ETV Bharat / state

পানেৰীত ভোটাৰ সজাগতা সভা - assam news

নিৰ্বাচনত ইভিএমৰ সৈতে নতুনকৈ সংযোগ হোৱা ভিভিপিএটি মেছিন ভোটাৰৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে ওদালগুৰিৰ বিভিন্ন অঞ্চলত জিলা প্ৰশাসনে ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰিছে সজাগতা সভা ৷

সজাগতা সভা জিলা প্ৰশাসনৰ
author img

By

Published : Apr 2, 2019, 2:43 AM IST

ওদালগুৰি, 1 এপ্ৰিলঃ বাগিছাই বাগিছাই গৈ ভোটাৰক সজাগতা কৰাৰ চেষ্টা ওদালগুৰি জিলা প্ৰশাসনৰ ৷ ভোট গ্ৰহণ প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ ওদালগুৰি জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ । নিৰ্বাচনত ইভিএমৰ সৈতে নতুনকৈ সংযোগ হোৱা ভিভিপিএটি মেছিন ভোটাৰৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে ওদালগুৰিৰ বিভিন্ন অঞ্চলত জিলা প্ৰশাসনে ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰিছে সজাগতা সভা ৷ সোমবাৰে ওদালগুৰিৰ পানেৰীত অঞ্চলটোৰ ভোটাৰক জিলা প্ৰশাসনে এক প্ৰকাৰৰ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰি ভোট দিবলৈ প্ৰশিক্ষণ দিয়ে ৷ বাগিছাৰ শ্ৰমিক সকলক ভোট কেনেকৈ দিব লাগে আৰু ভিভিপিএটিৰ জৰিয়তে কেনেকৈ কাক ভোট দিয়া হৈছে তাক নিশ্চিত কৰিব পাৰি সেই সকলো দিশত সজাগ কৰাহৈছে এই সভাত ৷

বাগিছাই বাগিছাই গৈ ভোটাৰক সজাগতা কৰা চেষ্টা ওদালগুৰি জিলা প্ৰশাসনৰ

ওদালগুৰিঃ সমাগত দেশৰ লোক সভা নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত অৰ্থাৎ অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ওদালগুৰি জিলা অন্তৰ্ভূক্ত হৈ থকা  মঙলদৈ লোকসভা সমষ্টিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ।  ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সহজ  কৰি তুলিবলৈ ওদালগুৰি জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ। বিশেষকৈ এইবাৰ নিৰ্বাচনত ইভিএমৰ সৈতে নতুনকৈ সংযোগ হোৱা ভিভিপিএটি মেছিন ভোটাৰৰ মাজত চিনাকি কৰি দি ভোটৰ দিনা যাতে ভোটাৰ সকলে নতুন বস্তু এটা হথাৎ দেখি বিপাঙত কৰিব লগা নহয় তাৰ বাবে ওদালগুৰি জিলা প্ৰশাসনে ধাৰাবাহিক ভাৱে অনুষ্ঠিত কৰিছে সজাগতা সভা। জিলা প্ৰশাসনে এক প্ৰকাৰৰ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰি সজাগতা সৃষ্টি কৰিবলৈ ভোট দিবলৈ প্ৰশিক্ষণ দিছে জিলা খনৰ ভোটাৰক। আজি পানেৰী সমষ্টিত হাতিগড় চাহ বাগিছাটো প্ৰশাসনে অনুষ্ঠিত কৰিছে সজাগতা কাৰ্যসূচী। বাগিছাৰ শ্ৰমিক সকলক ভোট কেনেকৈ দিব লাগে আৰু ভিভিপিএটিৰ জড়িয়তে কেনেকৈ কাক ভোট দিয়া হৈছে তাক নিশ্চিত কৰিব পাৰি সেই সকলো দিশত সজাগ কৰা হয়। এই সজাগতা কাৰ্যসূচীত উপস্থিত থাকি  উৎসাহিত হয় পৰে বাগিছাৰ শ্ৰমিক সকল। এই নতুন প্ৰক্ৰিয়াৰ পৰা ভোট দানৰ পিছত আৰু কোনো সন্দেহৰ সৃষ্টি নহয় বুলিও কয় বাগিছাৰ শ্ৰমিক সকলে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.