ETV Bharat / sukhibhava

এই 6বিধ সামগ্ৰী অবিহনে আধৰুৱা ষঠ পূজা, জানো আহক ইয়াৰ গুৰুত্ব কি ? - ষঠ পূজা কেনেদৰে কৰা হয়

Chhath Puja 2023: দেশ-বিদেশৰ লাখ লাখ লোকে এই উৎসৱ অতি ভক্তিৰে আজিৰে পৰা উদযাপন কৰিছে ষঠ পূজাৰ মহাপৰ্ব ৷ কিন্তু আপুনি জানেনে ষঠ পূজাৰ এনে কিছুমান সামগ্ৰী আছে যাৰ অবিহনে ষঠ পূজা আধৰুৱা ৷ সেয়ে জানো আহক এই সামগ্ৰীসমূহ নো কি-

Chhath Puja 2023
ষঠ পূজা 2023
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 10:28 AM IST

Updated : Nov 17, 2023, 2:52 PM IST

আজিৰে পৰা আৰম্ভ হৈছে ষঠ পূজাৰ মহাপৰ্ব ৷ উত্তৰ ভাৰতৰ ৰাজ্য বিহাৰ, ঝাৰখণ্ড আৰু পূৱ উত্তৰ প্ৰদেশত অতি ধুমধামেৰে এই উৎসৱ পালন কৰা হয় ৷ আজিৰ দিনটোতে সূৰ্য দেৱতা আৰু ষষ্ঠী মাতাক পূজা কৰি অৰ্ঘ প্ৰদান কৰা হয় ৷ চাৰিদিন ধৰি এই উৎসৱ পালন কৰা হয় ৷

চাৰিদিনীয়া এই উৎসৱত ভগৱান সূৰ্য আৰু ষষ্ঠী মাতাক পূজা কৰা হয় ৷ দেশ-বিদেশৰ লাখ লাখ লোকে এই উৎসৱ অতি ভক্তিৰে উদযাপন কৰে ৷ কিন্তু আপুনি জানেনে ষঠ পূজাৰ এনে কিছুমান সামগ্ৰী আছে যাৰ অবিহনে ষঠ পূজা আধৰুৱা ৷ জানো আহক এই সামগ্ৰীসমূহ নো কি-

নাৰিকল

Chhath Puja 2023
নাৰিকল

ষঠ পূজাৰ সময়ত ভক্তসকলে নিজৰ ইচ্ছা পূৰণৰ বাবে নাৰিকল আগবঢ়ায় ৷ হিন্দু ধৰ্মত নাৰিকল অতি পবিত্ৰ বুলি গণ্য কৰা হয় ৷ নাৰিকল সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় ৷

কল

Chhath Puja 2023
কল

কলক ভগৱান বিষ্ণুৰ প্ৰিয় ফল বুলি গণ্য কৰা হয় ৷ ষঠ পূজাত কল আগবঢ়াই ভগৱান সূৰ্য আৰু ষষ্ঠী মাতাৰ আশীৰ্বাদ লাভ কৰে ৷

কুঁহিয়াৰ

Chhath Puja 2023
কুঁহিয়াৰ

এই পূজাত কুঁহিয়াৰ আগবঢ়োৱাৰো বিশেষ তাৎপৰ্য আছে ৷ বিশ্বাস অনুসৰি ষঠ পূজাৰ দিনা এই ফল অৰ্পণ কৰিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি হোৱা বুলি গণ্য কৰা হয় ৷

নেমু

Chhath Puja 2023
নেমু

নেমুক টেঙা ফল বুলিও গণ্য কৰা হয় ৷ ইয়াক আগবঢ়ালে ষঠ পূজাৰ গুৰুত্ব আৰু বাঢ়ি যায় ৷

তামোল

Chhath Puja 2023
তামোল

ষঠ পূজাত তামোল আগবঢ়োৱাৰ বিশেষ তাৎপৰ্য আছে ৷ তামোলক হিন্দু ধৰ্মত সুখ, সমৃদ্ধি, সৌভাগ্য আৰু ধন-সম্পত্তিৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ ষঠ পূজাৰ সময়ত তামোল অৰ্পণ কৰি ভগৱান সূৰ্য আৰু ষষ্ঠী মাতাৰ আশীৰ্বাদ পোৱা যায় ৷

শিঙৰি

Chhath Puja 2023
শিঙৰি

এই পূজাত মাতৃ দেৱীক শিঙৰিও আগবঢ়োৱা হয় ৷ এই সময়ত শিঙৰি প্ৰচুৰ পৰিমাণে পোৱা যায়, মাতৃ দেৱীক অৰ্পণ কৰিলে পৰিয়ালৰ মাজত সুখ-সমৃদ্ধি বৰ্তি থাকে ৷

লগতে পঢ়ক: Chhath Puja 2023: কেতিয়া পালন কৰা হ’ব ষঠ পূজা ? অৰ্ঘৰ সঠিক দিন তথা সময় জানি লওক

Last Updated : Nov 17, 2023, 2:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.