ETV Bharat / state

ফেচবুক প্ৰেম,প্ৰতাৰণা আৰু আত্মহত্যাৰ চেষ্টা যুৱতীৰ

প্ৰেমিকৰ মন সলনি হৈ বিয়া পাতিবলৈ অমান্তি হোৱাত পোহৰলৈ আহে সকলো সত্য ৷ পূৰ্বতে বিয়া পতা আতাউৰ ৰহমান কিন্তু থমকি নৰ'ল যুৱতীৰ প্ৰেমত ৷ বিবাহিত  আতাউৰৰ লগত পুনৰ বিয়াত বহিবলৈ মান্তি হয় যুৱতীগৰাকী ৷ আনহাতে আতাউৰেও গুৱাহাটীৰ নয়নপুৰৰ ভাড়াঘৰত ৰাখে প্ৰেমিকাক ৷

ফেচবুক প্ৰেম, প্ৰতাৰণা আৰু আত্মহত্যাৰ চেষ্টা যুৱতীৰ
author img

By

Published : May 25, 2019, 8:00 AM IST

ওদালগুৰি,25 মেঃ ফেচবুক প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ ওদালগুৰি আৰক্ষী থানাত চাকৰি সূত্ৰে কৰ্মৰত লখিমপুৰৰ আতাউৰ ৰহমান নামৰ যুৱকজনে দুবছৰ পূৰ্বে ফেচবুকত চিনাকী হয় বাইহাটা চাৰিআলিৰ এগৰাকীৰ যুৱতীৰ সৈতে। প্ৰথমে প্ৰেম তাৰ পিচতে যুৱকক বিয়াৰ প্ৰস্তাব দিয়ে যুৱতীগৰাকীয়ে ৷

ফেচবুক প্ৰেম, প্ৰতাৰণা আৰু আত্মহত্যাৰ চেষ্টা যুৱতীৰ

কিন্তু প্ৰেমিকৰ মন সলনি হৈ বিয়া পাতিবলৈ অমান্তি হোৱাত পোহৰলৈ আহে সকলো সত্য ৷ পূৰ্বতে বিয়া পতা আতাউৰ ৰহমান কিন্তু থমকি নৰ'ল যুৱতীৰ প্ৰেমত, চলাই গ'ল প্ৰেম ৷ কিন্তু সকলো জানিও তাৰমাজতে বিবাহিত আতাউৰৰ লগত পুনৰ বিয়াত বহিবলৈ মান্তি হয় যুৱতীগৰাকী ৷ আনহাতে আতাউৰেও গুৱাহাটীৰ নয়নপুৰৰ ভাড়াঘৰত ৰাখে প্ৰেমিকাক ৷ এনেতে প্ৰেমিকৰ মন সলনি হৈ প্ৰেমিকাক বিয়া নাপাতো বুলি জনায় ৷ প্ৰেমিকৰ এই সিদ্ধান্ত শুনি ওদালগুৰি আহি ওলাই আতাউৰৰ প্ৰেমিকা ৷ ওদালগুৰি ৰেল ষ্টেচনতে প্ৰেমিকৰ লগত তৰ্কত লিপ্ত হয় প্ৰেমিকা লগতে ইমানতে শান্ত নাথাকি হাৰপিক খাই আত্মহত্যাৰ চেষ্টা কৰে যুৱতীগৰাকীয়ে ৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আতাউৰক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়াৰ লগতে যুৱতীগৰাকীক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বৰ্তমান সংকটমুক্ত যুৱতীগৰাকী ৷

Intro:ফেচবুক প্ৰেমৰ ভয়ানক পৰিণতি ওদালগুৰি। ফেচবুকত চিনাকি হৈ প্ৰেম কৰি প্ৰতাৰিত হোৱা যুৱতীৰ ওদালগুৰি ৰেল ষ্টেচনতে আত্মহত্যাৰ চেষ্টা।

Body:

এইজন জন যুৱকৰ নাম আতাউৰ ৰহমান। অসম আৰক্ষীৰ জোৱান এই আতাউৰ ৰহমান। ওদালগুৰি আৰক্ষী থানাত চাকৰি সূত্ৰে কৰ্মৰত এই যুৱক জনৰ ঘৰ লক্ষীমপুৰত। দুবছৰ পূৰ্বে ফেচবুকত যুৱক জনে চিনাকি হৈছিল বাইহাটা চাৰিআলিৰ এগৰাকীৰ যুৱতীৰ সৈতে। তেনেকৈ প্ৰেমৰ আৰম্ভণি হল দুয়োজনৰ মাজত। কিন্তু তাৰ কিছুদিন পিছতে পোহৰলৈ আহিল ভয়ংকৰ সত্য । পূৰ্বতে বিয়া পাতি থৈছে এই যুৱক জনে। কিন্তু প্ৰেমত অন্ধ যুৱতীয়ে গৰাকীয়ে বিবাহিত বুলি জনা পিছতো সিদ্ধান্ত ললে যুৱক জনৰ লগতে বিয়াত বহাৰ। তেনেকৈ চলি থাকিল প্ৰেম। আতাউৰে
গুৱাহাটীৰ নয়নপুৰত ভাড়া কৰি ৰাখিলে যুৱতী জনক। কিন্তু মন যেন সলনি হল আতাউৰৰ । প্ৰেমিকাক বিয়া নাপাতো বুলি জনালে আতাউৰে। আৰু তাৰ পিছতে ওদালগুৰিত আহি ওলাল আতাউৰৰ প্ৰেমিকা। ওদালগুৰি ৰেল ষ্টেচনত দুয়ো লগ হোৱাৰ মাজতে তৰ্কত লিপ্ত হল দুয়ো। আৰু ইয়াৰ পিছতে হাৰপিক খাই আত্মহত্যাৰ চেষ্টা কৰিলে যুৱতী গৰাকীয়ে। অৱশেষত ঘটনাৰ বিষয়ে গম পাই প্ৰত্যক্ষদর্শীয়ে যুৱতী গৰাকীক উদ্ধাৰ প্ৰেৰণ কৰে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ। ঘটনাৰ পিছতে যুৱক জনে পলাবলৈ চেষ্টা কৰে যিদিও স্থানীয় লোকে কৰায়ক্ত কৰে যুৱক জনক। বৰ্তমান যুৱতী গৰাকী ওদালগুৰি অসামৰিক চিকিৎসায়ত চিকিৎসাধীন হৈ থকা যুৱতী গৰাকী সংকট মুক্ত বাকী জানিব পৰা গৈছে। আনহাতে যুৱতী গিৰাকীৰ পৰা এখন ছুইছাইত নোটও উদ্ধাৰ কৰে আৰক্ষীয়ে । চুইছাত নোট খনত যুৱতী গৰাকীয়ে স্পষ্টভাবে দোষাৰোপ কৰিছে যুৱক জনৰ। এতিয়া আৰক্ষীৰ জোৱান এজনৰ প্ৰতাৰণাৰ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰা চেষ্টা কৰা ঘটনাই ওদালগুৰিত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল‍্যৰ

Byte - Back T. Shirt- অভিযুক্ত
Byte 2- প্ৰত্যক্ষদর্শী

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.