ETV Bharat / sukhibhava

স্তন কেন্সাৰ সম্পৰ্কীয় বিষয় - কাল্পনিক আৰু সত্য - 1 - ইটিভি ভাৰত সুখীভৱ

অক্টোবৰ মাহতো সমগ্ৰ বিশ্বতে আন্তৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হয় ৷ স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱা, এই ৰোগৰ পৰা আৰোগ্য হৈ উঠাসকলক সন্মান জনোৱা আৰু সমান্তৰালকৈ ইয়াৰ বিৰুদ্ধে যুঁজিবৰ বাবে আশা, সাহস আৰু জীয়াই থকাৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে গুলপীয়া ৰঙৰ ৰিবন ব্যৱহাৰ কৰা হয় ৷

স্তন কেন্সাৰ সম্পৰ্কীয় বিষয়
স্তন কেন্সাৰ
author img

By

Published : Oct 19, 2020, 2:00 PM IST

অক্টোবৰ মাহতো সমগ্ৰ বিশ্বতে আন্তৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হয় ৷ স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱা, এই ৰোগৰ পৰা আৰোগ্য হৈ উঠাসকলক সন্মান জনোৱা আৰু সমান্তৰালকৈ ইয়াৰ বিৰুদ্ধে যুঁজিবৰ বাবে আশা, সাহস আৰু জীয়াই থকাৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে গুলপীয়া ৰঙৰ ৰিবন ব্যৱহাৰ কৰা হয় ৷

ইটিভি ভাৰতৰ সুখীভৱই উষালক্ষ্মী স্তন কেন্সাৰ ফাইণ্ডেছনৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক তথা কিমছ-উষালক্ষ্মী স্তন কেন্সাৰৰ চেন্টাৰৰ অধ্যক্ষ ড৹ পি ৰঘু ৰামৰ সৈতে এই সম্পৰ্কত বাৰ্তালাপ কৰে ৷

স্তন কেন্সাৰ সম্পৰ্কীয় বিষয়
ড৹ পি ৰঘু ৰামৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

বিশ্বজোৰা পৰিসংখ্যা

সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় 2.1 মিলিয়ন মহিলা স্তন কেন্সাৰত আক্ৰান্ত হয় ৷ মহিলাৰ ক্ষেত্ৰত সঘনে পৰিলক্ষিত হোৱা এই ৰোগৰ ফলত প্ৰতিবছৰে 6,50,000 লোকৰ মৃত্যু হয় ৷

ভাৰতীয় পৰিসংখ্যা

ভাৰতত প্ৰতিবছৰে 162,000 মহিলা স্তন কেন্সাৰত আক্ৰান্ত হয় ৷ ডিঙিৰ কেন্সাৰতকৈ এই ৰোগ ভাৰতীয় মহিলাৰ ক্ষেত্ৰত অধিক হোৱা দেখা পোৱা গৈছে ৷ আনহাতে, স্তন কেন্সাৰত আক্ৰান্ত হোৱা দুগৰাকী মহিলাৰ এগৰাকীকেই মৃত্যুক সাৱটি লয় ৷ ভাৰতত প্ৰতিবছৰে 87,000 মহিলাৰ স্তন কেন্সাৰত মৃত্যু হয় আৰু প্ৰতি 10 মিনিটত এগৰাকীৰ মৃত্যু হয় ৷ সজাগতাৰ অভাৱ আৰু সুপৰিকল্পিত ৰাষ্ট্ৰজোৰা স্তন কেন্সাৰ স্ক্ৰীনিঙৰ আয়োজন নকৰা বাবে এই ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলাব পৰা নাযায় ৷

কাল্পনিক

অধিকসংখ্যক স্তনৰ টেমুনাই কেন্সাৰ

সত্য

10 ভিতৰত 9 টা স্তনৰ টেমুনাই কেন্সাৰ নহয় ৷ কিন্তু স্তনত নতুন কিবা পৰিৱৰ্তন হৈছে নেকি সেই সম্পৰ্কে জ্ঞাত হ'বৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ৷ তিনি ধৰণৰ মূল্যায়ন - ক্লিনিকেল স্তন পৰীক্ষণ, দুই পক্ষীয় মেমোগ্ৰাফী (এক্সৰে') আৰু আল্ট্ৰা ছাউণ্ড আৰু বায়প্সী ৰিপোৰ্টৰ পৰা জানিব পৰা যায় এনে টেমুনা সাধাৰণ নে কেন্সাৰসদৃশ ৷

কাল্পনিক

স্তন কেন্সাৰ কেৱল বয়স্ক মহিলাৰ দেহত হয় ৷

সত্য

পশ্চিমীয়া দেশত পঞ্চাশোৰ্ধৰ মহিলাৰ স্তন কেন্সাৰ হোৱা পৰিলক্ষিত হয় ৷ কিন্তু ভাৰতত এই ৰোগ ইয়াতকৈও কম বয়সৰ মহিলাৰ মাজত দেখা পোৱা যায় ৷ 40-60 বছৰৰ ভিতৰৰ মহিলাসকলৰ মাজত ভাৰতত স্তন কেন্সাৰ হোৱা দেখা যায় ৷

কাল্পনিক

পুৰুষৰ স্তন কেন্সাৰ নহয়

সত্য

বহু লোকে বিশ্বাস কৰে যে, পুৰুষৰ স্তন নাথাকে বাবে স্তন কেন্সাৰ হ'ব নোৱাৰে ৷ কিন্তু পুৰুষ আৰু মহিলা উভয়েৰে স্তন পেশী থাকে ৷ এয়া জানি থোৱাটো গুৰুত্বপূৰ্ণ যে, কিছুসংখ্যক পুৰুষৰো স্তন কেন্সাৰ হয় ৷

পুৰুষৰ ক্ষেত্ৰত স্তন ৰোগ কম পৰিমাণে প্ৰত্যক্ষ কৰা যায় যদিও আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিবছৰে 300 নতুন ঘটনা পোহৰলৈ আহে ৷

কাল্পনিক

কিহৰ পৰা স্তন কেন্সাৰ হয় আমি জানো

সত্য

কিহৰ পৰা স্তন কেন্সাৰ হয় আমি নাজানো ৷ কিন্তু কিছুমান চিনাক্ত কৰিব পৰা কাৰণ আছে ৷ এগৰাকী মহিলা আৰু বয়স বৃদ্ধি পোৱা দুটা গুৰুত্বপূৰ্ণ কাৰণ হিচাপে বিবেচিত ৷

অন্যান্য বিপজ্জনক কাৰণ :

* পূৰ্বে চিকিৎসা কৰা একেটা অথবা আনটো স্তনত পুনৰ হোৱাৰ সম্ভাৱনা

* স্তন কেন্সাৰ হোৱাৰ পৰিয়ালৰ ইতিহাস

* মাহেকীয়া আৰম্ভ হোৱাৰ আগৰ সময় (12 বছৰৰ পূৰ্বে)

* মাহেকীয়া বন্ধ হোৱাৰ পাচৰ সময় (55 বছৰৰ পাচত)

* সন্তান জন্ম নোহোৱা অথবা 30 বছৰৰ পাচত প্ৰথমটো সন্তান জন্ম হোৱা

* হৰমন স্থানান্তৰ থেৰাপিৰ দীৰ্ঘকালীন প্ৰয়োগ

* মেদবহুলতা (মাহেকীয়া বন্ধ হোৱাৰ পাচত বৃদ্ধি পোৱা ওজন)

কাল্পনিক

স্তন কেন্সাৰ হোৱাৰ কোনো বিপদাশংকা থাকিলে সেই ৰোগ হ'বই ৷

সত্য

স্তন কেন্সাৰ হোৱাৰ বিপদাশংকা থাকিলেও এই ৰোগ নহ'বও পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.