ETV Bharat / state

ওদালগুৰিত বন্যহস্তীয়ে প্ৰাণ কাঢ়িলে এজনৰ - increasing men-elephant-conflict in Udalguri district

ওদালগুৰিত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ জিলাখনৰ ভোলাচাৰত সংঘটিত হ'ল এই ঘটনা ৷

ওদালগুৰিত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Sep 7, 2019, 1:04 PM IST

ওদালগুৰি, 7 ছেপ্তেম্বৰ: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত । যাৰ ফলত এতিয়া অঞ্চলটোত এজনৰ পাচত আন এজন লোকে হেৰুৱাইছে প্ৰাণ ৷ শনিবাৰে পুৱতি নিশা ওদালগুৰিৰ ডিমাকুছি থানাৰ অন্তৰ্গত অসম-ভূটান সীমান্তৰ ২নং ভোলাটাৰ গাৱঁত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন লোকৰ৷ নিহত লোকজনক ৭৩ বছৰীয়া ৰাম বাহাদুৰ গৌতম বুলি চিনাক্ত কৰা হৈছে ৷ পুৱতি নিশা প্ৰায় ৩ বজাত ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ৰাজহ গাঁৱলৈ ওলাই অহা বনৰীয়া হাতীৰ জাকৰ এটা অকলশৰীয়া হাতীয়ে ৰাম বাহাদুৰ গৌতম নামৰ লোকজন আক্ৰমণ কৰি গুৰুত্বৰভাবে আহত কৰে ৷ পাছত আহত লোকজনক চিকিৎসাৰ বাবে টংলা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু ঘটে ৷

উল্লেখযোগ্য যে কেৱল ওদালগুৰি জিলাতে হাতী আৰু মানুহৰ সংঘাতত বৰ্তমানলৈকে 19 লোকে প্ৰাণ হেৰুৱাইছে যদিও বিটিচি প্ৰশাসন আৰু অসম চৰকাৰে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে একো ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰা নাই ৷ যাৰ ফলস্বৰূপে জিলাখনৰ উত্তৰাঞ্চলত এতিয়া হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷

ওদালগুৰিত বন্যহস্তীয়ে প্ৰাণ কাঢ়িলে এজনৰ

Intro:ওদালগুৰিৰ ভোলাটাৰত বন্যহস্তীৰ আক্ৰমণত এজন নিহত
Body:
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত। আজি পুৱতি নিশা পুনৰ জিলা খনৰ ডিমাকুছি থানাৰ অন্তৰ্গত অসম-ভূটান সীমান্তৰ ২নং ভোলাটাৰ গাৱঁত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু ঘটে লোকৰ ৷ নিহত লোকজনক ৭৩ বছৰীয়া ৰাম বাহাদুৰ গৌতম বুলি চিনাক্ত কৰা হৈছে ৷ লোকজনে পুৱতি নিশা প্ৰায় ৩ বজাত ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ৰাজহ গাঁৱলৈ ওলাই অহা বনৰীয়া হাতীৰ জাকৰ অকলশৰীয়া হাতীয়ে ৰাম বাহাদুৰ গৌতম নামৰ লোকজন আক্ৰমণ কৰি গুৰুত্বৰভাবে আহত কৰে ৷ আহত লোকজনক চিকিৎসাৰ বাবে টংলা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু ঘটে ৷ উল্লেখ যে জিলা খনত হাতী-মানুহৰ সংঘাতত বৰ্তমানলৈ ১৯ জন লোকে প্ৰাণ হেৰুৱালে যদিও বিটিচি চৰকাৰ আৰু অসম চৰকাৰে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে একো ফলপ্ৰসূ আঁচনি গ্ৰহণ নকৰাত এই হাতী-মানুহৰ সংঘাতে ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.