ETV Bharat / sukhibhava

খাদ্য আৰু পানীয়ই যৌন স্বাস্থ্য কেনেকৈ সঠিককৈ ৰাখে ? - যৌন স্বাস্থ্য

যৌন সংগমত প্ৰভাৱ পেলাব পৰা খাদ্য সন্দৰ্ভত ইটিভি ভাৰত সুখীভৱৰ এক বিশেষ প্ৰতিবেদন...

খাদ্য আৰু পানীয়ই যৌন স্বাস্থ্য কেনেকৈ সঠিককৈ ৰাখে ?

author img

By

Published : Mar 10, 2021, 4:04 PM IST

Updated : Mar 10, 2021, 5:21 PM IST

বয়স, ক্লান্তি, মানসিক চাপ আৰু আধুনিক জীৱন যাত্ৰাই মানুহৰ যৌন জীৱনত বহুখিনি প্ৰভাৱ বিস্তাৰ কৰে । ইয়াৰ বাহিৰে খাদ্যাভাসেও হ্ৰাস কৰিব পাৰে যৌন জীৱন আৰু দৈহিক শক্তি । এই সকলোবোৰৰ পৰা মুক্তি পাবলৈ প্ৰাচীন কালৰে পৰা প্ৰচলিত কিছু ঘৰুৱা খাদ্য আৰু পানীয়ই আমাক সহায় কৰি আহিছে । এনে কিছু খাদ্যই আমাক এক সুস্থ সবল দেহ প্ৰদান কৰিব পাৰে আৰু লগতে এক সুস্থ যৌন জীৱন পোৱাত সহায় কৰিব পাৰে ।

নিউ ইংলেণ্ড জাৰ্ণেল অৱ মেডিচিনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, মিঠা বেছিকৈ খালে ডায়েবেটিছৰ দৰে সমস্যাৰ উদ্ভৱ হ’ব পাৰে । কিছু পানীয় যেনে- চ’ডা মিহলি কৰা খাদ্যসমূহে বিশেষকৈ দাঁতৰ সমস্যা আৰু শৰীৰত মেদবহুলতাৰ সৃষ্টি কৰে আৰু আমাৰ শৰীৰৰ হাড়সমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, যিয়ে যৌন জীৱনত বহুখিনি অপকাৰ কৰে ।

নহৰু (Garlic): পৌৰাণিক কালৰে পৰাই নহৰুৰ ঔষধি গুণবোৰ যৌন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উত্তম বুলি জনা যায় । লগতে ই পুৰুষৰ দেহত শক্তিবৰ্ধক হিচাপে কাম কৰে । নহৰুৱে শৰীৰত তেজ পৰিশোধন কৰে আৰু তেজৰ চলাচল বৃদ্ধি হোৱাত অধিক সহায় কৰে । নহৰুত থকা ‘এলিচিন’ নামৰ পদাৰ্থ বিধে শৰীৰত সঠিক ৰূপত তেজৰ চলাচল কৰাৰ বাবে সহায়ক হয় আৰু লগতে যৌন উত্তেজনা বৃদ্ধিত সহায় কৰে । ইয়াৰোপৰি, নহৰুৱে আমাৰ দেহক বহু ধৰণৰ সংক্ৰমণৰ পৰাও ৰক্ষা কৰে ৷ সেয়েহে পুৰুষ বা মহিলাই নহৰুক খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰাতো নিত্যান্তই প্ৰয়োজন ।

কেশৰ (Saffron): কেশৰ বাহিৰৰ দেশসমূহত খুবেই জনপ্ৰিয় আৰু ভাৰতে ইয়াক বাহিৰৰ দেশৰ পৰা আমদানি কৰে । কেশৰ এক প্ৰাকৃতিক যৌন শক্তিবৰ্ধক আৰু ই যৌন হৰম’নক প্ৰভাৱিত কৰি এক সুস্থ যৌন জীৱনৰ বাবে সহায়ক হয় । ভাৰতৰ বিভিন্ন ঠাইত এতিয়াও কেশৰ গাখীৰৰ লগত মিহলি কৰি মধুচন্দ্ৰিকাৰ নিশা পান কৰাৰ প্ৰবাদ প্ৰচলিত আছে ।

এভ’কেডো (Avocado): এই ফলবিধ বিদেশত খুবেই জনপ্ৰিয় আৰু ভাৰতত ইয়াক বিদেশৰ পৰা আমদানি কৰা হয় । এভ’কেডো যৌন শক্তি বৃদ্ধিত সহায়ক হয় । ইয়াত ফলিক এচিড আৰু পটাচিয়ামৰ মাত্ৰা বেছি থকাৰ বাবে ই শক্তি আৰু যৌন প্ৰৱণতা বৃদ্ধিত সহায় কৰে ।

তৰমুজ (Watermelon): তৰমুজো দেহৰ যৌন প্ৰৱণতা বৃদ্ধিৰ বাবে সহায়ক । ইয়াত ‘চিত্ৰলাইন’ নামৰ এবিধ এমিন’ এচিড থাকে, যিয়ে আমাৰ দেহত আৰজিনাইন এমিন’ এচিড বৃদ্ধি কৰে । ফলস্বৰূপে ই শৰীৰৰ শিৰাসমূহ শিথিল কৰে আৰু যৌন প্ৰৱণতা বৃদ্ধি কৰাৰ উপৰিও যৌনাংগক অধিক কৰ্মথ কৰি তোলে । তৰমুজ ভায়েগ্ৰাৰ নিচিনাকৈ ইৰেক্তাইল দিচফাংচন ৰোধ কৰাত সহায়ক হয় ।

চকলেট (Chocolate): চকলেট সদায় ৰোমাঞ্চৰ সৈতে জড়িত আৰু ইয়াৰ সেৱনে যৌনাংগৰ প্ৰৱণতা বৃদ্ধি কৰে । চকলেটত থকা চেৰট’নিন নামৰ হৰম’নে মন-মগজুৰো উন্নতি সাধন কৰে আৰু যৌন প্ৰৱণতা বৃদ্ধি কৰে ।

কণী (Egg): কণীৰ সেৱনেও যৌন জীৱনত প্ৰভাৱ পেলায় । কণীত থকা ভিটামিন B-5 আৰু B-6 য়ে মানসিক চাপ হ্ৰাস কৰে, যিয়ে উত্তেজনা বৃদ্ধিত সহায় কৰে । কণীত থকা আন উপাদানসমূহেও দেহক শক্তিশালী আৰু সুস্থ কৰি ৰাখে ।

ফল (Fruits): কিছুমান ফলেও আমাৰ যৌন জীৱনত ভালেখিনি প্ৰভাৱিত কৰিব পাৰে । আপেল, কল, চেৰি, নাৰিকল, খেজুৰ, আম, আঙুৰ, অমিতা, ডালিম, ৰেস্পবেৰি আদি ফলসমূহ ইয়াৰ বাবে জনাজাত ।

পাচলি (Vegetables): যৌন উত্তেজনাৰ ওপৰত কৰা বহু গৱেষণাই ইতিমধ্যে প্ৰমাণ কৰিছে যে, বতৰৰ পাচলিসমূহেও আমাৰ যৌন জীৱন প্ৰভাৱিত কৰিব পাৰে । বতৰৰ পাচলি যেনে- গাজৰ, তিয়ঁহ, পিঁয়াজ, বেঙেনা আৰু পালেং শাকে আমাৰ শৰীৰক সুস্থ ৰাখি আমাৰ যৌন সংগমৰ প্ৰৱণতা বৃদ্ধি কৰে ।

বুট (Ceci Bean): বুটমাহেও আমাৰ যৌন জীৱন প্ৰভাৱিত কৰিব পাৰে । বিশেষজ্ঞসকলে কয় যে, বুটমাহৰ পায়স বা লাড়ুৱে যৌন শক্তি আৰু প্ৰৱণতা বৃদ্ধি কৰে ।

আন কিছু উপায়-

  • গাখীৰত তিয়াই থোৱা খেজুৰ খালে যৌন উত্তেজনাৰ প্ৰৱণতা বৃদ্ধি হয় ।
  • বাদাম আৰু বুটৰ দাইলেও যৌন শক্তি আৰু প্ৰৱণতা বৃদ্ধি কৰে ।
  • কুহুমীয়া গাখীৰত কম পৰিমাণে চেনী আৰু ঘি মিহলাই খালেও ই বহুখিনি সহায়ক হয় ।
  • পকা কল গাখীৰ অথবা ক্ৰীমৰ লগত খালেও দেহত শক্তি বৃদ্ধি হয় ।

কি কি খাব নালাগে-

  • অত্যাধিক খাদ্য বা মছলাযুক্ত আৰু ভজা খাদ্যই আমাৰ দেহতেই নহয়, যৌন স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে ।
  • কেজুইন বেছিকৈ থকা পানীয় অথবা খাদ্যই দেহত প্ৰতিকূল প্ৰভাৱ পেলায় ।
  • মন’চডিয়াম গ্ল’টামেট থকা খাদ্যই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে, যিয়ে যৌন জীৱনক প্ৰভাৱিত কৰিব পাৰে ।
  • মাদক দ্ৰব্য বা ড্ৰাগছৰ সেৱনে যৌন জীৱনত প্ৰতিকূল প্ৰভাৱ পেলায় ।
  • যৌন সংগমৰ আগতে মাংস বা মাখন জাতীয় খাদ্য খোৱা অনুচিত, কাৰণ ই শৰীৰত তেজৰ চলাচল কমাই দিয়ে আৰু যৌন আসক্তি কম কৰে ।

Last Updated : Mar 10, 2021, 5:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.