো যদি ছালত পৰে তেতিয়া এই সমস্যা বাঢ়ি যায় ৷
৩) ৰ'দলৈ ওলাই গলে চানচ ক্ৰীম লোচন লগাই হে বাহিৰলে ওলাব লাগে ৷ উত্তৰ পূৰ্বাঞ্চলত সাধাৰণতে SPF 30 চানচ ক্ৰীম লোচন ব্যৱহাৰ কৰিলে হয় ৷
তাৰ ওপৰত পাৰিলে এটা কমপেক্ট পাউদাৰ লগাব লাগে ৷ এনে কৰিলে ছালখন সুৰক্ষিত হয় থাকে ৷
ঘৰুৱাভাৱে ক’লা দাগৰ সমস্যাৰ পৰা কেনেদৰে হাত সাৰিব পাৰি
ঘৰুৱাভাৱে এই সমস্যাৰ পৰা উপশম পাবলৈ হলে লাগিব বিলাহীৰ ৰস, এচামুছ সতেজ টেঙা দৈ, আৰু এচামুছ মৌ ৷ আটাইখিনি ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব লাগিব ৷ মুখৰ যি যি অংশত ক’লা দাগ আছে তাত ১৫ মিনিট লগাই থৈ দিব ৷ ১৫ মিনিটৰ পাছত মুখখন ধুই দিব ৷ নিয়মিত এনেদৰে যতন ল’লে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব ৷ ইয়াৰোপৰি এগৰাকী অভিজ্ঞ বিশেষজ্ঞ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ৷
লগতে পঢ়ক: Teachers Day 2023: শিক্ষক দিৱসত এই পদ্ধতিৰে আপোনাৰ শিক্ষাগুৰুসকলক বিশেষ অনুভৱ কৰাওক