ETV Bharat / sukhibhava

গৰুৰ গাখীৰ নে ম’হৰ গাখীৰ ? কোনটো স্বাস্থ্যকৰ আৰু উপকাৰী জানি লওক এই প্ৰতিবেদনত - গৰুৰ গাখীৰ

Cow Milk vs Buffalo Milk: গাখীৰ অতি স্বাস্থ্যকৰ আৰু শৰীৰৰ বাবে উপকাৰী । সেয়া লাগিলে গৰুৰ গাখীৰ হওক বা ম’হৰ গাখীৰ হওক, দুয়োটাতে পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে । কিন্তু আজি আমি আপোনাক ক’ম দুয়োটাৰে গুণাগুণ ৷

Cow Milk Vs Buffalo Milk: Know the Difference and Which is Better?
গৰুৰ গাখীৰ নে ম’হৰ গাখীৰ
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 1:03 PM IST

গাখীৰ গৰুৰেই হওক অথবা ম’হৰেই হওক, দুয়োটা স্বাস্থ্যকৰ আৰু শৰীৰৰ বাবে অতি উপকাৰী । ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা নিশ্চয় শুনিছে যে যদি ভাল টোপনি বিচাৰে তেন্তে নিশা ম'হৰ গাখীৰ খাই শুব লাগে । দৈ, খীৰ, পায়স, মালাই, কুলফি আৰু ঘিউ তৈয়াৰ কৰিবলৈ ম’হৰ গাখীৰ ভাল বুলি ধৰা হয় । গাখীৰ আটাইতকৈ বেছি পুষ্টিকৰ হয় আৰু তাত কোনো সন্দেহ নাই । কেলচিয়ামৰ উত্তম উৎস গাখীৰ । যিটো মজবুত হাড় আৰু দাঁতৰ বাবে প্ৰয়োজনীয় । স্বাস্থ্যসন্মত আৰু ফিট হৈ থাকিবলৈ চিকিৎসকে দৈনিক গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে ৷ কিন্তু গৰু আৰু ম’হৰ গাখীৰৰ মাজত আটাইতকৈ পুষ্টিকৰ কোনটো জানেনে ? বাৰু, দুয়োবিধ গাখীৰতে কিছুমান ভাল আৰু কিছুমান বেয়া গুণ আছে । গতিকে দুয়োটাৰ মাজত কি মূল পাৰ্থক্য আছে জানি লওক এই প্ৰতিবেদনত ।

পানী

প্ৰতিগৰাকী ব্যক্তিৰ বাবে পানী অতি প্ৰয়োজনীয় আৰু সেয়েহে যদি আপুনি আপোনাৰ শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰে তেন্তে গৰুৰ গাখীৰ খাবলৈ আৰম্ভ কৰক । গৰুৰ গাখীৰত ৯০ শতাংশ পানী থাকে আৰু ই আপোনাৰ শৰীৰক হাইড্ৰেট কৰাৰ বাবে একেবাৰে উপযুক্ত ।

ফেট

ম’হৰ গাখীৰতকৈ গৰুৰ গাখীৰত চৰ্বিৰ পৰিমাণ কম । সেয়েহে, ম’হৰ গাখীৰ গৰুৰ গাখীৰতকৈ ডাঠ হয় । গৰুৰ গাখীৰত ৩-৪ শতাংশ চৰ্বি থাকে, আনহাতে ম’হৰ গাখীৰত ৭-৮ শতাংশ চৰ্বি থাকে । ম’হৰ গাখীৰ পেটৰ বাবে গধুৰ, সেয়েহে ইয়াক হজম হ’বলৈ সময় লাগে আৰু ইয়াক খোৱাৰ পিচত বহু সময়লৈকে ভোক নালাগে ।

কেলৰি

ম’হৰ গাখীৰত অধিক কেলৰি থাকে কাৰণ ইয়াত প্ৰ’টিন আৰু চৰ্বি বেছি থাকে । এক কাপ ম’হৰ গাখীৰত ২৩৭ কেলৰি থাকে, আনহাতে এক কাপ গৰুৰ গাখীৰত ১৪৮ কেলৰি থাকে ।

প্ৰটিন

গৰুৰ গাখীৰৰ তুলনাত ম’হৰ গাখীৰত ১০-১১ শতাংশ প্ৰ’টিন থাকে । প্ৰটিনৰ পৰিমাণ বেছি হোৱাৰ বাবে ম’হৰ গাখীৰ সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধক দিব নালাগে ।

কলেষ্ট’ৰল

এই দুবিধ গাখীৰত কলেষ্ট’ৰলৰ পৰিমাণো বেলেগ বেলেগ । ম’হৰ গাখীৰত কলেষ্ট’ৰলৰ পৰিমাণ কম, সেয়েহে পিচিঅ’ডি, উচ্চ ৰক্তচাপ, বৃক্কৰ সমস্যা আৰু মেদবহুলতাত ভুগি থকাসকলৰ বাবে ই অতি উত্তম বুলি প্ৰমাণিত হয় ।

উল্লেখ্য যে, দুয়োবিধ গাখীৰ স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয় আৰু দুয়োটাৰে নিজস্ব উপকাৰিতা আছে । গতিকে আপুনি কি খাব বিচাৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে ৷

(এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।)

লগতে পঢ়ক: দুৰ্বলতা-ক্লান্তিৰ পৰা সকাহ পাবলৈ দৈনিক খাওক এই 3 টা ভিটামিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.