ETV Bharat / sukhibhava

নিৰ্দিষ্ট ক্ৰমত খাদ্য গ্ৰহণে গ্লুক’জ লেভেল বৰ্তাই ৰখাত সহায় কৰে

author img

By

Published : Jun 10, 2022, 10:38 PM IST

বিশেষজ্ঞসকলে কৈছে প্ৰ'টিনৰ আগতে চালাড খোৱা আৰু আহাৰৰ শেষত শ্বেতসাৰযুক্ত কাৰ্ব’হাইড্ৰেটৰ গ্ৰহণে ৰক্তত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিব পাৰে ( How to control glucose levels)।

Food sequencing
এক নিৰ্দিষ্ট ক্ৰমত খাদ্য গ্ৰহণে গ্লুক’জ লেভেল বৰ্তাই ৰখাত সহায় কৰে

বায়’কেমিষ্ট আৰু গ্লুক’জ ৰিভ’লিউচনৰ লিখক Jessie Inchausp এ কৈছে খাদ্যৰ তালিকা আৰু ৰুটিনত সামান্য সালসলনিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে ৷ ইনষ্টাগ্ৰাম আৰু মেইনষ্ট্ৰিম মিডিয়াৰ জৰিয়তে তেওঁ সদৰি কৰে যে খাদ্য এক নিয়মীয়া গতিত গ্ৰহণ কৰাটো স্বাস্থ্য ভালে ৰখাৰ মূলমন্ত্ৰ ৷ প্ৰ’টিনৰ আগতে চালাড খোৱা আৰু কাৰ্ব’হাইড্ৰেটৰ সৈতে খাদ্য শেষ কৰাটোৱে ৰক্ত শৰ্কৰাৰ স্তৰ কমাই ৰাখে ( How to control glucose levels) ৷

গ্লুকোজ স্পাইক(What is a glucose spike)

আপুনি কাৰ্ব’হাইড্ৰেট খোৱাৰ প্ৰায় 30-60 মিনিট পিছত আপোনাৰ তেজৰ প্ৰবাহত গ্লুক’জ বৃদ্ধি হয় । বহুতো কাৰকে নিৰ্ধাৰণ কৰে এই গ্লুক’জৰ বৰ্ধিত স্তৰ কিমান আৰু কিমান দিনলৈ ই বৰ্তি থাকিব । এই কাৰকবোৰ হৈছে আপুনি কাৰ্ব’হাইড্ৰেটৰ সৈতে বা আগতে কি খায়, কাৰ্ব’হাইড্ৰেটত কিমান আঁহ থাকে আৰু আপোনাৰ শৰীৰৰ ইনচুলিন হৰমন নিশ্চিহ্ন আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা কিমান । কিছুমান বিশেষ চিকিৎসা চলি থকা লোকৰ বাবে গ্লুক’জৰ স্তৰ নিম্নমানৰ কৰি ৰখাটো অৱশ্য়েই গুৰুত্বপূৰ্ণ । সেইসমূহ হৈছে :

  • ডায়েবেটিছ (Diabetes)
  • প্ৰতিক্ৰিয়াশীল হাইপোগ্লাইচেমিয়া reactive hypoglycaemia (a particular type of recurring sugar crash)
  • পোষ্টপ্ৰেণ্ডিয়েল হাইপোটেনচন postprandial hypotension (low blood pressure after eating) আৰু
  • যদি আপোনাৰ বেৰিয়াট্ৰিক অস্ত্ৰোপচাৰ হৈছে(bariatric surgery)

ইয়াৰ কাৰণ হৈছে উচ্চ আৰু দীঘলীয়া গ্লুক’জ বৃদ্ধিয়ে বহুতো হৰমন আৰু প্ৰ'টিনৰ ওপৰত স্থায়ী আৰু ক্ষতিকাৰক প্ৰভাৱ পেলায়, যাৰ ভিতৰত আছে প্ৰদাহ । প্ৰদাহ ডায়েবেটিছ আৰু হৃদৰোগকে ধৰি কেইবাটাও স্থিতিৰ সৈতে সম্পৰ্কিত ।

কাৰ্ব’হাইড্ৰেটৰ আগতে বিভিন্ন ধৰণৰ খাদ্য খোৱাটোৱে গ্লুক’জ বৃদ্ধি কৰে নেকি? বিভিন্ন পৰীক্ষাত দেখা গৈছে যে এনে কৰাৰ ফলত গ্লুক’জ স্তৰ বৃদ্ধি হয় ।

ক্ৰম অনুসৰি খাদ্য খোৱাটো কি(What about eating food in sequence)

এক নিৰ্দিষ্ট ক্ৰমত খাদ্য খোৱাটোৱে গ্লুক’জ বৃদ্ধিত পাৰ্থক্য আনে নেকি সেই বিষয়ে কৰা বেছিভাগ বৈজ্ঞানিক গৱেষণাত অন্তৰ্ভুক্ত থাকে আহাৰৰ আগতে আঁহ, চৰ্বি বা প্ৰ'টিনৰ প্ৰিলোড । সাধাৰণতে, প্ৰিলোড হৈছে এক তৰল পদাৰ্থ আৰু ইয়াক কাৰ্ব’হাইড্ৰেট গ্ৰহণৰ প্ৰায় 30 মিনিট আগতে দিয়া হয় । এটা অধ্যয়নত পোৱা গৈছে , আলুযুক্ত আহাৰ খোৱাৰ 30 মিনিট আগত whey protein শ্বেক খালে গেষ্ট্ৰিক খালী হোৱাটো লেহেম হয় ।

যদিও এই প্ৰমাণে দেখুৱাইছে যে কাৰ্ব’হাইড্ৰেটৰ আগতে প্ৰ'টিন খোৱাটোৱে গ্লুক’জ বৃদ্ধি হ্ৰাস কৰাত সহায় কৰে, গড় আহাৰৰ ক্ষেত্ৰত আন খাদ্যবোৰ পৃথকে আৰু ক্ৰমত খোৱাৰ প্ৰমাণ ইমান শক্তিশালী নহয় । Inchausp কয় যে পাকস্থলীত আঁহ, চৰ্বি আৰু প্ৰ'টিন পোৱা নাযায় । কিন্তু পুষ্টিবোৰ পাকস্থলীৰ পৰা তেতিয়ালৈকে ওলাই নাযায় যেতিয়ালৈকে সেইবোৰ সূক্ষ্ম কণাৰ আকৃতিত ভংগ হৈ নাযায় ৷

এটা সৰু অধ্যয়নত ডায়েবেটিছ নোহোৱা ১৬ জন লোকৰ পাঁচটা পৃথক খাদ্যৰ ক্ৰম পৰীক্ষা কৰা হৈছিল । অংশগ্ৰহণকাৰীসকলে ১৫ মিনিটৰ ভিতৰত তেওঁলোকৰ আহাৰ গ্ৰহণ কৰিব লগা হৈছিল । মাংস আৰু চাউলৰ আগতে পাচলি খোৱা গোটবোৰৰ মাজত গ্লুক’জ স্পাইকৰ সামগ্ৰিক পাৰ্থক্য নাছিল ( Healthy eating tips) ।

যদি আপোনাৰ ডায়েবেটিছ বা আন চিকিৎসা কৰি থকা কিছু বিশেষ স্থিতি আছে তেনেহ'লে সেই গ্লুক’জ স্পাইকবোৰ পৰীক্ষা কৰি থকাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ । এনেক্ষেত্ৰত আপোনাৰ চিকিৎসক বা ডায়েটিছিয়ানে আপোনাক গ্লুক’জ স্তৰ বৃদ্ধি ন’হবলৈ আপোনাৰ খাদ্য গ্ৰহণৰ তালিকা নিৰ্ণয় কৰি দিব ।

বাকীসকলে এক নিৰ্দিষ্ট ক্ৰমত খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত নিজকে কটকটীয়াকৈ বান্ধি নেপেলাব । কিন্তু চেনীযুক্ত পানীয় আঁতৰ কৰা আৰু কাৰ্ব’হাইড্ৰেটত আঁহ, প্ৰ'টিন বা চৰ্বি যোগ দিয়াৰ বিষয়ে বিবেচনা কৰক যাতে গেষ্ট্ৰিক খালী হোৱা আৰু গ্লুক’জ স্পাইক সমান হয় ।

লগতে পঢ়ক: হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাৰ লগতে সৌন্দৰ্য বৃদ্ধিতো অৰিহণা যোগোৱা ফলবিধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.