ETV Bharat / state

Bhairabkunda picnic spot: পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ম্লান পেলালে বনভোজৰ আনন্দ

author img

By

Published : Nov 29, 2022, 4:30 PM IST

বনভোজৰ আনন্দ-উছাহৰ মাজতে পাহাৰৰ পৰা নামি আহিল বন্যহস্তী ৷ ওদালগুৰিৰ ভৈৰৱকুণ্ড বনভোজস্থলীত হঠাতে পাহাৰৰৰ পৰা নামি আহিল বন্যহস্তী (Bhairabkunda picnic spot In Odalguri) ৷ হুলস্থুল আৰু হুৱাদুৱাময় পৰিৱেশৰ সূচনা ৷

Etv Bharatwild-elephants-in-bhairabkunda-picnic-spot
Bhairabkunda picnic spot: পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ম্লান পেলালে বনভোজৰ আনন্দ

ওদালগুৰি, 29 নৱেম্বৰ: এয়া বনভোজৰ বতৰ(Season for picnics) ৷ পুৰণি বৰ্ষটোৱে বিদায় ল’বলৈ মাজত মাথো এটা মাহ বাকী । প্ৰতি বছৰেই নৱেম্বৰ মাহৰ পৰা নৱবৰ্ষ পৰ্যন্ত ৰাজ্যৰ সুন্দৰ সুন্দৰ স্থানসমূহলৈ বনভোজপ্ৰেমীৰ স্ৰোত বৃদ্ধি হোৱা পৰিলক্ষিত হয় ৷ বাচকবনীয়া স্থানলৈ প্ৰতিগৰাকী লোকেই আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ সৈতে বনভোজ খাবলৈ যোৱা দেখিবলৈ পোৱা যায় ৷

পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ম্লান পেলালে বনভোজৰ আনন্দ

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন বনভোজস্থলীলৈ বনভোজপ্ৰেমীৰ সোঁত বোৱা পৰিলক্ষিত হৈছে‌ । প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি পৰিয়াল, বন্ধুবৰ্গৰ সৈতে এসাঁজ খোৱাৰ উদ্দেশ্যৰে বনভোজপ্ৰেমীৰ দলবোৰ ৰাওনা হৈছে নিৰ্দিষ্ট বনভোজস্থলীৰ দিশে ৷ কিন্তু পৰিয়ালৰ সৈতে শান্তিৰে এসাঁজ খাবলৈ বনভোজথলীত ভিৰ কৰাৰ সময়তে ৰাজ্যৰ অন্যতম এটি বনভোজস্থলীত ঘটিল অথন্তৰ ৷

ওদালগুৰিৰ ভৈৰৱকুণ্ড বনভোজস্থলীত বনভোজৰ উছাহ-আনন্দৰ মাজতে পাহাৰৰ পৰা নামি অহা এটি বন্যহস্তীয়ে ক্ষন্তেকৰ বাবে ম্লান পেলালে বনভোজৰ আনন্দ(Wild elephants in the picnic area) ৷ বনভোজপ্ৰেমী সকলে পৰিয়াল, বন্ধু-বান্ধৱৰ সৈতে ৰং-ৰহইচত মচগুল হৈ থকাৰ সময়তে পাহাৰৰ পৰা হঠাতে নামি অহা এটি বন্যহস্তীয়ে আতংকিত কৰি তোলা পৰিলক্ষিত হয় বনভোজস্থলীত উপস্থিত আটাইকে (Bhairabkunda picnic spot In Odalguri) ।

পাহাৰৰ পৰা নামি অহা বন্যহস্তীটোক দেখাৰ লগে লগে উপস্থিত বনভোজকাৰী দলৰ মাজত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় । একাংশ‌ই বন্যহস্তীৰ ভয়ত প্ৰাণৰ মমতাত যেনি-তেনি পলাবলৈ লয়(Wild elephants in Bhairabkunda picnic spot) । ইয়াৰ পাছত বনভোজস্থলীত উচ্চ-প্ৰাৱল্যৰ লাউডস্পীকাৰ তথা মানুহে কৰা হুলস্থুল আৰু হুৱাদুৱাময় পৰিৱেশৰ বাবে হাতীটো পুনৰ পাহাৰলৈ গতি কৰে‌ ।

জানিব পৰা মতে, সমীপৰ অৰুণাচল পাহাৰৰ বিভিন্ন স্থানত বন্যহস্তীয়ে বিচৰণ কৰি থাকে‌ । উক্ত পাহাৰৰ পৰাই হাতীটো নামি অহাৰ সন্দেহ প্ৰকাশ কৰিছে ভৈৰৱকুণ্ডত উপস্থিত বনভোজপ্ৰেমীসকলে । অৱশ্যে উক্ত সময়চোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হোৱা নাছিল যদিও কথমপি একাংশ লোকৰ প্ৰাণ ৰক্ষা পৰে ।

লগতে পঢ়ক: Gujarat assembly polls: গুজৰাট বিধানসভা নিৰ্বাচনত নিৰক্ষৰ প্ৰাৰ্থীয়েও কৰিছে প্ৰতিদ্বন্দিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.