ওদালগুৰি, 11 জুন : ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰুতলিপিত ভুল কৰিলে ৷ সেয়ে শিক্ষকে দিলে অমানৱীয় শাস্তি ৷ ওদালগুৰিৰ বিষ্ণুৰাভা স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ত বিদ্যালয়খনৰ শিক্ষক বিনন ডেকাই শ্ৰুতলিপি লিখিব নোৱৰাৰ বাবেই ছাত্ৰ - ছাত্ৰীক আঁঠু কঢ়াই মাটি চেলেকিবলৈ বাধ্য কৰায় ৷ শনিবাৰে বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীসকলে শ্ৰুতলিপি লিখিব নোৱৰাৰ বাবেই এই অমানবীয় শাস্তি প্ৰদান কৰে শিক্ষকজনে ৷
উল্লেখ্য যে, ৬ মাহ পূৰ্বেও একেখন বিদ্যালয়ৰ বীৰেন বড়ো নামৰ এজন শিক্ষকে পাঁচগৰাকী ছাত্ৰীক বাঁহৰ খুটাৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ কিন্তু সেই ঘটনাক অমানৱীয় বুলি কোৱা বিনন ডেকাই মঙলবাৰে এনে এক কাণ্ড সংঘটিত কৰে ৷ এগৰাকী শিক্ষকে আইন অৱজ্ঞা কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা অমানৱীয় শাস্তিৰ ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷