ETV Bharat / sukhibhava

Cesarean delivery Side Effects: চিজাৰিয়ান প্ৰসৱ সোনকালে হয় যদিও মাতৃৰ শৰীৰত এৰি দিয়ে বহু পাৰ্শ্বক্ৰিয়া, জানি লওক স্বাভাৱিক প্ৰসৱ কিয় ভাল - চিজাৰিয়ান প্ৰসৱ

চিজাৰিয়ান প্ৰসৱৰ পিচত এগৰাকী মাতৃয়ে কি কি পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হয় জানো আহক (Cesarean delivery side effects)।

Do you know the Side Effects of Cesarean Delivery
চিজাৰিয়ান প্ৰসৱৰ তুলনাত স্বাভাৱিক প্ৰসৱ ভাল
author img

By

Published : May 16, 2023, 1:03 PM IST

চিটাৰা ডেস্ক, 16 মে’: মাতৃ হোৱাৰ আনন্দ হয়তো মাতৃতকৈ বেছি কোনেও বুজিব নোৱাৰিব । মাতৃ হোৱাৰ প্ৰক্ৰিয়াত আধুনিক যুগত চিজাৰিয়ান কৌশলে বহুখিনি সহায় কৰিছে । মহিলাৰ স্বাভাৱিক প্ৰসৱৰ সময়ত দেখা দিয়া বহু ধৰণৰ সমস্যাৰ ফলত মাতৃ বা শিশুৰ জীৱনৰ বাবে বিপদ মাতি আনে ৷ কিন্তু চিজাৰিয়ানৰ ফলত তেওঁলোকৰ সেই বিপদসমূহ হ্ৰাস কৰাত বহু পৰিমাণে সহায়ক হৈছে ।

কিন্তু বৰ্তমান সময়ত বহু লোকে নিৰ্ধাৰিত তাৰিখত প্ৰসৱৰ বিষৰ পৰা হাত সাৰিবলৈ চিজাৰিয়ানত অধিক গুৰুত্ব দিয়ে (Cesarean delivery Side Effects) । কিন্তু চিজাৰিয়ান প্ৰসৱক আমি যিমান সহজ ভাবো সিমান সহজ নহয় ৷ স্বাভাৱিক প্ৰসৱৰ তুলনাত প্ৰসৱৰ বিষ নোহোৱাকৈ সন্তান জন্ম হয় যদিও প্ৰসৱৰ পিচত মাতৃৰ শৰীৰত চিজাৰিয়ান অপাৰেচনৰ বহু পাৰ্শ্বক্ৰিয়াই দেখা দিয়ে । চিজাৰিয়ান প্ৰসৱৰ পিচত মাতৃগৰাকীয়ে কি কি পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হয় জানো আহক।

লাহে লাহে আৰোগ্য লাভ কৰে মাতৃয়ে

অতি কম সময়তে চিজাৰিয়ান প্ৰসৱ হয় যদিও ইয়াৰ পিচত মাতৃয়ে নিজৰ শৰীৰক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ অৰ্থাৎ আৰোগ্য লাভৰ বাবে বহু সময় লাগে । চিজাৰিয়ান অস্ত্ৰোপচাৰৰ পিচত চিলাইবোৰ ভাল হ’বলৈ বহু সপ্তাহ লাগি যায় । এই চিলাইবোৰ খুব বেদনাদায়ক আৰু এই সময়ত মাকে উঠি বহি বা বহিবলৈ বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ।

আনকি বহু সময়ত চিলাইবোৰ সিজি যায় যাৰ বাবে মাতৃয়ে বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু বিভিন্ন ঔষধো দিয়া হয় যিবোৰ সাধাৰণতে চিজাৰিয়ানৰ পিচত দিয়া হয় যাতে অস্ত্ৰোপচাৰৰ বিষ কম হয় । স্বাভাৱিক প্ৰসৱৰ তুলনাত চিজাৰিয়ান প্ৰসৱৰ পিচত এগৰাকী মহিলা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ তিনি-চাৰি মাহ সময় লাগে ।

সংক্ৰমণৰ আশংকা

চিজাৰিয়ান প্ৰসৱৰ পিচত বহু মহিলা বহু ধৰণৰ সংক্ৰমণৰ আশংকা থাকে (Cesarean delivery)। ইয়াত আটাইতকৈ ডাঙৰ আশংকা হ’ল এণ্ডোমেট্ৰিয়াছিছৰ সংক্ৰমণ । এইটো এক প্ৰকাৰৰ সংক্ৰমণ যাৰ ফলত জৰায়ুৰ ভিতৰত গঠিত কোষবোৰ জৰায়ুৰ বাহিৰত গঠন হ’বলৈ আৰম্ভ কৰে ।

ৰক্তহীনতাৰ আশংকা

স্বাভাৱিক প্ৰসৱৰ তুলনাত চিজাৰিয়ান প্ৰসৱৰ সময়ত মাতৃৰ তেজৰ ক্ষয় বহু বেছি হয় । এই অস্ত্ৰোপচাৰৰ সময়ত জৰায়ু কাটি কেঁচুৱাটো বাহিৰলৈ উলিয়াই দিয়া হয়, যাৰ বাবে বহুত তেজ বৈ যায় । সাধাৰণ প্ৰসৱৰ তুলনাত এই তেজৰ ক্ষয় অতি বেছি হয় । এনে পৰিস্থিতিত মাতৃৰ শৰীৰত যথেষ্ট দুৰ্বলতা দেখা দিয়ে আৰু মাতৃগৰাকীও ৰক্তহীনতাৰ আশংকাত পৰে (Cesarean operation side effects) ।

প্লেচেন্টা এক্ৰেটা হোৱাৰ আশংকা থাকে

বহু প্ৰসৱত বিশেষকৈ প্ৰথম চি-চেকচনৰ পিচত মাতৃৰ পেটত শিশুৰ লগত লাগি থকা নাভিৰ নলী অৰ্থাৎ প্লেচেণ্টা জৰায়ুৰ ওচৰত বা প্ৰস্ৰাৱৰ মূত্ৰাশয়ত পিছলি যায়। ইয়াৰ ফলত মাতৃ আৰু গৰ্ভস্থ সন্তান উভয়ৰে বাবে বিপদৰ সৃষ্টি হয় ।

পেটৰ সমস্যা হয়

চিজাৰিয়ান প্ৰসৱৰ পিচত মাতৃগৰাকীয়ে দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্যৰ সন্মুখীন হ’বলগীয়া হয় । পেটত চিলাইৰ বাবে মাতৃয়ে বেঁকা হোৱাত অসুবিধাৰ সন্মুখীন হয় । পেটত চিলাইৰ বাবে দীৰ্ঘদিন ধৰি টেনচনৰ অৱস্থা থাকে।

লগতে পঢ়ক: Mango Peel Benefits: আমৰ বাকলি আপুনি কি কৰে ? যদি পেলায় দিয়ে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.