ETV Bharat / sukhibhava

এইসমূহ পৰম্পৰাগত সুস্বাদু খাদ্যৰ অবিহনে আধৰুৱা ভোগালী বিহু - Magh Bihu Festival Recipes

Magh Bihu Festival Recipes: সম্প্ৰতি বিভিন্ন পৰম্পৰাগত খাদ্যৰ সুগন্ধিৰে ভৰি পৰিছে সমগ্ৰ অসম ৷ কাৰণ আজি উৰুকা ৷ আজিৰ দিনটোত প্ৰতিগৰাকী অসমীয়াৰ ঘৰত বনোৱা হ’ব বিভিন্ন সুস্বাদু খাদ্য ৷ গতিকে জানো আহক মাঘ বিহুত বনোৱা এইসমূহ খাদ্যৰ বিষয়ে ৷

Celebrate Magh Bihu with these traditional recipes
মাঘ বিহুৰ খাদ্য
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 4:53 PM IST

বিহু অসমৰ এক অতি বিশেষ উৎসৱ ৷ পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই ভোগালী বিহু বা মাঘ বিহু পালন কৰে । কৃষিজীৱি ৰাইজে বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰে ভোগৰ উৎসৱ ভোগালী ৷ এই সময়চোৱাত শালি ধান, মাহ, তিল, সৰিয়হ আদি শস্য চপাই ভঁৰাল ভৰায় । সেই বাবেই এই বিহুত খোৱা বোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় । আজি উৰুকা ৷ হাঁহে-মাহে এসাঁজ খোৱাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে অসমবাসী । সেয়েহে, মাঘ বিহুৰ সময়ত খোৱা কিছুমান সুস্বাদু পৰম্পৰাগত খাদ্যসমূহৰ বিষয়ে জানো আহক, যাৰ অবিহনে বিহু আধৰুৱা ৷

তিল পিঠা

ভোগালী বিহুৰ উৎসৱ তিল পিঠা অবিহনে আধৰুৱা । যাৰ সোৱাদ অসমৰ প্ৰতিটো ঘৰত পোৱা যায় । বৰা চাউলৰ পিঠাগুৰি খুন্দি কেৰাহী বা খোলাত অলপ অলপকৈ দি তাৰ মাজত গুৰ মিহলি তিল বা ৰুকি থোৱা নাৰিকল দি পকাই দিয়া হয় ৷ দীঘলীয়া এই পিঠা খাবলৈ অতি সোৱাদযুক্ত ৷

সান্দহ গুৰি

সান্দহ গুৰি বিহু উপলক্ষে বনোৱা পৰম্পৰাগত জলপান । উখুৱা চাউল শুকানে ভাজি তাক গুড়ি কৰি গুড় বা চেনি আৰু গাখীৰৰ সৈতে ইয়াক খোৱা হয় । অতি সহজ উপাদানৰে তৈয়াৰী এই জলপানৰ সোৱাদ অতি লোভনীয় ।

নাৰিকলৰ লাড়ু

নাৰিকলৰ লাড়ু অসমৰ প্ৰায়বোৰ উৎসৱতে বনোৱা হয় । নাৰিকল ৰুকি চেনী মিহলাই তৈয়াৰ কৰা কৰে ৷ নাৰিকলৰ লাড়ু সোৱাদযুক্ত হোৱাৰ উপৰিও স্বাস্থ্যকৰ ।

ঘিলা পিঠা

ঘিলা পিঠাও অন্যতম পৰম্পৰাগত খাদ্য যি বিশেষকৈ বিহু উপলক্ষে তৈয়াৰ কৰা হয় । ঘিলা পিঠা প্ৰস্তুত কৰিবলৈ আৰৈ চাউলৰ পিঠাগুড়িৰ লগত বৰা চাউলৰ পিঠাগুড়ি মিহলি কৰা হয় । তাৰ পিচত গুড়, চেনি বা নিমখ মিহলাই পানী সানি লাৰু কৰি ঘিলাৰ দৰে চেপেটা কৰি তেলত ভজা হয়।

মাছৰ টেঙা

যিহেতু মাঘ বিহুৰ খাদ্যৰ কথা আহিলে, মাছৰ কথা উল্লেখ কেনেকৈ নহ’ব নো ? মাঘ বিহুৰ সময়ত খোৱা অন্যতম ব্যঞ্জন হৈছে মাছৰ টেঙা ৷ ইয়াৰ সোৱাদ অলপ টেঙা হয় । কাৰণ ইয়াক বনাবলৈ নেমু, তেঁতেলী, বিলাহী আদি টেঙা ব্যৱহাৰ কৰা হয় ।

ভজা মাছ

বিহু উপলক্ষে প্ৰায়বোৰ ঘৰতে সুস্বাদু মাছৰ ব্যঞ্জনৰ সোৱাদ ল’ব পাৰি । যদিও হোটেল, ৰেষ্টুৰেণ্টত বছৰটোৰ প্ৰত্যেক সময়তে ভজা মাছৰ সোৱাদ ল’ব পাৰি, কিন্তু বিহুৰ সময়ত প্ৰস্তুত কৰা এই খাদ্যৰ সোৱাদ সম্পূৰ্ণ বেলেগ ।

খাৰ

খাৰ এবিধ নিৰামিষ খাদ্য । খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰি সেই ছাইত পানী দি থৈ পিচত তাৰ পৰা নিগৰি ওলোৱা ৰস । ভীমকল গছৰ পটুৱা ছিৰলা-ছিৰিলিকৈ ফালি ৰ’দত শুকুৱাই, জুইত পুৰি, তাৰ ছাইৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয় । কেতিয়াবা কলৰ গছ অংশও ৰ’দত শুকুৱাই পুৰি কলাখাৰ তৈয়াৰ কৰা হয় । যাৰ ফলত খাদ্যৰ সোৱাদ বেলেগ আৰু বিশেষ হৈ পৰে । ভাতৰ লগত খোৱা হয় খাৰ ।

লগতে পঢ়ক: এইবাৰ ভোগালীত মন ভৰি খাওক দৈ-চিৰা আৰু লাভ কৰক এই উপকাৰিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.