ETV Bharat / sukhibhava

চৰ্দি-কাহৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰালৈকে উপকাৰী আদা

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:05 PM IST

Ginger In Winter: শীতকালত বহুলোকৰে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে বিভিন্ন ৰোগত ভুগিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত উন্নত স্বাস্থ্যৰ বাবে শীতকালত কিছুমান বস্তু সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে লাভদায়ক হ’ব পাৰে, তাৰে ভিতৰত এবিধ হ’ল আদা ।

Ginger is considered a cure for many diseases related to cold, know its many benefits
চৰ্দি-কাহৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰালৈকে উপকাৰী আদা

শীতকালত খাদ্যৰ লগতে বহুতো ফল-মূল আৰু শাক-পাচলিৰ বাবে জনাজাত ৷ কিন্তু ঠাণ্ডা বতৰ আৰম্ভ হোৱাৰ লগে লগে মানুহৰ মনতো স্বাস্থ্যৰ কিছু চিন্তা বাঢ়িবলৈ আৰম্ভ কৰে ৷ এই সময়ছোৱাত ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰায়ে দুৰ্বল হৈ পৰে, যাৰ বাবে বহুলোকেই বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰে ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, শীতকালত খাদ্যাভ্যাসৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে ৷ যদি কোনো ব্যক্তিৰ খাদ্যাভ্যাস ভাল নহয় তেন্তে বিভিন্ন ৰোগত ভুগিব পাৰে ৷

ভাল খাদ্যৰ কথা ক’বলৈ গ’লে আদা ঠাণ্ডা বতৰত আটাইতকৈ বেছি জনপ্ৰিয়, যিটো কেৱল চাহতে ব্যৱহাৰ কৰাই নহয় খাদ্যতো ব্যৱহাৰ কৰা হয় ৷ খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰ ওপৰতো বহুতো ইতিবাচক প্ৰভাৱ পেলায় ৷ আহক আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লও ঠাণ্ডা বতৰত আদা আপোনাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী-

আদাৰ উপকাৰিতা জানি লওক

আপোনালোকক জনাই দিও যে, আদাত এন্টি অক্সিডেন্ট আৰু বায়’এক্টিভ কম্পাউণ্ড থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু শীতকালত ইয়াক সেৱন কৰিলে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি ৷

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, শীতকালত হজম শক্তিৰ লগত জড়িত সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত আদা সেৱনে এই সমস্যাৰ পৰা সকাহ পোৱাই নহয়, বহু ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে ৷

অতিমাত্ৰা ঠাণ্ডাৰ বাবে বৃদ্ধসকলৰ গাঁঠিৰ বিষ আৰু পেশীৰ বিষৰ সমস্যা বাঢ়ি যায় ৷ এনে পৰিস্থিতিত আদাত থকা প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে এই সমস্যাৰ পৰা সকাহ পোৱা যায় আৰু শীতকালতো ই শৰীৰক উষ্ণ কৰি ৰাখে ৷

আয়ুৰ্বেদ শাস্ত্ৰতো আদাৰ উপকাৰিতাৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে ৷ যি ব্যক্তিয়ে শীতকালত আদাৰ পৰা তৈয়াৰী কাপ নিয়মিতভাৱে সেৱন কৰে, তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গোটেই বছৰটো ভাল হৈ থাকে আৰু ই বহু ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷

লগতে পঢ়ক: শীতকালত দৈ-চিৰা-গুড় খোৱাৰ উপকাৰিতা জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.