ETV Bharat / state

বিটিচিত বিপিএফৰে মিত্ৰতা অস্বীকাৰ বিজেপিৰ

author img

By

Published : Jul 16, 2020, 2:13 PM IST

কেন্দ্ৰ আৰু ৰাজ্যিক স্তৰতহে আছে বিজেপি আৰু বিপিএফৰ মাজত বুজাবুজি ৷

BJP decline to alliance with BPF
বিটিচিত বিপিএফৰে মিত্ৰতা অস্বীকাৰ বিজেপিৰ

কলাইগাঁও, 16 জুলাই : বিপিএফ দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বিটিচিত বিজেপি দলৰ সৈতে মিত্ৰতা আছে বুলি দাবী কৰাৰ সময়তে বিজেপি দলে এই কথা অস্বীকাৰ কৰিছে । মঙলবাৰে কলাইগাঁৱত বানপানী পৰিদৰ্শন কৰিবলৈ আহি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বিটিচিত দলৰ লগত মিত্ৰতাৰ কথা অস্বীকাৰ কৰে ৷

সাংসদ শইকীয়াই কয় যে, বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে অকলেই প্ৰতিদন্দিতা কৰিব । বিটিচিৰ নিৰ্বাচনত কোনো দলৰ সৈতে বিজেপিৰ বুজাবুজি নাই । বিটিচিবাসী ৰাইজৰ স্বাৰ্থত দলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷ শইকীয়াই মতে বিজেপি দলৰ সিদ্ধান্ত অনুসৰি কেন্দ্ৰ আৰু ৰাজ্যিক স্তৰতহে এই বুজাবুজি আছে । বিটিচি পৰিষদীয় নিৰ্বাচনত এই বুজাবুজি নাই । সাংসদ শইকীয়াৰ এই মন্তব্যৰ পিছতে বিপিএফ দলৰ প্ৰতিক্ৰিয়া হ'ব লক্ষ্যনীয় ।

লগতে পঢ়ক : ভূটানত নিৰ্মাণৰত জলবিদ্যুৎ প্ৰকল্প অভিশাপ হ'ব পাৰে নামনি অসমলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.