ETV Bharat / state

বিটিআৰ চুক্তি স্বাক্ষৰকাৰীসকলক শাসনৰ সুযোগ দিয়কঃইউ জি ব্ৰহ্ম

author img

By

Published : Feb 12, 2020, 7:54 PM IST

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আগন্তুক পৰিষদীয় নিৰ্বাচনত পুনৰ জয়ী হ’ব বুলি বাৰে বাৰে ঘোষণা কৰাৰ সময়তে বিটিচিৰ আন এটা ৰাজনৈতিক দল ইউ পি পি এলেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । অৱশ্যে শাসনৰ বাঘজৰীকলৈ ৰাজনৈতিক চৰ্চা অব্যাহত থাকিলেও বিটিআৰ চুক্তিৰ প্ৰতি সন্মান জনাই উদাৰ মনোভাৱেৰে চুক্তি স্বাক্ষৰকাৰীসকলক শাসনৰ সুযোগ দিবলৈ হাগ্ৰামা মহিলাৰীক মুকলি আহ্বান জনায় দলটোৰ সভাপতি ইউ জি ব্ৰহ্মই ।

বিটিআৰ চুক্তি
নিৰ্বাচনী কুচকাৱাজ ইউ পি পি এলৰ

ওদালগুৰি,12 ফেব্ৰুৱাৰীঃ বিটিআৰ গঠনৰ পিচত এতিয়া শাসনৰ বাঘজৰী দখলৰ বাবে অঞ্চলটোৰ ৰাজনৈতিক দলসমূহৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে কুচকাৱাজ । বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আগন্তুক পৰিষদীয় নিৰ্বাচনত পুনৰ জয়ী হ’ব বুলি বাৰে বাৰে ঘোষণা কৰাৰ সময়তে বিটিচিৰ আন এটা ৰাজনৈতিক দল ইউ পি পি এলেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । অৱশ্যে শাসনৰ বাঘজৰীকলৈ ৰাজনৈতিক চৰ্চা অব্যাহত থাকিলেও বিটিআৰ চুক্তিৰ প্ৰতি সন্মান জনাই উদাৰ মনোভাৱেৰে চুক্তি স্বাক্ষৰকাৰীসকলক শাসনৰ সুযোগ দিবলৈ হাগ্ৰামা মহিলাৰীক মুকলি আহ্বান জনায় দলটোৰ সভাপতি ইউ জি ব্ৰহ্মই । ওদালগুৰিৰ ৰৌতাত বুধবাৰে অনুষ্ঠিত ইউ পি পি এল-ৰ এক সভাত বিটিচি প্ৰধান গৰাকীক এই আহ্বান জনায় ইউ জি ব্ৰহ্মই ।

নিৰ্বাচনী কুচকাৱাজ ইউ পি পি এলৰ

উক্ত সভাতেই এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে অংশগ্ৰহণ কৰি এই চুক্তিৰ প্ৰতিটো দফা ৰূপায়িত হ’লেহে অঞ্চলটোৰ সৰ্বাংগীন উন্নতি হব বুলি সদৰী কৰাৰ লগতে এন ডি এফ বি-ৰ চাৰিওটা গোটক একত্ৰিতভাৱে বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ বাবে কাম কৰাৰ কথা উল্লেখ কৰে ৷

লগতে চাওকঃনতুন ৰাজনৈতিক দল গঠন নকৰে এনডিএফ বি চাৰি গোটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.