ওদালগুৰি, 13 এপ্ৰিলঃ সমগ্ৰ দেশজুৰি আই পি এল জ্বৰত আক্ৰান্ত হোৱাৰ সময়তে ওদালগুৰিত চলিছে ওৰাং প্ৰিমিয়াৰ লীগ ৷ ওদালগুৰি জেনিথ্ ক্লাৱৰ উদ্যোগত বিগত বৰ্ষৰ দৰেই এইবাৰো কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ খেলপথাৰত ১৩ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ অনুষ্ঠিত হয় ওৰাং প্ৰিমিয়াৰ লীগ ৷ বিগত চাৰি বছৰ ধৰি ওৰাঙৰ জেনিথ্ ক্লাৱে অনুষ্ঠিত কৰি আহিছে ওৰাং প্ৰিমিয়াৰ লীগ । নতুন খেলুৱৈ সকলৰ মাজত ক্ৰিকেট খেলৰ এখন মঞ্চ প্ৰদান কৰা আৰু খেলাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্য অনুষ্ঠিত হৈছে অ পি এল । ওৰাং প্ৰিমিয়াৰ লীগৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে ১ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা ।
আনহাতে, শনিবাৰে ওৰাং প্ৰিমিয়াৰ লীগৰ শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য তথা জেনিথ্ ক্লাৱৰ সভাপতি অলিন্দ্ৰ কুমাৰ মোছাহাৰীয়ে । অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰঞ্জি ট্ৰফি খেলুৱৈ ৰাজাকুদ্দিন আহমেদ, কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ধৃতিমাণ বৰুৱা, বিজয় শইকীয়া, ৰচি উদ্দিন শইকীয়া আৰু ওৰাং জেনিথ্ ক্লাৱৰ শতাধিক সদস্য ।