ETV Bharat / sukhibhava

Hair Care Tips: অত্যধিক চুলি সৰিছে নেকি ? তেন্তে আমলখিৰ সৈতে মিহলাই ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:49 PM IST

Updated : Nov 1, 2023, 2:18 PM IST

যদি আপুনি চুলি সৰাৰ বাবে চিন্তিত তেন্তে এনেদৰে চুলিত ব্যৱহাৰ কৰক আমলখি । দূৰ হ’ব চুলি সৈতে জড়িত বিভিন্ন সমস্যা ৷

Hair Care Tips
মূৰত চুলি কম দেখাবলৈ আৰম্ভ কৰিছে ? তেন্তে আমলখিৰ সৈতে মিহলাই ব্যৱহাৰ এইবিধ সামগ্ৰী

চুলিৰ সমস্যাৰ সৈতে বিশেষকৈ মহিলাসকলে যুঁজিবলগীয়া হয় ৷ কেতিয়াবা চুলি সৰা আৰু কেতিয়াবা সময়ৰ আগতেই চুলি বগা হোৱা আদি সমস্যাত ভুগিবলগীয়া হয় ৷ চুলি অত্যধিক পাতল হোৱা আৰু ক্ষতিগ্ৰস্ত হোৱা আৰু ৰুক্ষ হোৱা আদি কিছুমান চুলিৰ সমস্যা ৷ এনে পৰিস্থিতিত কিছুমান সহজ ঘৰুৱা উপায় অনুসৰণ কৰি আপুনি এই সমস্যা সমূহৰ পৰা সহজে হাত সাৰিব পাৰিব ৷ চুলিৰ বৃদ্ধিৰ বাবেও আমলখি ব্যৱহাৰ কৰিব পাৰি ৷ আমলখিত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায় ৷ ইয়াত থকা ফেটি এচিডে চুলিৰ গুৰিবোৰ শক্তিশালী কৰে, যাৰ ফলত চুলি সৰা কম হয় ৷ ইয়াত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে ৷ আমলখিত কি মিহলাই লগাব যাতে চুলি গজিবলৈ আৰম্ভ কৰে, ইয়াত জানি লওক-

চুলিৰ বৃদ্ধিৰ বাবে আমলখি

চুলিৰ বৃদ্ধিৰ বাবে আমলখি বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি ৷ আমলখিৰ লগত নাৰিকল তেল মিহলাই চুলিৰ বাবে প্ৰাকৃতিক আমলখি তেল তৈয়াৰ কৰিব পৰা যায় ৷ এই তেল চুলিত লগালে চুলিয়ে পুষ্টি লাভ কৰাৰ লগতে চুলি দীঘল হ’বলৈ আৰম্ভ কৰে ৷ এই তেল বনাবলৈ নাৰিকল তেল আৰু সতেজ আমলখিৰ প্ৰয়োজন হ’ব ৷

২টা আমলখি (Indian Gooseberry) লৈ ৰুকনিৰ সহায়ত ভালদৰে ৰুকি লওক ৷ এতিয়া এটা বাটিত নাৰিকল তেল লৈ গৰম কৰি লওক ৷ এই তেল উতলাই তাত ৰুকি লোৱা আমলখিনি দিব ৷ এই তেল ৩ৰ পৰা ৫ মিনিট মান ৰান্ধি তাৰ পিছত চেকি এফালে ৰাখিব ৷ আপোনাৰ আমলখি তেল সাজু হৈছে ৷

চুলি ধোৱাৰ এঘণ্টা পূৰ্বে আমলখিৰ তেল চুলিত লগাব পাৰি ৷ ঘৰতে বনোৱা এই আমলখিৰ তেল হাতৰ তলুৱাত লৈ চুলিৰ গুৰিৰ পৰা মূৰলৈকে লগাওক আৰু আঙুলিৰে মূৰটো ভালদৰে মালিচ কৰক ৷ এঘণ্টাৰ পিছত চুলিখিনি ধোঁৱাৰ পিছত কোমল তথা উজ্বল দেখাবলৈ আৰম্ভ কৰিব ৷ ইচ্ছা কৰিলে সেই তেলখিনি চুলিত ৰাতিটো ৰাখিব পাৰে ৷ এই তেলেৰে সপ্তাহত ২ৰ পৰা ৩ বাৰ চুলি মালিচ কৰিলে চুলি দীঘল হ’বলৈ আৰম্ভ কৰিব আৰু লগতে ঘন হ’ব ৷

লগতে পঢ়ক: Benefits of Yoga: সূৰ্য নমস্কাৰ কি ? ইয়াৰ লাভালাভ সমূহৰ বিষয়ে অধিক জানো আহক

Last Updated : Nov 1, 2023, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.