ETV Bharat / sukhibhava

Curry leaves: ডায়েবেটিছকে ধৰি এই চাৰিটা ৰোগৰ মহৌষধ নৰসিংহৰ পাত - ডায়েবেটিছ

নৰসিংহৰ পাতে খাদ্যৰ সুগন্ধি আৰু সোৱাদ দুগুণ কৰাই নহয়, ই পুষ্টিকৰ গুণাগুণেৰেও সমৃদ্ধ সেয়ে ইয়াক সেৱন কৰিলে স্বাস্থ্যৰ কেনেধৰণৰ উপকাৰিতা সাধন হয় জানি লওক ৷

Curry leaves will protect you from these four diseases including diabetes, just eat like this
ডায়েবেটিছকে ধৰি এই চাৰিটা ৰোগৰ মহৌষধ নৰসিংহৰ পাত
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 5:28 PM IST

নৰসিংহৰ পাতৰ খাদ্যৰ সুগন্ধি আৰু সোৱাদ বৃদ্ধি কৰা বিশেষ গুণেৰে সমৃদ্ধ ৷ নৰসিংহ পাত ভজাৰ লগে লগে ইয়াৰ সুগন্ধি গোটেই ঘৰখনতে বিয়পি পৰে ৷ ই পুষ্টিকৰ হোৱা বাবে ইয়াক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ খোৱাৰ উপৰিও চুলি আৰু ছালৰ পৰা আৰম্ভ কৰি ডিটক্স পানী তৈয়াৰ কৰালৈকে নৰসিংহৰ পাত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় ৷ পুষ্টিৰ কথা ক’বলৈ গ’লে ফছফৰাছ, আইৰণ, কেলচিয়াম, ভিটামিন চি আৰু এ আদি বহুতো পুষ্টিকৰ উপাদান নৰসিংহৰ পাতত পোৱা যায় ৷

যদিও দক্ষিণ ভাৰতত নৰসিংহৰ পাত যথেষ্ট পৰিমানে ব্যৱহাৰ কৰা হয়, কিন্তু এতিয়া ভাৰতৰ ভিন্ন প্ৰান্তৰ লোকে ইয়াক খাদ্যত যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে ৷ বৰ্তমান সময়ত ডায়েবেটিছ ৰোগীৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাকে ধৰি বহু ৰোগত নৰসিংহৰ পাত উপকাৰী ৷ সেয়ে জানো আহক নৰসিংহ পাতৰ অন্য স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়ে ৷

  • ৰক্তহীনতাত উপকাৰী

ৰক্তহীনতাৰ সমস্যা (হিম’গ্লবিনৰ অভাৱ) প্ৰায়ে মহিলাৰ ক্ষেত্ৰত দেখা যায় ৷ নৰসিংহ পাতত আইৰণ আৰু ভিটামিন চি পোৱা যায় ৷ ইয়াৰ দ্বাৰা কেৱল ৰক্তহীনতাত সহায় কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়, যাতে আপুনি বাৰে বাৰে বেমাৰত পৰাৰ পৰা হাত সাৰিব পাৰে ৷

  • হজম শক্তি সুস্থ হৈ থাকিব

দৈনিক নৰসিংহ পাত খালে আপোনাৰ হজম শক্তি উন্নত হয়, যাৰ ফলত পেটৰ লগত জড়িত সমস্যা যেনে গেছ, কোষ্ঠকাঠিন্য, ক্ৰেম্প আদিৰ পৰা সকাহ পাব পাৰে ৷

  • ৰাতিপুৱাৰ ৰোগৰ পৰা সকাহ দিব

বহু সময়ত বমি আৰু টেঙা পানী অহাৰ দৰে সমস্যাসমূহ পুৱাৰ ভাগত হ’বলৈ আৰম্ভ কৰে ৷ সেয়ে নৰসিংহ পাতে এনে সমস্যাৰ পৰা আপোনাক সকাহ দিবলৈ সক্ষম ৷ ইয়াৰ কাৰ্মিনেটিভ গুণ আছে যিয়ে পেট ফুলা, গেছৰ দৰে সমস্যা ৰোধ কৰাত ফলপ্ৰসূ ৷

  • ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে

নৰসিংহ পাত খালে ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰি, ইয়াৰ উপৰিও ই আপোনাৰ ওজন বজাই ৰখাতো সহায়ক ৷ মেদবহুলতা বৃদ্ধিয়ে বহু ৰোগৰ কাৰণ হৈ পৰে ৷ গতিকে ওজন কমাব বিচাৰিলে সহজেই খাদ্যত নৰসিংহৰ পাত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

  • নৰসিংহ পাত কেনেকৈ খাব

যদিও খাদ্যত নৰসিংহৰ পাত বেছিকৈ দাইল বা তৰকাৰীত তেল মাৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নৰসিংহৰ পাত কেঁচাকৈ চোবাই খোৱাটোৱেই উত্তম উপায় ৷ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগতে প্ৰতিদিনে পুৱা পাঁচৰ পৰা ছটা নৰসিংহ পাত চোবাই খালে আপোনাৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰিতা সাধন হয় ৷

লগতে পঢ়ক: Cardamom Benefits: এই ৪টা কাৰণতেই আমি দৈনিক সৰু ইলাচি চোবাই খাব লাগে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.