ওদালগুৰি, ৩ মাৰ্চ: ওদালগুৰিৰ ধনশ্ৰী ঘাটত দেওবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী গ্লেমাৰ বাইকৰ খুন্দাত নিহত হ'ল ১২ বছৰীয়া শিশু ।
প্ৰাপ্ত তথ্য অনুসৰি ওদালগুৰিৰ ধনশ্ৰী ঘাটত তীব্ৰবেগী এ এছ ১২ আৰ ৬৯৫৬ নম্বৰৰ গ্লেমাৰ বাইক এখনে নিয়ন্ত্ৰণ হেৰুৱাই ১২ বছৰীয়া শিশু এটাক মহতিয়াই নিয়ে । এই দুৰ্ঘটনাটোৰ ফলত মটৰ চাইকেল আৰোহী জনো গুৰুত্বৰভাবে আহত হয় । পৰৱৰ্তী সময়ত স্থানীয় লোকে আহত মটৰ চাইকেল আৰোহী জন আৰু আহত শিশুটিক প্ৰাথমিক চিকিৎসাৰ বাবে ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দলৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসালয়ত চিকিৎসকে শিশুটি মৃত বুলি ঘোষণা কৰে । আনহাতে দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা মটৰ চাইকেল আৰোহী জনৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জানিব পৰা গৈছে ।