ETV Bharat / sukhibhava

শীতকালত আপোনাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ খাওক তিল-গুড় - তিল গুড় খোৱাৰ উপকাৰিতা

ঠেটুৱৈ ধৰা জাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ খাদ্য তালিকাত কিছুমান গৰম আৰু স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয় হৈ পৰে ৷ বজাৰত উপলব্ধ দামী শুকান ফলো প্ৰতিবাৰে ক্ৰয় কৰি খোৱাটোও কেতিয়াবা কঠিন হৈ পৰা ৷ এনে পৰিস্থিতিত শৰীৰত শক্তি আৰু উষ্ণতা বজাই ৰাখিবলৈ তিল আৰু গুড় আপোনাৰ বাবে এক সৰ্বোত্তম বিকল্প ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক তিল-গুড় খোৱাৰ উপকাৰিতা ৷

Health benefits of eating jaggery and sesame seeds During winters
শীতকালত আপোনাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ খাওক তিল-গুড়
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 4:41 PM IST

শীতকাল পৰাৰ লগে লগে আমি আমাৰ শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰো ৷ এয়া বিহুৰ বতৰ গতিকে এই সময়ছোৱাত গুড়-তিল-নাৰিকলেৰে বিধে বিধে লাৰু-পিঠা আদি প্ৰস্তুত কৰা হয় ৷ কিন্তু আপুনি জানেনে গুড় আৰু তিল আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ৷ যদি আপুনি এই বিষয়ে জ্ঞাত নহয় তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে তিল আৰু গুড় খোৱাৰ উপকাৰিতাৰ বিষয়ে জনাম৷ এই ঠাণ্ডাৰ বতৰত এই পুষ্টিকৰ খাদ্যই আপোনাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰিতা সাধন কৰে জানো আহক-

কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে: পুৱা সোনকালে সাৰ পোৱাৰ পিছত তিল খোৱাটো পাচনতন্ত্ৰ শক্তিশালী কৰাত অতি লাভদায়ক ৷ ইয়াত প্ৰচুৰ পৰিমাণৰ আঁহ থাকে, গতিকে ইয়াক গ্ৰহণ কৰিলে আপোনাৰ হজম শক্তি উন্নত হোৱাই নহয়, পেটৰ সৈতে জড়িত বহুতো সমস্যাও দূৰ কৰিব পৰা যাব ৷

চৰ্দি, কাহ আৰু ফ্লুৰ পৰা সুৰক্ষা: এই বতৰত চৰ্দি, কাহ আৰু ফ্লু এটি ডাঙৰ সমস্যা যাৰ সৈতে বহুতে যুঁজিবলগীয়া হয় ৷ এনে পৰিস্থিতিত দৈনিক গুড় সৈতে তিল খালে শৰীৰ গৰম হৈ থাকে ৷ সেয়ে শীতকালত তিল আৰু গুড়েৰে প্ৰস্তুত লাৰু খাব পাৰে ৷

ৰক্তহীনতা দূৰ কৰক: শৰীৰত তেজৰ অভাৱে বহু ৰোগক আমন্ত্ৰণ জনায় ৷ যদি আপুনিও এই সমস্যাৰ সৈতে যুঁজি আছে তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত তিল অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াক গ্ৰহণ কৰি ৰক্তহীনতাৰ সম্ভাৱনাও দূৰ কৰিব পাৰে আৰু লগতে শৰীৰত হিম’গ্লবিনৰ মাত্ৰাও বৃদ্ধি কৰিব পাৰে ৷ ইয়াক আইৰণৰ ভাল উৎস বুলিও গণ্য কৰা হয় ৷

সুস্থ ছাল আৰু চুলি: শৰীৰত পুষ্টিকৰ উপাদানৰ মাত্ৰা বৃদ্ধি কৰিবলৈ তিল আৰু গুড়েৰে তৈয়াৰী লাডুও বনাই খাব পাৰে ৷ ইয়াৰ দ্বাৰা আপোনাৰ চুলি আৰু ছাল সুস্থ কৰি ৰখাত সহায়ক হ’ব আৰু লগতে বয়স বৃদ্ধিও কম হ’ব ৷

ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব: তিল খালে ৰক্তচাপ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ ইয়াৰ দ্বাৰা মেগনেছিয়ামৰ উত্তম উৎস ৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ই, লিগনান আৰু এন্টিঅক্সিডেন্ট থাকে ৷ বি পি আৰু কলেষ্টেৰল নিয়ন্ত্ৰণতো ই সহায়ক ৷

লগতে পঢ়ক: ভোগালী বিহু উপলক্ষে ঘৰতে অতি সহজে প্ৰস্তুত কৰক তিল চিকেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.