ওদালগুৰি,17 জুলাইঃ মঙলবাৰে ওদালগুৰি হৰিশিঙাৰ কাহিবাৰীত থকা ভোল্লা নদী পাৰ হ'বলৈ লওতে নদীৰ প্ৰৱল সোঁতে উটোৱাই নিয়া ফুংখা বসুমতাৰীৰ ( ১৪) মৃতদেহ বুধবাৰে এছ ডি আৰ এফে উদ্ধাৰ কৰিব সক্ষম হয় । এছ ডি আৰ এফৰ দলটোৱে পুৱা ১১ বজাৰ পৰা নদীখনত অভিযান চলাই ঘটনাস্থলীৰ পৰা প্ৰায় ২ কিলো মিটাৰ নিলগৰ কয়াবিলৰ পৰা ৰাইজৰ সহযোগত উদ্ধাৰ কৰে মৃতদেহটো । আনহাতে নদীৰ সোঁতত উটি যোৱা আন এজন ছাত্ৰ ক্লেনিজ বসুমতাৰীক (১৯) এতিয়াও উদ্ধাৰ কৰিব সক্ষম হোৱা নাই দলটোৱে। অৱশ্যে এছ ডি আৰ এফৰ দলটোৱে এতিয়াও অভিযান অব্যাহত ৰাখিছে নদীখনত।
উল্লেখ্য যে মঙলবাৰে আবেলি প্ৰায় ৩ বজাত হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ক্লেনিজ বসুমতাৰী আৰু ডাইমণ্ড ইংলিছ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ফুংখা বসুমতাৰীয়ে আন কেইজনমান বন্ধুৰ সৈতে নদীখন পাৰ হ'বলৈ যাওতেই নদীৰ সোঁতে উটুৱাই নিছিল দুয়োজনক৷
লগতে পঢ়কঃ জনীয়াত বাঢ়নী পানীত উটি গ'ল 5 বছৰীয়া শিশু