ৰৌতা, ২৭ আগষ্ট: ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমত ১৪ খন আসনৰ ভিতৰত কংগ্ৰেছ আৰু বিজেপিয়ে কিমানখন লাভ কৰিব পাৰিব সেই লৈ দুয়োটা দলৰ নেতাসকলৰ মাজত আৰম্ভ হৈছে বাক্ যুদ্ধ । আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৯ খন আসন পোৱাৰ দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ এই দাবী শুদ্ধ হ'লে মৃণাল শইকীয়াই বিধায়ক পদ এৰি দিব বুলি পত্ৰ লিখি এক প্ৰকাৰ মুকলি প্ৰত্যাহ্বান জনাইছে । মৃণাল শইকীয়াৰ পিছত এইবাৰ মুখ খুলিছে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই ।
মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ কয় যে, ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা হ'লে কংগ্ৰেছে পাব পাৰে মাত্ৰ এখন আসন । ওদালগুৰিৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি আয়োজিত এখন সভাৰ পিচতেই তেওঁ সংবাদ মাধ্য়মৰ আগত এইদৰে মন্তব্য় কৰে ।
তেওঁ কয়, "ভূপেন বৰাৰ কংগ্ৰেছ দলে পাব পাৰে মাত্ৰ এখন আসন । ধুবুৰীও নাপায়, নগাঁও পোৱাৰ সম্ভাৱনা নাই । যদিহে কংগ্ৰেছ-এআইইউডিএফ একলগ হৈ ভাল প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে কৰিমগঞ্জ আসনখন পাব পাৰে কংগ্ৰেছে । আৰু যদি বেলেগে বেলেগে খেলে এখনো আসন নাপায় কংগ্ৰেছে ।"
ওদালগুৰিৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি সভাত উপস্থিত হৈ এইদৰে কংগ্ৰেছক কটাক্ষ কৰে সাংসদ দিলীপ শইকীয়াই । ইফালে, দৰং-ওদালগুৰি আসনৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতক লৈ সৰৱ হৈছে সাংসদ দিলীপ শইকীয়া । এই প্ৰসংগত তেওঁ কয়, "প্ৰাৰ্থীত্ব বিচৰাৰ অধিকাৰ সকলোৰে আছে । তাতে আপত্তি কৰিবলগীয়া নাই । দলে সিদ্ধান্ত ল'ব, যাৰ জয়ী হোৱাৰ সম্ভাৱনা বেছি দলে তাকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব ।"
লগতে পঢ়ক: zinc sulfate seized in Barpeta:বৰপেটা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিনামূলীয়া জিংক ছালফেট