ETV Bharat / state

Non Teaching staff protest: পবিত্ৰ শিক্ষক দিৱসৰ দিনাই প্ৰাপ্যৰ দাবীত ওৰাঙত আন্দোলনত নামিল মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰী - কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়

অসম স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰীৰ ক্ষোভ । প্ৰাদেশিকীকৰণৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত প্ৰাদেশিকীকৃত হোৱা ৩৩খন মহাবিদ্যালয়ৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । শিক্ষক দিৱসৰ পবিত্ৰ দিনটোতে আন্দোলনত নামিল ওদালগুৰি জিলাৰ ওৰাং কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক-কৰ্মচাৰী । হাতে-হাতে প্লেকাৰ্ড লৈ তিনিদিনীয়া কৰ্মবিৰতি কৰ্মচাৰীৰ । সমস্যা সমাধানৰ আশ্বাস বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ নিলুৎ স্বৰ্গীয়াৰীৰ

Non Teaching staff protest
অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:24 PM IST

অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ

ৰৌতা,৫ ছেপ্টেম্বৰ: পবিত্ৰ শিক্ষক দিৱসৰ দিনাই ওদালগুৰি জিলাত প্ৰাপ্যৰ দাবীত আন্দোলন বহিল অনা-শিক্ষক কৰ্মচাৰী । চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ কৰি নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু ভাট্টা প্ৰদানৰ দাবী অসম স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ । ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা বলবৎ হোৱাকৈ অসমৰ ৩৩ খন প্ৰাদেশীকৃত স্নাতক মহাবিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য ভাট্টা নিয়মীয়া হাৰত প্ৰদানৰ দাবীত তিনিদিনীয়া কৰ্মবিৰতি পালনৰ সিদ্ধান্ত লৈছে স্নাতক মহাবিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কৰ্মচাৰীসকলে ।

উল্লেখ্য যে, প্ৰাদেশীকৃত হোৱাৰ পিচত ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ এইসকল অনা-শিক্ষক কৰ্মচাৰীয়ে আজি পৰ্যন্ত নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত পোৱা নাই কোনো সা-সুবিধা তথা দৰমহা । অনা-শিক্ষক কৰ্মচাৰীক বিভিন্ন সা-সুবিধাৰ পৰা চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰীসকলে । নিয়মীয়া কৰ্মচাৰীসকলে পোৱা সা-সুবিধাসমূহ দিয়াৰ পৰিৱৰ্তে প্ৰাদেশিকীকৃত স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীসকলক ফিক্স পে’ পদ্ধতিৰে দৰমহা প্ৰদান কৰি আছে চৰকাৰে । যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে এতিয়া ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ ।

আজি শিক্ষক দিৱসৰ দিনাই হাতে-হাতে প্লেকাৰ্ড লৈ মহাবিদ্যালয়ৰ চৌহদত কৰ্মবিৰতি পালন কৰে এইসকল অনা-শিক্ষক কৰ্মচাৰীয়ে । নিয়মীয়া শিক্ষক-কৰ্মচাৰীসকলৰ দৰে সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় এইসকল বঞ্চিত কৰ্মচাৰীয়ে । অন্যথা আন্দোলন আৰু তীব্ৰতৰ কৰাৰ হুংকাৰ তেওঁলোকৰ । চৰকাৰে শীঘ্ৰে তেওঁলোকৰ দাবী মানি নল’লে সমূহীয়া আত্মজাহৰো হুংকাৰ দিয়ে ওৰাং মহাবিদ্যালয়ৰ বঞ্চিত কৰ্মচাৰীয়ে । ইফালে আন্দোলন কাৰ্যসূচী চলি থকা সময়ত আন্দোলনস্থলীত উপস্থিত হয় বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ নিলুৎ স্বৰ্গীয়াৰী । স্বৰ্গীয়াৰীয়ে বঞ্চিত কৰ্মচাৰীৰ হৈ দুখ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই সমস্যা সমাধানৰ বাবে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে অসম চৰকাৰৰ লগত আলোচনাৰ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক: Teachers Day : শিক্ষক দিৱসৰ উপহাৰ; ৩৬ মনোনীত কৃতী শিক্ষাগুৰুক ৰাজ্যিক বঁটা প্ৰদান চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.