ETV Bharat / state

কাজল ভূঞাৰ কাৰণেই সেই পৰিয়ালটো ধ্বংস হ'ল: ৰমেশ চহৰীয়া

কলাইগাঁৱৰ কাণ্ডত নাম সাঙোৰ খোৱা কোন এই কাজল ভূঞা ? কিয় তেওঁৰ নাম কলাইগাঁৱৰ কাণ্ডৰ স'তে সাঙোৰ খালে ?

author img

By

Published : Jul 11, 2019, 9:45 AM IST

কোন এই কাজল ভূঞা

ওদালগুৰি, ১১ জুলাই :অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কলাইগাঁৱৰ কুলশীপাৰৰ যাদৱ চন্দ্ৰ চহৰীয়াৰ পৰিয়ালে সংঘটিত কৰা ঘটনাত ইজনৰ পাছত সিজনৰ নাম সাঙোৰ খাইছে । ৰাজ্য জোকাৰি যোৱা এই ঘটনাত অভিযুক্ত ৰমেশ চহৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত এইবাৰ নাম ওলাইছে আন এজন তান্ত্ৰিকৰ । তেওঁৰ নাম কাজল ভূঞা ।

কাজল ভূঞাৰ ঘৰ ছিপাঝাৰৰ কদমতলীত । বেজালি কৰিয়েই জীৱন নিৰ্বাহ কৰে ভূঞাই । দৰং আৰক্ষীয়ে তেওঁক বিচাৰি কদমতলীৰ ঘৰলৈ গৈছে যদিও কলাইগাঁৱৰ ঘটনাৰ পাচত যোৱা তিনিদিন ধৰি পলাতক হৈ আছে ভূঞা । ইপিনে , সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা ৰমেশ চহৰীয়াৰ মুখেৰেও ওলাইছে কাজল ভূঞা সম্পৰ্কত কেতবোৰ কথা । ৰমেশ চহৰীয়াৰ ভাষ্য অনুসৰি ঘটনাৰ এসপ্তাহমানৰ আগত ভূঞাই পুলকেশ চহৰীয়াক এটা বৰাহৰ দাঁত দিছিল আৰু সেইটোৰ কাৰণেই পৰিয়ালটোৱে এনে অস্বাভাৱিক আচৰণ কৰিলে । ৰমেশ চহৰীয়াই জানিবলৈ দিয়া মতে প্ৰায় এবছৰৰ পূৰ্বে শিক্ষক যাদৱ চহৰীয়াৰ পৰিয়ালৰ লগত কাজল ভূঞাৰ চা-চিনাকী হৈছিল । ৰমেশ চহৰীয়াই নিতৌ পূজা কৰা মন্দিৰলৈ যাওতে কাজল ভূঞাক পৰিয়ালটোৱে লগ পাইছিল আৰু তেওঁলোকৰ মাজত সু সম্পৰ্ক স্থাপন হৈছিল । ইয়াৰ পাচৰে পৰা কাজল ভূঞাই যাদৱ চহৰীয়াৰ পৰিয়ালক বিধান দিয়া আৰম্ভ কৰিছিল । অন্ধবিশ্বাসে চানি ধৰি থকা শিক্ষকজনৰ পৰিয়ালেও তেতিয়াৰ পৰা ৰমেশ চহৰীয়াৰ উপৰিও তান্ত্ৰিক ভূঞাৰ পৰাও বিভিন্ন সমস্যা সন্দৰ্ভত পৰামৰ্শ লোৱা আৰম্ভ কৰিছিল । শনিবাৰে ঘটনাটো সংঘটিত হোৱাৰ পাচৰে পৰা যাদৱ চহৰীয়াৰ পৰিয়ালে তান্ত্ৰিক ৰমেশ চহৰীয়াক দোষাৰোপ কৰিছে । কিন্তু ৰমেশ চহৰীয়াই আকৌ তেওঁৰেই সহযোগী কাজল ভূঞাৰ গালৈ দায় ঠেলিছে । কিন্তু কি যাদৱ চহৰীয়াৰ পৰিয়াল, কি ৰমেশ চহৰীয়া সকলোৰে কথাৰ আধাৰ কেৱল অলৌকিক ।

ইপিনে শনিবাৰে যাদৱ চহৰীয়াৰ পৰিয়ালক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল । যি ঘটনাত যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ লগতে যাদৱ চহৰীয়া এতিয়াও চিকিৎসাধীন হৈ আছে । ওদালগুৰিৰ জিলা উপায়ুক্তই অতিৰিক্ত জিলা দণ্ডাধীশ তথা ভেৰগাঁৱৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিক এই ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিছে । গুলীচালনাৰ সময়ৰ চাক্ষুক অভিজ্ঞতা থকা কোনো ইচ্ছুক ব্যক্তিয়ে ঘটনাৰ সাক্ষী বা জবানবন্দী দিব বিচাৰিলে ১০ জুলাইৰ পৰা ১২ জুলাইলৈকে দিনৰ ১০ বজাৰ পৰা ১ বজালৈ ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় কক্ষত যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।

Intro:কলাইগাঁও কাণ্ড"ত নাম সাঙোৰ খোৱা কাজল ভূঞা কোন?Body:"কলাইগাঁও কাণ্ড"ত নাম সাঙোৰ খোৱা কাজল ভূঞা কোন?

ওদালগুৰিৰ প্ৰতিবেদকঃ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কলাইগাঁৱৰ কুলচীপাৰৰ যাদৱ চন্দ্ৰ চহৰীয়াৰ পৰিয়ালে সংঘটিত কৰা ঘটনাত নাম সাঙোৰ খাইছে ইজনৰ পাছত সিজনৰ। ৰাজ্য জোকাৰি যোৱা এই ঘটনাত অভিযুক্ত ৰমেশ চহৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ নাম ওলাইছে আন এজন তান্ত্ৰিকৰ। তেওঁ কাজল ভূঞা। কিন্তু এই কাজল ভূঞা কোন? কিয় তেওঁৰ নাম এই ঘটনাৰ সৈতে সাঙোৰ খালে।

জানিব পৰামতে কাজল ভূঞাৰ ঘৰ চিপাঝাৰৰ কদমতলীত। বেজালি কৰিয়েই জীৱন নিৰ্বাহ কৰে ভূঞাই। দৰং আৰক্ষীয়ে তেওঁক বিচাৰি কদমতলীৰ ঘৰলৈ গৈছে যদিও কলাইগাঁৱৰ ঘটনাৰ পাছত যোৱা তিনিদিন ধৰি পলাতক হৈ আছে লোকজন।

ইপিনে, সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা ৰমেশ চহৰীয়াৰ মুখেৰেও ওলাইছে কাজল ভূঞা সম্পৰ্কত কেতবোৰ কথা।

"কাজল ভূঞাৰ কাৰণেই সেই পৰিয়ালটো ধ্বংস হ'ল। ঘটনাৰ এসপ্তাহমানৰ আগত তেওঁ পুলকেশ চহৰীয়াক এটা বৰা (গাহৰি)ৰ দাঁত দিছিল। সেইটোৰ কাৰণেই পৰিয়ালটোৱে এনে অস্বাভাৱিক আচৰণ কৰিলে", সাংবাদিকৰ আগত ৰমেশ চহৰীয়াই কয়।

ৰমেশ চহৰীয়াই জানিবলৈ দিয়া মতে প্ৰায় এবছৰৰ পূৰ্বে শিক্ষক যাদৱ চহৰীয়াৰ পৰিয়ালৰ লগত কাজল ভূঞাৰ চা-চিনাকী হৈছিল। ৰমেশ চহৰীয়াই নিতৌ পূজা কৰা মন্দিৰলৈ যাওতে কাজল ভূঞাক পৰিয়ালটোৱে লগ পাইছিল আৰু তেওঁলোকৰ মাজত সু সম্পৰ্ক স্থাপন হৈছিল।

ইয়াৰ পাছৰে পৰা কাজল ভূঞাই যাদৱ চহৰীয়াৰ পৰিয়ালক বিধান দিয়া আৰম্ভ কৰিছিল। অন্ধবিশ্বাসে চানি ধৰি থকা শিক্ষকজনৰ পৰিয়ালেও তেতিয়াৰ পৰা ৰমেশ চহৰীয়াৰ উপৰিও তান্ত্ৰিক ভূঞাৰ পৰাও বিভিন্ন সমস্যা সন্দৰ্ভত পৰামৰ্শ লোৱা আৰম্ভ কৰিছিল।

উল্লেখ্য যে, শনিবাৰে ঘটনাটো সংঘটিত হোৱাৰ পাছৰে পৰা যাদৱ চহৰীয়াৰ পৰিয়ালে তান্ত্ৰিক ৰমেশ চহৰীয়াক দোষাৰোপ কৰি আছে। কিন্তু ৰমেশ চহৰীয়াই আকৌ তেওঁৰেই সহযোগী কাজল ভূঞাৰ গালৈ দায় ঠেলিছে। কিন্তু কি যাদৱ চহৰীয়াৰ পৰিয়াল, কি ৰমেশ চহৰীয়া সকলোৰে কথাৰ আধাৰ কেৱল অলৌকিক।

ইপিনে শনিবাৰে যাদৱ চহৰীয়াৰ পৰিয়াল কৰায়ত্ব কৰিবলৈ অৱশেষত আৰক্ষীয়ে গুলিচালনা কৰিবলগীয়া হৈছিল। যি ঘটনাত যাদৱ চহৰীয়াৰ পুত্ৰ পুলকেশৰ পাছত চিকিৎসালয়ত মৃত্যু হোৱাৰ উপৰিও যাদৱ চহৰীয়া এতিয়াও চিকিৎসাধীন হৈ আছে। ওদালগুৰিৰ জিলা জিলা উপায়ুক্তই অতিৰিক্ত জিলা দণ্ডাধীশ তথা ভেৰগাঁৱৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিক এই ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিছে। গুলিচালনাৰ সময়ৰ চাক্ষুক অভিজ্ঞতা থকা কোনো ইচ্ছুক ব্যক্তিয়ে ঘটনাৰ সাক্ষী বা জবানবন্দী দিব বিচাৰিলে ১০ জুলাইৰ পৰা ১২ জুলাইলৈ দিনৰ ১০ বজাৰ পৰা ১ বজালৈ ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় কক্ষত যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.