ETV Bharat / sukhibhava

ঠাণ্ডা দিনত কেনেকৈ ল’ব চুলিৰ যত্ন ? জানি লওক এই প্ৰতিবেদনত

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:37 AM IST

Updated : Nov 24, 2023, 1:19 PM IST

Disadvantages of washing hair with hot water: আমাৰ চুলিবোৰ ঠাণ্ডাত শুকান হৈ পৰে । এনে পৰিস্থিতিত শীতকালত চুলিৰ বিশেষ যত্ন অতি গুৰুত্বপূৰ্ণ । গতিকে শীতকালত এনেদৰে লওক চুলিৰ যত্ন ৷

Hot Or Cold Water , Which Is Better For Your Hair in winter ?
গৰম পানীৰে চুলি ধোৱাটো ভাল নে

গ্ৰীষ্মকালৰ অন্তত লাহে লাহে আগমন ঘটিছে শীতকালৰ ৷ বতৰ সলনি হোৱাৰ লগে লগে আমাৰ শৰীৰতো বহুত পৰিৱৰ্তন হোৱা দেখা যায় ৷ গ্ৰীষ্মকালৰ তুলনাত শীতকালত অধিক এলাহ অনুভৱ হয় । আনকি শীতৰ বাবে বিচনাৰ পৰাও নামিব মন নাযায় আৰু কোনো কাম কৰিবলৈও মন নাযায় । শীতত আমি আমাৰ শৰীৰটো গৰম কৰি ৰাখিবলৈ সকলো প্ৰচেষ্টা কৰো ৷

শীতকালৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে গা-ধোৱাৰ সমস্যা ৷ এনেই ঠাণ্ডা বতৰ তাতে আকৌ ঠাণ্ডা পানীৰে গা-ধোৱাটো অসহ্যকৰ লাগে ৷ সেয়েহে বহু লোকে শীতকালত ঠাণ্ডা পানীৰ পৰিৱৰ্তে গৰম পানীৰে গা-ধুৱে ৷ কেৱল গাৱেই নহয়, একাংশই চুলিও আনকি গৰম পানীৰে ধুৱে ৷ কিন্তু আপুনি জানেনে যে গৰম পানীৰে চুলি ধোৱাৰ অপকাৰিতা ? হয়, আচলতে, শীতকালত আপোনাৰ চুলি শুকান আৰু নিৰ্জীৱ হৈ পৰে ৷ এনে পৰিস্থিতিত যদি আপুনি গৰম পানীৰে চুলি ধুৱে আপোনাৰ চুলি বেয়াকৈ নষ্ট হয় ৷

উল্লেখ্য যে, আমাৰ চুলি ঠাণ্ডাত শুকান হৈ পৰে । ইয়াৰ ফলত চুলিৰ পৰা ওলোৱা প্ৰাকৃতিক তেলো কমি যায়, যাৰ বাবে চুলি ফাটিবলৈ আৰু সৰিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত শীতকালত চুলিৰ বিশেষ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ । এই বিষয়ে বিতংভাৱে জানো আহক...

গৰম পানীয়ে চুলিত বেয়া প্ৰভাৱ পেলায়

গৰম পানীৰে চুলি ধুলে চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতা কমি যায়, যাৰ ফলত চুলি অতি শুকান হৈ পৰে । ইয়াৰ উপৰিও ই আপোনাৰ চুলিৰ প্ৰাকৃতিক তেলতো বিৰূপ প্ৰভাৱ পেলায় আৰু ইয়াক নষ্ট কৰি পেলায়, যাৰ ফলত চুলিৰ চমক আৰু কোমলতা সম্পূৰ্ণৰূপে হেৰাই যায় ।

গৰম পানীৰে চুলি ধুলে আমাৰ চুলি অধিক শুকান আৰু দুৰ্বল হৈ পৰে । ইয়াৰ উপৰিও মূৰৰ ছালখনো শুকান হৈ পৰে, যাৰ ফলত চুলিত উফি আৰু খজুৱতিৰ সমস্যা হয় । ইয়াৰ প্ৰভাৱত আপোনাৰ চুলিবোৰ ভাঙিবলৈ আৰম্ভ কৰে ।

শীতকালত এনেদৰে লওক চুলিৰ যত্ন

যদি আপুনি শীতকালত চুলি ধুব বিচাৰে তেন্তে কম গৰম পানী বা কেৱল সাধাৰণ পানী ব্যৱহাৰ কৰক, কাৰণ বেছি গৰম পানীয়ে আপোনাৰ চুলিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে । লগতে মনত ৰাখিব যে সঠিক পানী ব্যৱহাৰ কৰিলে হে আপোনাৰ চুলিখিনি ভালদৰে পৰিষ্কাৰ হ’ব ।

যিসকলে শীতকালত দৈনিক চুলি ধুব নোৱাৰে, তেনে লোকে চুলিৰ বিশেষ যত্ন লওক । প্ৰয়োজন অনুসৰি সপ্তাহত ২ৰ পৰা ৩ বাৰ চুলি ধুব লাগে । লগতে এই সময়চোৱাত এটা ভাল কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগে, যাতে চুলিবোৰ বহুদিনলৈকে কোমল আৰু চিকচিকিয়া হৈ থাকে ।

লগতে পঢ়ক: এই ৪ টা কাৰণত শীতকালত এলাহ অনুভৱ হয়, ইয়াৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এই উপায়

Last Updated : Nov 24, 2023, 1:19 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.