ETV Bharat / sukhibhava

Oral Sex ডিঙিৰ কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে নেকি ? - ডিঙিৰ কৰ্কট ৰোগ

ডিঙিৰ কৰ্কট ৰোগ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । য'ত কোৱা হৈছে যে ধূমপান আৰু সুৰাৰ উপৰিও, ডিঙিৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত oral Sexৰো এক স্পষ্ট সম্পৰ্ক আছে (Oral sex cause throat cancer)। ইতিমধ্যে এই ক্ষেত্ৰত ইউজেড লিউভেনৰ অধ্যাপক ডাঃ পিয়েৰ ডেলায়েৰে স্পষ্টভাৱে বিষয়টো উল্লেখ কৰিছে ।

Oral Sex
ডিঙিৰ কৰ্কট ৰোগ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে
author img

By

Published : Jul 5, 2022, 4:50 PM IST

শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে যে ধূমপান আৰু সুৰাপানৰ উপৰিও মৌখিক যৌন সম্ভোগ (oral sex) আৰু একাধিক সংগীৰে যৌন সম্ভোগৰ দ্বাৰা হিউমেন পেপিলোমা ভাইৰাছ (HPV) সংক্ৰমণৰ ফলত ডিঙিৰ কৰ্কট ৰোগ হোৱা দেখা যায় । ব্ৰাচেলছ কৰ্কট পঞ্জীয়ন ফাউণ্ডেচনৰ মতে, ডিঙিৰ কৰ্কট ৰোগৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে ২০১৯ চনত ২,৭৬৬ টা নতুনকৈ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ ঘটনা পোহৰলৈ আহিছিল যিটো প্ৰতি বছৰে প্ৰতি ১,০০,০০০ জনসংখ্যাৰ ২৪.২ নতুন ৰোগ নিৰ্ণয়ৰ সমান । ৰোগীসকলৰ ভিতৰত পুৰুষৰ সংখ্যা আছিল সৰ্বাধিক ২,০৫৮ গৰাকী, আনহাতে মহিলা ৭০৮ গৰাকী ।

ইউজেড লিউভেনৰ (UZ Leuven) অধ্যাপক ডাঃ পিয়েৰ ডেলায়েৰে কয় যে শেহতীয়া বছৰবোৰত HPV ভাইৰাছৰ ফলত হোৱা ডিঙিৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি পাইছে । পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত ইজনৰ পৰা সিজনলৈ যৌন সম্ভোগৰ ফলত এইচ.পি.ভি. সংক্ৰমণৰ দ্বাৰা মুখ গহ্বৰৰ কৰ্কট ৰোগ হ'ব পাৰে (Causes of throat cancer)। অধ্যাপকগৰাকীৰ মতে ডিঙিৰ কৰ্কট ৰোগ Oral sexৰ জৰিয়তে সংক্ৰমণ হ'ব পাৰে (Oral sex cause throat cancer)।

বেছিভাগ ক্ষেত্ৰতে, ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শৰীৰৰ পৰা ভাইৰাছটো আঁতৰ কৰে, কিন্তু কেতিয়াবা ভাইৰাছটো মুখ গহ্বৰৰ কোষবোৰত থাকি যায় । যাৰ ফলত দীৰ্ঘম্যাদী সংক্ৰমণ হ'ব পাৰে । ফলস্বৰূপে, কোষবোৰৰ পৰিৱৰ্তন হ'ব পাৰে আৰু ইয়াৰ পৰিণতি হ'ব পাৰে ডিঙিৰ কৰ্কট ৰোগ ।

ডেলায়েৰে লগতে কয় যে ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত মহিলাত কৈ পুৰুষৰ সংখ্যা অধিক । পুৰুষ আৰু মহিলাৰ অনুপাত প্ৰায় ৭০:৩০ । ইয়াৰ মুখ্য কাৰণ হৈছে পুৰুষসকল ধূমপান আৰু সুৰাপানৰ প্ৰতি অধিক আগ্ৰহী । অৱশ্যে, শেহতীয়া বছৰবোৰত মহিলাসকল অধিক আক্ৰান্ত হৈছে ।

ডিঙিৰ কৰ্কট ৰোগ ডিঙিৰ ভিতৰত বা চাৰিওফালে বিভিন্ন স্থানত হ'ব পাৰে । যেনে মুখৰ গহ্বৰ, নাকৰ ভিতৰত, টনচিলত বা জিভাৰ তলত । লক্ষণবোৰ প্ৰথমতে প্ৰায়ে অস্পষ্ট হয়, যাৰ বাবে ৰোগটো অন্তিম পৰ্যায়ত হে ধৰা পৰে ।

অৱশ্যে, কেইবাটাও স্পষ্ট লক্ষণ আছে । তাৰ ভিতৰত ডিঙিৰ নিৰন্তৰ বিষ অন্যতম লক্ষণ । খাদ্য গিলাৰ সময়ত ডিঙিৰ পৰা তেজ ওলোৱা, উখহি যোৱা আৰু অস্বস্তি কাহ আদি । পিছৰ পৰ্যায়লৈ, ডিঙিৰ গ্ৰন্থি ফুলাৰ লগে লগে ই টিউমাৰলৈ ৰূপান্তৰিত হয় ।

অৱশ্যে এনে হোৱাৰ এটা ভাল কথা হ'ল টিউমাৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন চিকিৎসা উপলব্ধ । ডেলায়েৰে কয় যে এইচ.পি.ভি.-ৰ ফলত হোৱা ডিঙিৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত, ৰেডিয়েশ্যন চিকিৎসা (radiation treatment) সাধাৰণতে পৰ্যাপ্ত হয় যি সম্ভৱতঃ কেমোথেৰাপীৰ সৈতে একত্ৰিত হয় । ধপাত আৰু সুৰা সেৱনৰ ফলত ডিঙিৰ কৰ্কট ৰোগৰ ক্ষেত্ৰতো একেই চিকিৎসা প্ৰযোজ্য ।

ডেলায়েৰে লগতে কয় যে ডিঙিৰ গ্ৰন্থিত মেটাষ্টেজ হোৱাৰ পাছত বহুক্ষেত্ৰত, এক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় । য'ত টিউমাৰটো এক্সাইজ কৰা হয় । এই প্ৰক্ৰিয়া ইতিমধ্যে ৰবটৰ দ্বাৰা কৰা হৈছে । যদি অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, কেতিয়াবা ডিঙিৰ এটা অংশ আঁতৰাব লাগিব পাৰে ।

যাৰ ফলত ৰোগীৰ বাবে গুৰুতৰ সমস্যা আহিব পাৰে । কিয়নো তাৰ পিছত এগৰাকী ৰোগীয়ে কথা কোৱা আৰু গিলিবলৈ কষ্ট পাব পাৰে । সৌভাগ্যক্ৰমে, প্ৰাৰম্ভিক পৰ্যায়ত কৰ্কট ৰোগ ধৰা পৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা ৯০ শতাংশ । পলমকৈ চিনাক্ত হোৱাৰ পিছত, ইয়াৰ আৰোগ্য হোৱাৰ সম্ভাৱনা প্ৰায় ৬০ শতাংশ ।

লগতে পঢ়ক :বেছি ওজনৰ লোকৰ ক্ষেত্ৰত COVID প্ৰতিষেধক বেছি কাৰ্যকৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.