ETV Bharat / sukhibhava

Pregnancy Tips: সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে গৰ্ভাৱস্থাৰ পূৰ্বে কৰক এইসমূহ তেজ পৰীক্ষা

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:54 PM IST

চিকিৎসকে সদায় গৰ্ভাৱস্থাত প্ৰয়োজনীয় পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে ৷ ইয়াৰ বাহিৰেও গৰ্ভধাৰণৰ পূৰ্বে কিছুমান তেজৰ পৰীক্ষা সতৰ্কতামূলক ব্যৱস্থাও গ্ৰহণ কৰিব লাগে, যাতে গৰ্ভাৱস্থাৰ যাত্ৰা আপোনাৰ বাবে সুস্থ আৰু সুখী হৈ থাকে ৷

Do you need a blood test before trying to conceive? let's learn about this
সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে গৰ্ভাৱস্থাৰ পূৰ্বে কৰক এইসমূহ তেজ পৰীক্ষা

এই পৃথিৱীলৈ নতুন জীৱন অনাৰ যাত্ৰা যিমানেই সুখেৰে ভৰা সিমানেই প্ৰত্যাহ্বানমূলক ৷ মাতৃ হোৱাটো প্ৰতিগৰাকী নাৰীৰ বাবে নিজৰ মাজতে এক বেলেগ অনুভৱ ৷ কেৱল গৰ্ভাৱস্থাৰ পৰ্যায়ত সাৱধান হোৱাই নহয়, শিশুৰ পৰিকল্পনা কৰাৰ আগতে কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়াটোও অতি প্ৰয়োজনীয় ৷ সুস্থ আৰু সুখী গৰ্ভধাৰণৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলোৱাটো অতি প্ৰয়োজনীয় ৷ গতিকে যদি কোনো মহিলাই সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিছে তেন্তে গৰ্ভধাৰণৰ পূৰ্বে কিছুমান গুৰুত্বপূৰ্ণ তেজৰ পৰীক্ষা কৰাটো উচিত ৷

যদি গৰ্ভধাৰণৰ আগতে কিছুমান তেজৰ পৰীক্ষা কৰা হয়, তেন্তে গৰ্ভাৱস্থাত হ’ব পৰা সম্ভাৱ্য সমস্যাসমূহ চিনাক্ত কৰি সময়মতে চিকিৎসা কৰিব পৰা যায় ৷ ইয়াৰ দ্বাৰা গৰ্ভাৱস্থাত মাতৃৰ সামগ্ৰিক স্বাস্থ্যৰ নিৰীক্ষণতো সহায় হয় ৷ গতিকে গৰ্ভাৱস্থাৰ পূৰ্বে কোনবোৰ তেজৰ পৰীক্ষা কৰাটো জৰুৰী সেই বিষয়ে জানো আহক-

সম্পূৰ্ণ তেজৰ গণনা পৰীক্ষা (CBC)

এই পৰীক্ষাত ৰক্তকণিকা জুখিব লাগে, যেনে প্লেটলেটৰ সংখ্যা, ৰক্তকণিকা (RBC), শ্বেত ৰক্তকণিকা (WBC) ৷ এই পৰীক্ষাটো কৰি দিলে গৰ্ভাৱস্থাত ৰক্তহীনতাৰ আশংকা দূৰ কৰিব পাৰি ৷

তেজৰ গ্লুক’জৰ মাত্ৰা পৰীক্ষা

এই পৰীক্ষাত তেজত গ্লুক’জ অৰ্থাৎ চেনিৰ পৰিমাণ পৰীক্ষা কৰা হয় ৷ যাতে ডায়েবেটিছৰ বাবে গৰ্ভাৱস্থাত কোনো জটিলতা নহয় ৷ বহু সময়ত শিশুৰ জন্মতে ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় ৷ অৱশ্যে অতি কম ক্ষেত্ৰতহে দেখা যায় ৷

হেপাটাইটিছ বি আৰু চি পৰীক্ষা

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত হেপাটাইটিছ বি আৰু চিৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়, ইয়াৰ বাহিৰেও এই পৰীক্ষাটোও এবাৰ শিশুৰ পৰিকল্পনা কৰাৰ আগতে কৰা উচিত ৷ কাৰণ এই ৰোগবোৰ মাতৃৰ পৰা সন্তানলৈ বিয়পিব পাৰে ৷

থাইৰয়ডৰ কাৰ্য পৰীক্ষা

সুস্থ আৰু নিৰাপদ গৰ্ভাৱস্থাৰ বাবে আগতীয়াকৈ থাইৰয়ড পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ ৷ থাইৰয়ডৰ সমস্যাই গৰ্ভাৱস্থাত ওজন হ্ৰাস, বমি, পানীলগা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

যৌন সংক্ৰমণ

এই পৰীক্ষাত এইচ আই ভি আৰু চিফিলিছ অৰ্থাৎ যৌন সংক্ৰামক ৰোগ ধৰা পৰে ৷ যাতে এই সংক্ৰমণ মাতৃৰ পৰা সন্তানলৈ বিয়পি পৰাৰ পৰা ৰোধ কৰিব পৰা যায় ৷

লগতে পঢ়ক: Ajwain water: ঔষধি গুণাগুণেৰে সমৃদ্ধ জনি গুটি, ইয়াক পানীৰ সৈতে মিহলাই খোৱাৰ উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.