ETV Bharat / sukhibhava

Coconut Vinegar: আপুনি কেতিয়াবা নাৰিকলৰ ভিনেগাৰ ব্যৱহাৰ কৰিছেনে ? ইয়াৰ উপকাৰিতা জানি আপুনিও নিতৌ কৰিব ইয়াৰ ব্যৱহাৰ - নাৰিকল ভিনেগাৰ

আপেলৰ ভিনেগাৰৰ কথা আপুনি নিশ্চয় বহুবাৰ শুনিছে, কিন্তু আপুনি জানেনে যে নাৰিকলৰ পৰাও ভিনেগাৰ প্ৰস্তুত কৰা হয় যি স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷

Have you ever tried coconut vinegar? Know its unique benefits
আপুনি কেতিয়াবা নাৰিকলৰ ভিনেগাৰ ব্যৱহাৰ কৰিছেনে ? ইয়াৰ উপকাৰিতা জানি আপুনিও নিতৌ কৰিব ইয়াৰ ব্যৱহাৰ
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:03 PM IST

নাৰিকল সমগ্ৰ বিশ্বতে ব্যৱহৃত হোৱা এটি ছুপাৰফুড হিচাপে পৰিচিত, ইয়াৰ প্ৰতিটো অংশই উপকাৰী আৰু ইয়াক মানুহে বহু ধৰণে ব্যৱহাৰ কৰে ৷ ইয়াৰ পাল্প, পানী, বাকলি ,খোলা আৰু গছলৈকে অতি উপযোগী ৷ আনকি কিছুমানে ইয়াৰ গাখীৰ ব্যৱহাৰ কৰি বিভিন্ন ৰেচিপিও তৈয়াৰ কৰে, অসমত বিভিন্ন খাদ্য তথা প্ৰসাদত ই ব্যৱহৃত হয় ৷ কিন্তু আপুনি কেতিয়াবা নাৰিকলৰ ভিনেগাৰৰ কথা শুনিছেনে বা ব্যৱহাৰ কৰিছেনে ? আচলতে কেৰেলা আৰু গোৱাৰ বহু খাদ্যত নাৰিকলৰ ভিনেগাৰ ব্যৱহাৰ কৰা হয়, যাৰ ফলত খাদ্যৰ সোৱাদ বৃদ্ধি পায় ৷ যদিও ইয়াৰ সোৱাদ আপেল চাইডাৰ ভিনেগাৰতকৈ অলপ মৃদু, তথাপিও ইয়াৰ অগণন উপকাৰিতা আছে ৷ জানো আহক নাৰিকলৰ ভিনেগাৰ আপোনাৰ বাবে কিয় উপকাৰী ৷

নাৰিকলৰ ভিনেগাৰৰ উপকাৰিতা

১) ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী

ডায়েবেটিছ ৰোগীয়ে নাৰিকলৰ ভিনেগাৰ সেৱন কৰিব লাগিব কাৰণ ইয়াত এচিটিক এচিড থাকে যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে নাৰিকলৰ ভিনেগাৰে ৷ হাই কাৰ্ব খাদ্য খোৱাৰ পিছত নাৰিকলৰ ভিনেগাৰ খাব পাৰে ৷

২) পেট আৰু কঁকালৰ চৰ্বি হ্ৰাস হ’ব

আপুনি হয়তো ওজন কম কৰাৰ বাবে আপেল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰিছে, নাৰিকলৰ ভিনেগাৰেও একে ধৰণে কাম কৰে ৷ নিয়মিতভাৱে নাৰিকলৰ ভিনেগাৰ খালে বহু সময়লৈকে ভোক নালাগে আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকে ৷ এইদৰে আপুনি পেটৰ চৰ্বি ক্ৰমান্বয়ে হ্ৰাস কৰাত সফল হ’ব ৷

৩) পেটৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হৈ যাব

নাৰিকলৰ ভিনেগাৰ প্ৰস্তুত কৰাৰ আগতে ইয়াক কিম্বন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে, আৰু তাৰ পিছত প্ৰস্তুত কৰা চূড়ান্ত সামগ্ৰীত প্ৰ’বায়’টিকৰ প্ৰচুৰ পৰিমাণে থাকে যিয়ে পেট আৰু অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু তাৰ পিছত আপুনি কোষ্ঠকাঠিন্যৰ পৰা সকাহ পায়, গেছ আৰু এচিডিটিৰ পৰা ৰক্ষা পায় ৷

৪) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

যিসকল লোকে নিয়মিতভাৱে নাৰিকলৰ ভিনেগাৰ সেৱন কৰে, তেওঁলোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ’লে চৰ্দি, কাহ, ফ্লু আৰু জ্বৰৰ দৰে ভাইৰাছজনিত ৰোগৰ আশংকাৰ পৰা ৰক্ষা পৰে ৷

৫) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী

নাৰিকলৰ ভিনেগাৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, এইটোৱেই হৈছে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা পুষ্টিকৰ উপাদান ৷ যেতিয়া বি পি নিয়ন্ত্ৰণ কৰা হয় তেতিয়া হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰৰ দৰে হৃদৰোগৰ পৰা আঁতৰি থকাটো সহজ হৈ পৰে ৷

লগতে পঢ়ক: Parenting Tips: এই ৭টা দিশত দিয়ক বিশেষ গুৰুত্ব, তেতিয়াহে গঢ়িব পাৰিব আপোনাৰ সন্তানৰ উজ্বল ভৱিষ্যত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.