ETV Bharat / bharat

প্ৰকৃতিৰ ৰম্যভূমি ভাৰত-চীন সীমান্তৰ নুৰানাং জলপ্ৰপাত - JANG WATERFALL IN TAWANG

১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত নুৰানাং যুদ্ধত ভাৰতীয় সেনাৰ এজন ৰাইফলমেনক সহায় কৰা এগৰাকী মনপা যুৱতী নুৰাৰ নামেৰে এই জলপ্ৰপাতৰ নামকৰণ হৈছে ৷

JANG WATERFALL IN TAWANG
প্ৰকৃতিৰ ৰম্যভূমি ভাৰত-চীন সীমান্তৰ এটা চৰ্চিত জলপ্ৰপাত নুৰানাং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 5:51 PM IST

জং (অৰুণাচল প্ৰদেশ): প্ৰকৃতিৰ ৰম্যভূমি ভাৰত-চীন সীমান্তৰ টাৱাং জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে বছৰৰ সকলো সময়তে । এনে এক আকৰ্ষণীয় ঠাই হৈছে সীমান্তৰ কাষতে থকা ভাৰতৰ হিমালয়ৰ পাদদেশৰ জং । জঙৰ এটি বিখ্যাত জলপ্ৰপাতে সকলোৰে মন মতলীয়া কৰে আৰু ই দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

জং বা নুৰানাং :

প্ৰকৃতিৰ ৰম্যভূমি ভাৰত-চীন সীমান্তৰ এটা চৰ্চিত জলপ্ৰপাত নুৰানাং (ETV Bharat Assam)

জং জলপ্ৰপাত হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত থকা নুৰানাং জলপ্ৰপাতৰ জনপ্ৰিয় নাম । ইয়াক স্থানীয় ভাষাত বং বং জলপ্ৰপাত বুলিও কোৱা হয় । ইয়াৰ উচ্চতা ১০০ মিটাৰ অৰ্থাৎ ৬,০০০ ফুট ৷ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জং জলপ্ৰপাত পাহাৰীয়া জং চহৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত । টাৱাঙৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পূবে চেলা সুৰংগৰ উত্তৰত আৰু ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ ট্ৰেন্স অৰুণাচল ঘাইপথত টাৱাং আৰু বমডিলাৰ মাজত অৱস্থিত জং । ইয়াৰ পৰা সংলগ্ন হৈছে জং হাইডেল প্লাণ্ট ৷ এটা সৰু হাইডেল প্লাণ্ট, য’ত স্থানীয় লোকৰ ব্যৱহাৰৰ বাবে বিদ্যুৎ উৎপাদন হয় ।

নুৰানাং নদীৰ উৎপত্তি হৈছে চেলা পাছৰ উত্তৰ দিশৰ পৰা । জলপ্ৰপাতটো কিছু দূৰ যোৱাৰ পিছতে ই টাৱাং নদীৰ সৈতে এক হৈছে । নুৰানাং নদী আৰু নুৰানাং জলপ্ৰপাতৰ নামকৰণ হৈছে নুৰা নামৰ স্থানীয় মনপা ছোৱালী এজনীৰ নামেৰে (বহুতে "নুৰা" বুলিও কয়), যিয়ে ভাৰতীয় সেনাৰ এজন সৈনিক, ৰাইফলমেন যশৱন্ত সিং ৰাৱাটক ১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত নুৰানাং যুদ্ধত সহায় কৰিছিল । ভাৰতৰ বীৰ সেনা-বাহিনীৰ জোৱানজনক সেই সময়ত চীনৰ পি এল এ বাহিনীয়ে বন্দী কৰিছিল । পাছত তেওঁক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ প্ৰদান কৰা হৈছিল ৷

পৰ্যটক কেন্দ্ৰ:

টাৱাং ভ্ৰমণলৈ যোৱা সকলো পৰ্যটকৰ দলে যেতিয়া টাৱাং ভ্ৰমণ কৰি উভতি আহে সকলোৱে এই ঠাইত সৌন্দৰ্য উপভোগ কৰে । এককথাত ক’বলৈ গ’লে বৰ্তমান বহু লোকে বিভিন্ন চুটি ছবিৰ দৃশ্যগ্রহণৰ লগতে সংগীতৰ দৃশ্যপটৰ বাবে এই স্থানত উপস্থিত হয় । ঠাইখনৰ স্থানীয় মনপা লোকে বন বিভাগৰ সহযোগিতাত উক্ত জলপ্ৰপাতলৈ যোৱা লোকৰ পৰা প্ৰৱেশ মূল্য আদায় কৰে । জলপ্ৰপাতৰ কাষৰ ঠাইত যাতে কোনো লোকে পৰিবেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰে স্থানীয় লোকে ।

জনপ্ৰিয় সংস্কৃতি:

এই জলপ্ৰপাত বেছিকৈ প্ৰচাৰ হয় ১৯৯৭ চনৰ পৰা । অৰুণাচল প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী গেগং আপঙৰ সময়ত এখন বলীউডৰ ছবিৰ দৃশ্যগ্ৰহণৰ পাছত টাৱাং আৰু জং অঞ্চল দেশবাসীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে । ১৯৯৭ চনত বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু শ্বাহৰুখ খান অভিনীত 'কয়লা' চিনেমাখনৰ 'তনহাই তনহাই' শীৰ্ষক গীতটোৰ দৃশ্যগ্ৰহণ ইয়াতেই কৰা হৈছিল ৷ এই ছবিখন মুক্তিৰ পাছতেই নুৰানাং অৰ্থাৎ জং জলপ্ৰপাত চর্চালৈ আহে । পৰৱৰ্তী সময়ত ২০০০ চনত মুক্তি পোৱা অসমীয়া বোলছবি ‘হিয়া দিয়া নিয়া’ৰ ‘মিঠা মিঠা’ নামৰ গীতটোৰো শ্বুটিং ইয়াতেই কৰা হৈছিল ।

লগতে পঢ়ক: অৰুণাচলৰ পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি পখিলা উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.