গুৱাহাটী: আকৌ আহিল বোমাৰে বিমান উৰুৱাই দিয়াৰ ভাবুকি ৷ কেইদিনমানৰ পূৰ্বে কোনো অচিনাক্ত লোকে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰলৈ ফোন কৰি বিমানত বোমা থকা বুলি ভাবুকি দিয়াৰ পিছত শনিবাৰে পুনৰ তেনে এক ভাবুকি আহে ৷
দুষ্কৃতিকাৰীয়ে ফোন যোগে ভয় দেখুৱাই যে চেন্নাইলৈ উৰা মাৰিবলৈ সাজু হৈ থকা 6E 119 নম্বৰৰ ইণ্ডিগ’ বিমানখনত বোমা সংস্থাপন কৰি থোৱা আছে ৷ ফলত স্বাভাৱিকতে হুৱাদুৱা লাগে বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষৰ ৷
বিমানখন বিয়লি চাৰি বজাত গুৱাহাটীৰ পৰা চেন্নাইলৈ উৰা মৰাৰ কথা আছিল । বিমানখনত বোমা থকা বুলি ফোন অহাৰ পিছতেই বিমানখন তন্ন তন্নকৈ পৰীক্ষা কৰে চি আই এছ এফে । কোনো যাত্ৰীকেই উঠিবলৈ দিয়া হোৱা নাই বিমানখনত । অৱশ্যে ঘটনা প্ৰসংগত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিমানবন্দৰ কৰ্তৃপক্ষ আৰু ইণ্ডিগ’ই ।
লগতে পঢ়ক: ইণ্ডিগ'ৰ ১৫ খন বিমানলৈ নিৰাপত্তা সম্পৰ্কীয় এলাৰ্ট