ETV Bharat / sukhibhava

টেৰট কাৰ্ডৰ তিনিখন কাৰ্ডে সঁচাকৈয়ে আপোনাৰ আপোনাৰ ভৱিষ্যৎ জনাব পাৰে নে ?

বৰ্তমান সময়ত টেৰট কাৰ্ডৰ প্ৰসংগিকতা কি ? টেৰট কাৰ্ডৰ তিনিখন কাৰ্ডে সঁচাকৈয়ে আপোনাৰ ভৱিষ্যৎ জনাব পাৰে নে ? জ্যোতিষ বিজ্ঞান আৰু টেৰট কাৰ্ডৰ মাজত পাৰ্থক্য কি ? টেৰট কাৰ্ড ৰিডিং কেনেদৰে কৰা হয় ? এই সন্দৰ্ভত জনালে টেৰট কাৰ্ড ৰিডাৰ পূবালী বৰুৱা ৷

Tarot card Reading
টেৰট কাৰ্ডৰ তিনিখন কাৰ্ডে সঁচাকৈয়ে আপোনাৰ আপোনাৰ ভৱিষ্যত জনাব পাৰে নে ?
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:29 PM IST

টেৰট কাৰ্ড ৰিডাৰ পূবালী বৰুৱাৰ সৈতে সাক্ষাৎকাৰ

গুৱাহাটী, 9 জানুৱাৰী: বৰ্তমান সময়ছোৱাত জ্যোতিষ শাস্ত্ৰ, ৰেইকী আদিৰ দৰে মানুহে আদৰি লৈছে টেৰট কাৰ্ডক ৷ বহুলোকে কল্পনা কৰে টেৰট কাৰ্ডে মানুহ এজনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ ক'ব পাৰে ৷ কিন্তু এয়া আচলতে এটা ভ্ৰান্ত ধাৰণাহে ৷ টেৰট কাৰ্ড হৈছে এক গাইড লাইন ৷ টেৰট কাৰ্ডে ব্যক্তিজনৰ ব্যক্তিত্ব কেনেকুৱা, তেওঁৰ ভিতৰৰ মানুহজন কেনেকুৱা সেইটো জনায় ৷ লগতে মানুহজনক গাইড কৰি দিয়ে কোনটো কাম কৰিলে মানুহজনে ভাল ফলাফল লাভ কৰিব ৷

জ্যোতিষ বিজ্ঞান আৰু টেৰট কাৰ্ডৰ মাজত পাৰ্থক্য কি ?

জ্যোতিষী এগৰাকীয়ে জ্যোতিষ শাস্ত্ৰৰ দ্বাৰা এজন ব্যক্তি ভৱিষ্যৎ বা ভৱিষ্যতে ঘটিব পৰা ঘটনাৰ সন্দৰ্ভত জনোৱাৰ উপৰিও বিধান দিয়ে ৷ কিন্তু টেৰট কাৰ্ড ৰিডাৰ সকলে মানুহজনৰ ভিতৰৰ পৰা কি হৈ আছে সেইটো উলিওৱাৰ লগতে মানুহজনক ব্যক্ত কৰা হয় যে তেওঁৰ ভিতৰখনৰ কি হৈ আছে ৷ কিন্তু টেৰট কাৰ্ড ৰিডাৰ সকলে মানুহজনক কোনো বিধান নিদিয়ে ৷ এক কথাত কবলৈ গলে মানুহজনক মানসিক ভাৱে শক্তিশালী কৰাত সহায় কৰা হয় ৷

টেৰট কাৰ্ড ৰিডিং কেনেদৰে কৰা হয় ?

টেৰট কাৰ্ডত সৰ্বমুঠ ৭৮ খন কাৰ্ড থাকে ৷ সেই কাৰ্ড সমূহৰ ভিতৰৰ পৰা এজন ব্যক্তিক তিনিখন কাৰ্ড টানিব দিয়া হয় ৷ ইফালে টেৰট কাৰ্ডৰ বিভিন্ন ভাগ থাকে ৷ ইয়াৰে মাজত এটা হৈছে ওশো জেন টেৰট ৷ ওশো জেন টেৰ'ট হৈছে জেনৰ এক অতীন্দ্রিয় খেল ৷ যি ব্যক্তি এজনৰ বৰ্তমানটো প্ৰতিফলিত কৰে, এতিয়া, বিচাৰ বা তুলনা অবিহনে ইয়াত কি আছে তাক অটলভাৱে উপস্থাপন কৰে ৷

লগতে পঢ়ক: শৰীৰত এই লক্ষণ দেখা দিলে হওক সাৱধান! হ’ব পাৰে আপোনাৰ যকৃতৰ ক্ষতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.